--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীপাৱলীৰ দিনা যেতিয়া সমগ্ৰ দেশতে শব্দৰ উন্মাদনা চলিছিল, তেতিয়া তামিলনাডুৰ সাতখন গাঁও নিমাত হৈ আছিল। তাত থকা কোনো বাসিন্দাই ফটকা ফুটোৱা নাছিল। উৎসৱ উদযাপন কৰিবলৈ তেওঁলোকে কোনো অতিৰিক্ত হুলস্থুল নকৰিলে। পোহৰৰ উৎসৱক কেৱল পোহৰেৰে আদৰণি জনাইছিল।

তামিলনাডুৰ ইৰোডৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ভাদামুংগম ভেলোড চৰাই অভয়াৰণ্য। অক্টোবৰৰ পৰা পৰিভ্ৰমী চৰাই তালৈ যাবলৈ আৰম্ভ কৰে। সেই ‘অতিথি’সকল জানুৱাৰী মাহলৈকে থাকে। এই চৰাইকেইটাক মনত ৰাখি এইবাৰ দেৱালীৰ দিনা গাঁৱৰ ৰাইজে হুলস্থূল কৰা নাছিল। ইৰোডৰ সাতখন গাঁৱৰ বাসিন্দাসকলে সামূহিকভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰে। সেই গাঁওবোৰত কেৱল লাইট আৰু লেম্পেৰে দীপাৱলী উদযাপন কৰা হৈছে।

ইৰোডৰ চেল্লাপম্পলায়ম, বাদামুংগম ভেলোড, চেম্মাণ্ডম্পলায়ম, কৰুক্কাংকট্টু ৱালাছু, পুংগাম্পাডি আদি গাঁৱত ‘নিৰৱ দীপাৱলী’ পালন কৰা হয়। গাঁওবোৰত প্ৰায় ৯০০ পৰিয়াল বসবাস কৰে। 

তামিলনাডুৰ এই সাতখন গাঁৱত দীপাৱলী সদায় অলপ বেলেগ। ইয়াৰ মানুহে ইজনে সিজনৰ লগত আলোচনা কৰি সামূহিকভাৱে দীপাৱলী উদযাপন কৰে। শব্দ কেতিয়াও অতিৰিক্ত নহয়। এই গাঁৱৰ ল’ৰা-ছোৱালীবোৰ সাধাৰণ তৰাৰ পোহৰৰ সজ্জাত সুখী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক