--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীপাৱলীৰ দিনা যেতিয়া সমগ্ৰ দেশতে শব্দৰ উন্মাদনা চলিছিল, তেতিয়া তামিলনাডুৰ সাতখন গাঁও নিমাত হৈ আছিল। তাত থকা কোনো বাসিন্দাই ফটকা ফুটোৱা নাছিল। উৎসৱ উদযাপন কৰিবলৈ তেওঁলোকে কোনো অতিৰিক্ত হুলস্থুল নকৰিলে। পোহৰৰ উৎসৱক কেৱল পোহৰেৰে আদৰণি জনাইছিল।

তামিলনাডুৰ ইৰোডৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ভাদামুংগম ভেলোড চৰাই অভয়াৰণ্য। অক্টোবৰৰ পৰা পৰিভ্ৰমী চৰাই তালৈ যাবলৈ আৰম্ভ কৰে। সেই ‘অতিথি’সকল জানুৱাৰী মাহলৈকে থাকে। এই চৰাইকেইটাক মনত ৰাখি এইবাৰ দেৱালীৰ দিনা গাঁৱৰ ৰাইজে হুলস্থূল কৰা নাছিল। ইৰোডৰ সাতখন গাঁৱৰ বাসিন্দাসকলে সামূহিকভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰে। সেই গাঁওবোৰত কেৱল লাইট আৰু লেম্পেৰে দীপাৱলী উদযাপন কৰা হৈছে।

ইৰোডৰ চেল্লাপম্পলায়ম, বাদামুংগম ভেলোড, চেম্মাণ্ডম্পলায়ম, কৰুক্কাংকট্টু ৱালাছু, পুংগাম্পাডি আদি গাঁৱত ‘নিৰৱ দীপাৱলী’ পালন কৰা হয়। গাঁওবোৰত প্ৰায় ৯০০ পৰিয়াল বসবাস কৰে। 

তামিলনাডুৰ এই সাতখন গাঁৱত দীপাৱলী সদায় অলপ বেলেগ। ইয়াৰ মানুহে ইজনে সিজনৰ লগত আলোচনা কৰি সামূহিকভাৱে দীপাৱলী উদযাপন কৰে। শব্দ কেতিয়াও অতিৰিক্ত নহয়। এই গাঁৱৰ ল’ৰা-ছোৱালীবোৰ সাধাৰণ তৰাৰ পোহৰৰ সজ্জাত সুখী।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘাইপথত হঠাতে ব্ৰেক মৰাটো অমনোযোগিতাৰ পৰিচায়ক! পথ দুর্ঘটনাক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ মন্তব্য
পিতৃৰ মৃত্যু, প্ৰেমিকৰ সৈতে মাতৃৰ পলায়ন! নাবালক পুত্ৰই থানাত এজাহাৰ দি ক'লে- সিহঁতে মোক মাৰি পেলাব
ট্রাম্পৰ শুল্কযুদ্ধই কঁপাইছে দেশ, ৰাছিয়াকো সমালোচনা
এই ৩ টা বস্তু হৃদযন্ত্ৰৰ বাবে বৰ উপকাৰী! বহু সমস্যাও আঁতৰত থাকে
লামডিঙত ১৬ লাখ টকাৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা