--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দশোদিশে গুলী-বাৰুদ, বোমাবৰ্ষণ। ইউক্ৰেইনৰ নাগৰিকৰ লগতে আবদ্ধ ভাৰতীয়ৰ হাহাকাৰ। উদ্ধাৰকাৰ্যত অহৰ্নিশে নিয়োজিত হৈ আছে উদ্ধাৰকাৰীৰ লগতে ভাৰতীয় বায়ুসেনা। ৰাছিয়াৰ আক্ৰমণত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে এগৰাকী ভাৰতীয় ছাত্ৰই। ষ্ট্ৰোক আক্ৰান্ত আন এগৰাকী ভাৰতীয় ছাত্ৰ নিহত হোৱাৰ পাছত পুনৰ আহে এক দুৰ্ভাগ্যজনক খবৰ। গুলীৰে থকাসৰকা হয় ভাৰতীয় ছাত্ৰ হৰজ্যোৎ সিং। কিয়েভৰ চিকিৎসালৰ বিছনাৰ পৰা উদ্ধাৰকাৰী বিমানত উঠিবলৈ ৭০০ কিমি বাট আহিব লাগিব গুলীবিদ্ধ হৰজ্যোৎ। কিয়েভত গুলীবিদ্ধ হোৱা হৰজ্যোতক ইউক্ৰেইনৰ ৰাজধানী চহৰখনৰ পৰা ৭০০ কিমি দূৰৰ সীমান্তৰ ট্ৰানজিট পইণ্টলৈ গাড়ীৰে লৈ অনা হৈছিল। ৰুছ সেনাৰ গুলীবৰ্ষণৰ মাজেৰে যুদ্ধবিধ্বস্ত ইউক্ৰেইন ত্যাগ কৰিবলৈ হৰজ্যোৎ আহিবলগীয়া হৈছিল স্থলপথেৰে। ৰাছিয়াই এয়াৰ ষ্ট্ৰাইক আৰম্ভ কৰাৰ পাছৰেপৰা ইউক্ৰেইনে বন্ধ কৰিছে আকাশমাৰ্গ। যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ স্থলপথো অগম্য! ধ্বংসস্তূপ আৰু গুলী-বাৰুদ নেওচি গাড়ীচালকজনে ৭০০কিমি পথ অতিক্ৰম কৰি হৰজ্যোতক লৈ আহিল পোলেণ্ড সীমান্তত ৰৈ থকা ভাৰতীয় বায়ুসেনাৰ উদ্ধাৰকাৰী বিমানলৈ। ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে গাড়ীচালকজনৰ ভূয়সী প্ৰশংসা কৰে। যুদ্ধৰ বিভীষিকাৰ মাজেৰে আঘাতপ্ৰাপ্ত ভাৰতীয় ছাত্ৰজনক ইউক্ৰেইন পাৰ কৰোঁৱা বাবে টুইটাৰযোগে ভাৰতীয় দূতাবাসে গাড়ীচালকজনৰ শলাগ লয়। উল্লেখ্য যে, অন্য ভাৰতীয়সহ গুলীবিদ্ধ ছাত্ৰ হৰজ্যোৎ সিঙক ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানেৰে পোলেণ্ডৰ পৰা উদ্ধাৰ কৰা হয়। সোমবাৰে সন্ধিয়া দিল্লীত অৱতৰণ কৰে বিমানখনে। ভাৰতে ৰোমানিয়া, পোলেণ্ড, হাংগেৰী, শ্লোভাকিয়া আৰু মালডোভাৰ পৰা ইউক্ৰেইনত আবদ্ধ ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ কৰি আছে। 'অপাৰেশ্যন গংগা'ৰ জৰিয়তে ভাৰতে এতিয়ালৈ ৮৩খন বিমানেৰে ১৭ হাজাৰৰো অধিক লোকক দেশলৈ নিৰাপদে ওভটাই আনিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ