--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দশোদিশে গুলী-বাৰুদ, বোমাবৰ্ষণ। ইউক্ৰেইনৰ নাগৰিকৰ লগতে আবদ্ধ ভাৰতীয়ৰ হাহাকাৰ। উদ্ধাৰকাৰ্যত অহৰ্নিশে নিয়োজিত হৈ আছে উদ্ধাৰকাৰীৰ লগতে ভাৰতীয় বায়ুসেনা। ৰাছিয়াৰ আক্ৰমণত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে এগৰাকী ভাৰতীয় ছাত্ৰই। ষ্ট্ৰোক আক্ৰান্ত আন এগৰাকী ভাৰতীয় ছাত্ৰ নিহত হোৱাৰ পাছত পুনৰ আহে এক দুৰ্ভাগ্যজনক খবৰ। গুলীৰে থকাসৰকা হয় ভাৰতীয় ছাত্ৰ হৰজ্যোৎ সিং। কিয়েভৰ চিকিৎসালৰ বিছনাৰ পৰা উদ্ধাৰকাৰী বিমানত উঠিবলৈ ৭০০ কিমি বাট আহিব লাগিব গুলীবিদ্ধ হৰজ্যোৎ। কিয়েভত গুলীবিদ্ধ হোৱা হৰজ্যোতক ইউক্ৰেইনৰ ৰাজধানী চহৰখনৰ পৰা ৭০০ কিমি দূৰৰ সীমান্তৰ ট্ৰানজিট পইণ্টলৈ গাড়ীৰে লৈ অনা হৈছিল। ৰুছ সেনাৰ গুলীবৰ্ষণৰ মাজেৰে যুদ্ধবিধ্বস্ত ইউক্ৰেইন ত্যাগ কৰিবলৈ হৰজ্যোৎ আহিবলগীয়া হৈছিল স্থলপথেৰে। ৰাছিয়াই এয়াৰ ষ্ট্ৰাইক আৰম্ভ কৰাৰ পাছৰেপৰা ইউক্ৰেইনে বন্ধ কৰিছে আকাশমাৰ্গ। যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ স্থলপথো অগম্য! ধ্বংসস্তূপ আৰু গুলী-বাৰুদ নেওচি গাড়ীচালকজনে ৭০০কিমি পথ অতিক্ৰম কৰি হৰজ্যোতক লৈ আহিল পোলেণ্ড সীমান্তত ৰৈ থকা ভাৰতীয় বায়ুসেনাৰ উদ্ধাৰকাৰী বিমানলৈ। ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে গাড়ীচালকজনৰ ভূয়সী প্ৰশংসা কৰে। যুদ্ধৰ বিভীষিকাৰ মাজেৰে আঘাতপ্ৰাপ্ত ভাৰতীয় ছাত্ৰজনক ইউক্ৰেইন পাৰ কৰোঁৱা বাবে টুইটাৰযোগে ভাৰতীয় দূতাবাসে গাড়ীচালকজনৰ শলাগ লয়। উল্লেখ্য যে, অন্য ভাৰতীয়সহ গুলীবিদ্ধ ছাত্ৰ হৰজ্যোৎ সিঙক ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানেৰে পোলেণ্ডৰ পৰা উদ্ধাৰ কৰা হয়। সোমবাৰে সন্ধিয়া দিল্লীত অৱতৰণ কৰে বিমানখনে। ভাৰতে ৰোমানিয়া, পোলেণ্ড, হাংগেৰী, শ্লোভাকিয়া আৰু মালডোভাৰ পৰা ইউক্ৰেইনত আবদ্ধ ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ কৰি আছে। 'অপাৰেশ্যন গংগা'ৰ জৰিয়তে ভাৰতে এতিয়ালৈ ৮৩খন বিমানেৰে ১৭ হাজাৰৰো অধিক লোকক দেশলৈ নিৰাপদে ওভটাই আনিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন