--°C
Loading...
Listen to Article
2 min read
80%

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ কুপ্ৰভাৱ ভাৰততো

ডিজিটেল ডেস্ক : অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ প্ৰাণান্তক সংঘাত। লক্ষ লক্ষ মানুহৰ হা-হুমুনিয়াহে এতিয়া ইউক্ৰেইনৰ আকাশত ভিৰ কৰিছে। ৰাছিয়াৰ ভয়ংকৰ সামৰিক আগ্ৰাসন আৰু ধ্বংসলীলাই ত্ৰাহি মধুসূদন দেখুৱাইছে ভ’ল’ডিমিৰি জেলেনস্কিৰ দেশখনক। ইয়াৰ প্ৰভাৱ পৰিছে সমগ্ৰ বিশ্বজুৰি। ইউক্ৰেইনৰ-ৰাছিয়াৰ যুদ্ধই দুয়োখন দেশক অৰ্থনৈতিকভাৱে ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰি তুলিছে। তাৰ সমান্তৰালভাৱে এতিয়া সমগ্ৰ বিশ্বতে এই যুদ্ধৰ কুপ্ৰভাৱ পৰাৰ সম্ভৱনা স্পষ্ট হৈ পৰিছে। বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ব্যাপকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বতে অত্যাৱশ্যকীয় ইন্ধন পেট্ৰ’লৰ লগতে ডিজেলৰ দাম বৃদ্ধি পোৱাৰ আশংকা স্পষ্ট হৈ পৰিছে। ব্যতিক্ৰম হোৱা নাই ভাৰতৰ ক্ষেত্ৰতো। মঙলাবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত খাৰুৱা তেলৰ দাম বৃদ্ধিক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। তেওঁ লগতে কৈছিল যে, কেন্দ্ৰীয় চৰকাৰে এতিয়া বিকল্প উৎসৰ পৰা তেল আহৰণ কৰাৰ কথা চিন্তা-চৰ্চা কৰি আছে। কৰ্ণাটকত বিজেপিৰ এটা অনুষ্ঠানত তেওঁক সোধা হৈছিল যে, খাৰুৱা তেলৰ দাম বৃদ্ধি আৰু ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই ভাৰতীয় অৰ্থনীতিটো প্ৰভাৱ পেলাব নেকি? তাৰ উত্তৰত তেওঁ কোৱা কথাখিনি বিশেষভাৱে তাৎপৰ্যপূ্ৰ্ণ। তেওঁ কৈছিল যে, ই নিশ্চয়কৈ ভাৰতীয় অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাব। আমি ইয়াৰ সৈতে মোকাবিলা কৰাৰ বাবে ইয়াক এটা প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছোঁ। উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম ১৩০ডলাৰলৈ বৃদ্ধি পাইছে। সেই হিচাপে ভাৰতীয় তেলৰ বজাৰত ইয়াৰ প্ৰভাৱ কি হ’ব সেয়া অনুমান কৰা হৈছে। এই অনুমান অনুসৰি বৰ্তমানৰ তেলৰ দামৰ তাৰতম্যৰ সৈতে তুলনা কৰিলে ব্যাপক হাৰত ভাৰতৰ পেট্ৰ্’ল-ডিজেলৰ দাম বঢ়াৰ সম্ভাৱনা আছে। এটা তুলনামূলক পৰিসংখ্যাত দেখা গৈছে যে, ভাৰতত পেট্ৰ’লৰ দাম ১৫০টকাৰো অধিক হোৱাৰ আশংকা আছে। একেদৰে ডিজেলৰ দাম ১১০টকাৰো অধিক হোৱাৰ আশংকা আছে। ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম হৈছে ১৩০ডলাৰ। ভাৰতীয় মু্দ্ৰাৰ একচেঞ্জ ৰেট হৈছে ৭৬.৯৭ডলাৰ। ভাৰতীয় মুদ্ৰাত খাৰুৱা প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম হৈছে ১০,০০৫ টকা। ১ বেৰেল খাৰুৱা তেল মানে হৈছে ১৫৯লিটাৰ। প্ৰতি লিটাৰ খাৰুৱা তেলৰ দাম হৈছে ৬২.৯২টকা। প্ৰাথমিক অ’এমচি খৰচৰ হিচাপ—১৩০ডলাৰ প্ৰতি বেৰেল হিচাপত প্ৰতিলিটাৰ খাৰুৱা তেলৰ দাম ৬২.৯১টকা। প্ৰতিলিটাৰ তেলৰ বিভিন্ন স্তৰৰ শোধনকাৰ্যৰ খৰচ হৈছে ১০.২২টকা, পেট্ৰ’ল পাম্পলৈ পঠিওৱাৰ সময়ত প্ৰতিলিটাৰ শোধিত পেট্ৰ’লৰ দাম ৭৩.১৪টকা। এই শোধিত তেলৰ ওপৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিভিন্ন কৰ আৰোপ কৰে। এই কৰৰ পৰিমাণ হৈছে প্ৰতিলিটাৰ ডিজেলত ২১.৮টকা আৰু তাৰ উপৰি পেট্ৰ’ল পাম্প ডিলাৰলৈ আগবঢ়োৱা কমিছন হৈছে ২.৬টকা। এই সকলো মিলি প্ৰতি লিটাৰ ডিজেলৰ দাম হয়গৈ ৯৭.৫৪টকা। তাৰ ওপৰত আৰোপিত ভেট হৈছে ১২.৬৫টকা। অৰ্থাৎ প্ৰতি লিটাৰ ডিজেলৰ দাম হ’বগৈ ১১০.১৯টকা। আনহাতে সেই একেই হিচাপতে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হ’বগৈ ১৫১.৭৮টকা। উল্লেখ্য যে, মঙলবাৰেই কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে মন্তব্য কৰিছিল যে, তেল কোম্পানীসমূহে তেলৰ সংশোধিত মূল্য নিৰুপণ কৰিব। আৰু নিশ্চিত কৰিব যাতে দেশত খাৰুৱা তেলৰ নাটনি নহয়। তেওঁ কয় যে, ‘মই সকলোকে নিশ্চিত কৰি দিব বিচাৰিছোঁ যে, দেশত খাৰুৱা তেলৰ কোনো নাটনি নহয়। আমি আমাৰ শক্তিৰ প্ৰয়োজন পূৰণ কৰাটো নিশ্চিত কৰিম। যদিও আমাৰ মুঠ খাৰুৱা তেলৰ ৮৫শতাংশ আৰু প্ৰাকৃতিক গেছৰ ৫০-৫৫শতাংশ বাহিৰৰ পৰা ৰপ্তানি কৰা হয় তথাপি আমি এই প্ৰয়োজন পূৰণ কৰাৰ যৎপৰোনাস্তি চেষ্টা কৰিম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য