--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কয় যে দৰ্জী কানহাইয়া লাল তেলীৰ হত্যাকাৰীসকল ভাৰতীয় জনতা পাৰ্টিৰ  সৈতে জড়িত লোক আছিল।কানহাইয়া লালক যোৱা বছৰ ২৮ জুনত উদয়পুৰত দুজন ব্যক্তিয়ে তেওঁৰ দোকানৰ ভিতৰতে  হত্যা কৰিছিল। তেওঁৰ হত্যাই সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

গেহলটে কয় "অপৰাধীসকলৰ সৈতে  বিজেপিৰ সু- সম্পৰ্ক আছে। ঘটনাটোৰ কেইদিনমান আগতে আৰক্ষীয়ে আন কোনো গোচৰত এই অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিছিল আৰু বিজেপিৰ কেইজনমান নেতাই তেওঁলোকক মুকলি কৰিবলৈ আৰক্ষী থানালৈ গৈছিল"।

গেহলটে লগতে অভিযোগ কৰে  যে বিজেপিয়ে ৰাজস্থানৰ ২৫ নৱেম্বৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে।

ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ  মোদীয়ে  বৃহস্পতিবাৰে উদয়পুৰৰ ওচৰত এখন  নিৰ্বাচনী জনসভাত দৰ্জী কানহাইয়া লালৰ নিৰ্মম হত্যাৰ কথা উল্লেখ কৰিছিল।মোদীয়ে কৈছিল "কানহাইয়া লালজীৰ হত্যা ৰাজ্য চৰকাৰৰ বাবে এক ডাঙৰ ব্যৰ্থতা। উদয়পুৰত এনে এক জঘন্য ঘটনা সংঘটিত হৈছিল কাৰণ ইয়াত এখন কংগ্ৰেছ চৰকাৰ আছে,  যিখন চৰকাৰ  সন্ত্ৰাসবাদীৰ প্ৰতি সহানুভূতিশীল," । 


প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্যৰ উত্তৰত  গেহলটে কয়, "কথাটো হ'ল এয়াই যে বিজেপিয়ে নিৰ্বাচনত পৰাজয় বৰণ কৰিব বুলি অনুভৱ কৰিছে । সেয়েহে কেতবোৰ  উদ্ভট দাবী কৰি আহিছে। তেওঁলোকে আমি আৰম্ভ কৰা আঁচনি আৰু আমি অনা আইনৰ বিষয়ে একো কোৱা নাই। তেওঁলোকে কেৱল নিৰ্বাচনৰ আগতে সমস্যাৰ সৃষ্টি কৰিব বিচাৰে।"
কানহাইয়া লালৰ হত্যাকাণ্ডৰ তদন্তৰ বিষয়ে উল্লেখ কৰি গেহলটে কয় যে ৰাজস্থান আৰক্ষীৰ বিশেষ অভিযান গোটে (এছ.ও.জি.) গোচৰটো ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন.আই.এ.)তকৈ ভালদৰে চম্ভালিব পাৰিলেহেঁতেন।

তেওঁ কয় যে এনআইএৰ পৰিৱৰ্তে এছ.ও.জি.-য়ে গোচৰটো চলাই নিলে   তদন্ত ক্ষীপ্ৰ  হ'লহেঁতেন। তেওঁ কয় যে ঘটনাটোৰ দিনা এনআইএয়ে গোচৰটো গ্ৰহণ কৰিছিল আৰু ৰাজ্য চৰকাৰে কোনো আপত্তি উত্থাপন কৰা নাছিল।গেহলটে কয় " কোনেও নাজানে যে এনআইএয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছে। যদি আমাৰ এছ.ও.জি.-য়ে গোচৰটো চলাই নিহেহেঁতেন  তেন্তে এতিয়ালৈকে অপৰাধীসকলক কাঠগড়াত তুলিব পৰা গ’ল হ'লহেঁতেন," । সেয়া  এটা দুৰ্ভাগ্যজনক ঘটনা আছিল আৰু ঘটনাটোৰ পিছতে  মই মোৰ নিৰ্ধাৰিত অনুষ্ঠানবোৰ বাতিল কৰিছিলো আৰু  লগে লগে উদয়পুৰলৈ ৰাওনা হৈছিলো। অৱশ্যে, উদয়পুৰৰ ঘটনাৰ বিষয়ে গম পোৱাৰ পিছতো বিজেপিৰ কেইবাজনো শীৰ্ষ নেতাই হায়দৰাবাদত এক অনুষ্ঠানত উপস্থিত আছিল।

উল্লেখ্য যোৱা বছৰ জুন মাহত  উদয়পুৰত দোকানৰ ভিতৰতে দৰ্জীজনক হত্যা কৰা হৈছিল।  ঘাউছ মহম্মদ আৰু ৰিয়াছ আটাৰী নামৰ লোক দুজনে হত্যা সংঘটিত কৰাৰ বিষয়ে  এটা ভিডিঅ' ৰেকৰ্ড কৰিছিল , য'ত তেওঁলোকে কানহাইয়াক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছিল। তেওঁলোকক পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল। অভিযুক্তসকলে  কৈছিল যে এই হত্যাকাণ্ড বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাৰ প্ৰতি কানহাইয়া লালৰ সমৰ্থনৰ বাবে কৰা হৈছিল।  নুপুৰ শৰ্মাই  পয়গম্বৰ হজৰত  মহম্মদৰ বিষয়ে বিতৰ্কিত মন্তব্য কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement