ডিজিটেল ডেস্ক: যোৱা ২৮ জুনত ৰাজস্থানৰ উদয়পুৰত সংঘটিত কানহাইয়া লাল নামৰ দৰ্জীগৰাকীৰ নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ। হত্যাকাণ্ডৰ বিৰুদ্ধে সমগ্ৰ দেশতে সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। এই নৃশংস হত্যাকাণ্ডক কঠোৰ ভাষাৰে নিন্দা কৰিছিল দেশৰ সকলো স্তৰৰ জনসাধাৰণে। হত্যাকাণ্ডৰ আঁৰ লৈ এক সাম্প্ৰদায়িক ৰাজনীতিৰ উকমুকনিও গঢ়ি উঠা পৰিলক্ষিত হৈছিল। একাংশ হিন্দুত্ববাদী লোকে কানহাইয়া লালৰ হত্যাক ব্যৱহাৰ কৰি প্ৰত্যক্ষভাৱে মুছলমান ধৰ্মৰ বিৰুদ্ধে সাম্প্ৰদায়িক বাতাৱৰণ এটা সৃষ্টি কৰাত উঠিপৰি লাগিছিল। কিন্তু আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ইণ্ডিয়া টুডেৰ এক অনুসন্ধানমূলক অভিযানে এই নৃশংস উদয়পুৰ হত্যাকাণ্ডৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আনিছে। সংবাদ প্ৰতিষ্ঠানটোৰ এই অনুসন্ধানমূলক প্ৰতিবেদনে প্ৰকাশ কৰিছে কিছুমান উদ্বেগজনক তথ্য।
কানহাইয়া লাল নামৰ দৰ্জীগৰাকীক হত্যা কৰিছিল ৰিয়াজ আটাৰী আৰু মহম্মদ ঘাউছ নামৰ দুজন মুছলমান সম্প্ৰদায়ৰ লোকে। হত্যাকাণ্ডৰ সম্পূৰ্ণ দৃশ্য হত্যাকাৰী ব্যক্তি দুগৰাকীয়ে মোবাইল যোগে দৃশ্যগ্ৰহণ কৰিছিল আৰু এই ভিডিঅ’ নিজেই ইণ্টাৰনেট যোগে প্ৰচাৰ কৰিছিল। আনকি হত্যাকাণ্ডৰ পিছতো আন এটা ভিডিঅ’যোগে দুয়ো হত্যাকাৰীয়ে আন এটা ভিডিঅ’ত হত্যাত ব্যৱহৃত অস্ত্ৰ দেখুৱাই আনন্দ প্ৰকাশো কৰিছিল। ভাবুকি প্ৰদান কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।
ইতিমধ্যে হত্যাকাৰী ৰিয়াজ আটাৰী আৰু মহম্মদ ঘাউছক গ্ৰেপ্তাৰ কৰি ১৪ দিনৰ বাবে জিম্মাত লৈছে আৰক্ষীয়ে। হত্যাকাৰী দুয়োজন ব্যক্তি প্ৰথমে ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছৰ সৈতে জড়িত বুলি প্ৰকাশ কৰা হৈছিল। ইয়াৰ পিছতে আকৌ দুয়ো হত্যাকাৰী পাকিস্তান ভিত্তিক এক সন্ত্ৰাসবাদী সংগঠনৰ সদস্য বুলিও প্ৰকাশ পাইছিল। তাৰ পাছতেই এই হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হয় কেন্দ্ৰীয় তদন্তকাৰী সংস্থা, নিয়াক।
কিন্তু এই সকলো বাদ-বিবাদৰ পাছতে ইণ্ডিয়া টুডেৰ প্ৰতিবেদনত প্ৰকাশ পাইছে সম্পূৰ্ণ এক পৃথক দৃশ্য। সংবাদ প্ৰতিষ্ঠানটোৰ অনুসন্ধানমূলক অভিযানৰ সময়ত পোহৰলৈ অহা তথ্য অনুসৰি দুই হত্যাকাৰী ৰিয়াজ আটাৰী আৰু মহম্মদ ঘাউছৰ আছে দেশৰ শাসনাধিষ্ঠ বিজেপি দলৰ সৈতে এক সু-সম্পৰ্ক। যদিও হত্যাকাৰী দুগৰাকীয়ে মুছলমান ধৰ্মক অপমান কৰাৰ দোহাই দি এই হত্যাকাণ্ড সংঘটিত কৰা বুলি উল্লেখ কৰিছে, ইণ্ডিয়া টুডেৰ প্ৰতিবেদনৰ পাছত এই হত্যাকাণ্ডৰ আঁৰত আন উদ্দেশ্য নিহিত থকাৰ সন্দেহ প্ৰকাশ পাইছে।
ইণ্ডিয়া টুডেৰ প্ৰতিবেদন মতে হত্যাকাণ্ডত জড়িত ৰিয়াজ আটাৰীয়ে তিনি বছৰ পূৰ্বে বিজেপিৰ ৰাজস্থান গোটৰ সংখ্যালঘু মৰ্চাত যোগ দিয়াৰ চেষ্টা কৰিছিল। বিজেপিৰ কেইগৰাকীমান নেতাৰ সৈতে ৰিয়াজে সু-সম্পৰ্ক ৰক্ষা কৰি চলিছিল। এই নেতা কেইজনৰ সৈতে বিজেপিৰ দলীয় অনুষ্ঠানতো উপস্থিত থকা দেখা গৈছিল ৰিয়াজক। ইণ্ডিয়া টুডেৰ অনুসন্ধান প্ৰতিবেদনত প্ৰকাশ পোৱা ছবিসমূহত এই সদস্যসকলৰ সৈতে ৰিয়াজক দেখিবলৈ পোৱা গৈছে।
এনে এখন ফটোতে ৰাজস্থান বিজেপিৰ সংখ্যালঘু মৰ্চাৰ এজন গুৰুত্বপূৰ্ণ সদস্য ইৰশাদ চেইনৱালাই ২০১৯ চনত ৰিয়াজক চৌদি আৰৱৰ তীৰ্থযাত্ৰাৰ পৰা উভতি অহাৰ পিছত আদৰণি জনোৱা দেখা গৈছে। স্থানীয় বিজেপি নেতাসকলৰ সৈতে চেইনৱালাই এক দশকৰো অধিক সময় সম্পৰ্কত আছে।
চেইনৱালাই বিজেপিৰ কেইবাখনো দলীয় সভাত ৰিয়াজ উপস্থিত আছিল বুলি নিজমুখে স্বীকাৰ কৰিছে। আনকি তেওঁলোকৰ মাজত হোৱা বাৰ্তালাপত ৰিয়াজে কোনোদিনেই বিজেপিৰ ৰাজনৈতিক আদৰ্শক সমালোচনা কৰা নজিৰ নাই বুলিও চেইনৱালাই উল্লেখ কৰিছে। বিজেপি নেতা গুলাব চান্দ কাটাৰিয়াৰ বহু অঅনুষ্ঠানতৰিয়াজে স্বেচ্ছাই অংশগ্ৰহণ কৰিছিল বুলিও চেইনৱালাই জানিবলৈ দিয়ে। চেইনৱালাই জনোৱা মতে ৰিয়াজে কেইবাবাৰো বিজেপিৰ সৈতে কাম কৰিব বিচাৰে বুলি তেওঁক খাটনি ধৰিছিল।
চেইনৱালাৰ মতে, ৰিয়াজ আটাৰীয়ে মহম্মদ তাহিৰ নামৰ বিজেপিৰ এজন দলীয় কৰ্মীৰ জৰিয়তে প্ৰায়ে বিজেপিৰ অনুষ্ঠানত উপস্থিত আছিল। ইণ্ডিয়া টুডেৰ দ্বাৰা প্ৰকাশিত ফটোত তাহিৰ আৰু ৰিয়াজ দুয়োকে একেলগে দেখিবলৈও পোৱা গৈছে। কিন্তু ইণ্ডিয়া টুডেৰ অনুসন্ধানকাৰী দলটো চাভিনাত উপস্থিত হোৱাৰ সময়ত তাহিৰক বিচাৰি পোৱা নাছিল। স্থানীয় লোকসকলে জানিবলৈ দিয়া মতে তাহিৰে কেইদিনমান পূৰ্বে সেই ভাড়াঘৰটো খালী কৰিছিল। তদুপৰি তাহিৰৰ ম'বাইল ফোনটোও বন্ধ আছিল বুলি ইণ্ডিয়া টুডেই প্ৰকাশ কৰিছে।
ইণ্ডিয়া টুডেৰ এই অনুসন্ধানমূলক প্ৰতিবেদনে স্বাভাৱিকতেই স্পষ্টৰূপত কানহাইয়া লাল হত্যাকাণ্ডৰ আঁৰত এক গভীৰ ষড়যন্ত্ৰ জড়িত থকাৰ প্ৰমাণ দিছে। শাসকীয় বিজেপি দলৰ নেতাৰ সৈতে ৰিয়াজৰ এই সম্পৰ্কৰ পাছতেই ৰিয়াজক বিজেপিয়ে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছিল নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে। হিন্দুত্ববাদী ধাৰণাৰে চালিত বিজেপিয়ে ইতিপূৰ্বে ভাৰতক হিন্দুৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰি থৈছে। বিজেপিৰ এই হিন্দুৰাষ্ট্ৰৰ স্বপ্ন পূৰণৰ বাবে দেশৰ সৰ্বস্তৰৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ মনত হিন্দুত্ববাদী ধাৰণা সোমোৱাই দিয়াটো অত্যন্ত প্ৰয়োজনীয়। এই উদ্দেশ্য পূৰণৰ বাবেই এনেদৰে মুছলমান ধৰ্মী লোকৰ অপৰাধমূলক কাৰ্যৰ প্ৰচাৰ কৰাটোত বিজেপিয়ে গুৰুত্ব দি আহিছে। ইয়াৰ দ্বাৰা প্ৰত্যক্ষভাৱে হিন্দু ধৰ্মাৱলম্বী লোকৰ মনত মুছলমান বিদ্বেষ জন্ম হোৱাৰ সম্ভাৱনা থাকে আৰু বিজেপিকে ধৰি হিন্দুত্ববাদী গোটসমূহে এই সুযোগ ভালদৰেই গ্ৰহণ কৰে।
এনে সু্যোগ সৃষ্টিৰ বাবেই ৰিয়াজক ব্যৱহাৰ কৰি হিন্দুত্ববাদী গোট সমূহে এনে নৃশংস হত্যাকাণ্ড সংঘটিত কৰালে বুলি সন্দেহৰ উকমুকনি হৈছে। বিশেষকৈ বিজেপিৰ দলীয় কৰ্মী তাহিৰৰ আত্মগোপনে এই সন্দেহক অধিক ঘণীভূত কৰি তুলিছে। ইয়াৰ পূৰ্বেও সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি কৰাৰ সম্ভাৱনা থকা কিছু কাৰ্যত বিজেপিৰ সদস্যই মুছলমান ধৰ্মী লোকৰ বেশত জড়িত হোৱাৰ প্ৰমাণ পোৱা গৈছিল। উদয়পুৰৰ নৃশংস হত্যাকাণ্ড সন্দৰ্ভত ইণ্ডিয়া টুডেই প্ৰকাশ কৰা অনুসন্ধানমূলক প্ৰতিবেদনৰ পাছত এই ঘটনাতো এনে ষড়যন্ত্ৰ নিহিত থকাৰ সন্দেহ বৃদ্ধি পাইছে।