--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পশ্চিম বংগত পৌৰসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে মুখ থেকেচা খোৱাৰ পাছত শেহতীয়াকৈ উৰিষ্যাত পঞ্চায়ত নিৰ্বাচনত পৰাজয়বৰণ কৰিছে দলটোৱে৷ উৰিষ্যাৰ জিলা পৰিষদৰ ৩০০খন আসনৰ ভিতৰত ৰাজ্যখনৰ আঞ্চলিক দল বিজু জনতা দলে ২৬৮খন লাভ কৰিছে৷ একেদৰে কংগ্ৰেছ আৰু বিজেপিয়ে ১৪ খনকৈ আসন৷ উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ নেতৃত্বত ৰাজ্যখনত চলি আছে বিজেডিৰ চৰকাৰ৷ শাসনাধিষ্ঠিত বিজেডিয়ে আজি পুৱালৈ ঘোষণা কৰা ৩০০খন আসনৰ ২৬৮ খন জিলা পৰিষদৰ আসন লাভ কৰিছে আৰু কালি দ্বিতীয় দিনৰ বাবে পঞ্চায়ত নিৰ্বাচনৰ গণনা চলা বুলি বিষয়াসকলে সদৰি কৰিছে৷ বিৰোধী বিজেপি আৰু কংগ্ৰেছে মাত্ৰ ১৪খনকৈ আসন লাভ কৰিছিল, আনহাতে নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিছিল দুখন আসন৷ অন্য দলেও দুখন আসনত জয়লাভ কৰা বুলি তেওঁলোকে সদৰি কৰে৷ শনিবাৰে আৰম্ভ হোৱা ভোটগণনা প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব৷ আজি ৩০৫খন আসনৰ ভোট গণনা কৰা হৈছে, আনহাতে আজি বাকী ২৩১খন আসনৰ ভোটগণনা চলি আছে৷ মুঠ ৮৫১খন জিলা পৰিষদৰ আসনত নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ এখন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে এগৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল৷ বিজেডিয়ে ৩৭৯খন আসনৰ ভিতৰত ৩২৯খন আসনত জয়লাভ কৰাৰ লগতে কিছু কিছু আসনত আগবাঢ়ি আছে, একেদৰে বিজেপিয়ে ১৯খন আৰু কংগ্ৰেছে ১৭খন আসনত জয়লাভ কৰাৰ লগতে আগবাঢ়ি আছে। বিজেডিয়ে দলটোৰ দুৰ্গ কালাহাণ্ডি, বোলাংগীৰ, সম্বলপুৰ, সুন্দৰগড়, ময়ূৰভঞ্জ আৰু মালকানগিৰিত মুখ্য বিৰোধী দল বিজেপিক পৰাজিত কৰিছে। ২০১৭ৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে প্ৰায় ৩৫ শতাংশ আসন লাভ কৰিছিল ৰাজ্যখনত৷ ৰাজ্যখনত বিগত ১৬ ফেব্ৰুৱাৰীৰ পৰা পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল পাঁচটা পৰ্যায়ত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক