--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০১৬ চনৰ মে’ মাহত কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে দেশৰ গ্ৰাম্য এলেকাত বসবাস কৰা পৰিয়ালসমূহৰ মহিলাসকলক উপকৃত কৰাৰ অৰ্থে প্ৰবৰ্তন কৰিছিল ‘প্ৰধানমন্ত্ৰী উজ্জলা যোজনা’। কেন্দ্ৰীয় চৰকাৰে গঞা দৰিদ্ৰ মহিলাসকলে ইমানদিনে পৰম্পৰাগত ৰন্ধন ইন্ধনৰ পৰা সন্মুখীন হোৱা নানা অসুবিধাৰ পৰা মুক্তি দিয়াই এই আঁচনিৰ উদ্দেশ্য হিচাপে ঘোষণা কৰিছিল। আঁচনিখনৰ সফলতাৰ ঢাক-ঢোল কোবাই প্ৰধানমন্ত্ৰী মোদীৰ হাস্যবদন ছবিসহ দেশৰ প্ৰান্তে প্ৰান্তে আঁৰি দিয়া হৈছিল বৃহৎ আকাৰৰ হৰ্ডিং। হৰ্ডিঙত বৰ-বৰ হৰফেৰে লিখি দিয়া হৈছিল, “মহিলাসকলে পালে সন্মান। স্বচ্ছ ইন্ধন, সুন্দৰ জীৱন।” 

পিছে কেন্দ্ৰীয় চৰকাৰে মহা আড়ম্বৰেৰে সফলতাৰ জয়গান গোৱা এই আঁচনিখনৰ সাফল্যৰ পৰিৱৰ্তে সম্পূৰ্ণ এক বিপৰীত ছবিহে সম্প্ৰতি পোহৰলৈ আহিছে। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ ৪.১৩ কোটি হিতাধিকাৰীয়ে যোৱা পাঁচ বছৰত এবাৰো পুনৰ ভৰ্তি কৰা নাই আঁচনিখনৰ অধীনত লাভ কৰা চিলিণ্ডাৰ। একে সময়তে, ৭.৬৭ কোটি হিতাধিকাৰীয়ে কেৱল এবাৰহে ভৰ্তি কৰিছে চিলিণ্ডাৰ। 

কোনো বিৰোধী দলৰ নেতা তথা চৰকাৰ বিৰোধী কোনো লোকে এই আঁচনিখনৰ ব্যৰ্থতা উদঙোৱা নাই, এই ব্যৰ্থতা ফাদিল কৰিছে খোদ কেন্দ্ৰীয় মন্ত্ৰী এগৰাকীয়েই। সোমবাৰে ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই তথ্য প্ৰদান কৰে।

উচ্চ সদনৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খৰ্গেই কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰী সন্দৰ্ভত সঠিক বিৱৰণ বিচাৰি এক প্ৰশ্ন উত্থাপন কৰে। খৰ্গেৰ প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰী তেলীয়ে এই পৰিসংখ্যা প্ৰদান কৰে। তেওঁ কয় যে ২০১৭-১৮ বৰ্ষৰ ভিতৰত ০.৪৬ কোটি হিতাধিকাৰীয়ে পুনৰবাৰ চিলিণ্ডাৰ ভৰ্তি কৰা নাছিল। আনহাতে সেই সময়ছোৱাত ১.১৯ কোটি হিতাধিকাৰীয়ে মাত্ৰ এবাৰ চিলিণ্ডাৰ পুনৰ ভৰ্তি কৰিছিল।

তেলীয়ে দাঙি ধৰা তথ্য অনুসৰি ক্ৰমে ২০১৮-১৯ বৰ্ষত ১.২৪ কোটি, ২০১৯-২০ বৰ্ষত ১.৪১ কোটি, ২০২০-২১ বৰ্ষত ০.১০ কোটি আৰু ২০২১-২২ বৰ্ষত ০.৯২ কোটি হিতাধিকাৰীয়ে এবাৰো চিলিণ্ডাৰ পুনৰ ভৰ্তি কৰা নাছিল। সেইদৰে ২০১৮-১৯ বৰ্ষত ২.৯০ কোটি, ২০১৯-২০ বৰ্ষত ১.৮৩ কোটি, ২০২০-২১ বৰ্ষত ০.৬৭ কোটি আৰু ২০২১-২২ বৰ্ষত ১.০৮ কোটি হিতাধিকাৰীয়ে কেৱল এবাৰহে চিলিণ্ডাৰ পুনৰ ভৰ্তি কৰিছিল।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা মোডী চৰকাৰৰ আটাইতকৈ প্ৰচাৰিত আঁচনিসমূহৰ ভিতৰত অন্যতম। আঁচনিখনৰ অধীনত দেশৰ দৰিদ্ৰ আৰু অৱহেলিত পৰিয়ালৰ মহিলাসকলক  নামূলীয়া এলপিজি সংযোগ প্ৰদান কৰা হৈছে  বুলি ঢাক-ঢোল কোবাইছিল কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ পাছতো আঁচনিখনৰ এই ব্যৰ্থতাৰ তথ্যই কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতাকো উদঙাই তুলিছে। 

প্ৰকৃততে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিখনৰ অধীনত চৰকাৰে প্ৰথমটো চিলিণ্ডাৰ হিতাধিকাৰীসকলক বিনামূলীয়াকৈ প্ৰদান কৰিছিল। ইয়াৰ পিছত চিলিণ্ডাৰ খালী হ’লে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পুনৰ চিলিণ্ডাৰ ক্ৰয় কৰিবলগীয়া হৈছিল। কিন্তু  এলপিজি চিলিণ্ডাৰৰ ক্ৰমবৰ্ধমান মূল্যৰ পৰিপ্ৰেক্ষিতত চিলিণ্ডাৰ পুনৰ ক্ৰয় কৰিবলৈ অক্ষম হৈ পৰে হিতাধিকাৰীসকল। 

ইয়াৰ উপৰিও যোৱা মে’ মাহৰ পৰা মোডী চৰকাৰে এলপিজিৰ ওপৰত ৰাজসাহায্যও প্ৰায় কৰ্তন কৰিছে। দেশত নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ আকাশলঙ্ঘী মূল্য বৃদ্ধি তথা জীৱন-জীৱিকাৰ কোনো প্ৰাসংগিক সুবিধাৰ অনুপস্থিতিত এই হিতাধিকাৰীসকলৰ বাবে পুনৰ এবাৰ চিলিণ্ডাৰ ক্ৰয় অসম্ভৱ হৈ পৰিছে। ইয়াৰ পিছতো কেন্দ্ৰীয় চৰকাৰে আঁচনিখনৰ সফলতাৰ কৃতিত্ব দাবী কৰি অহাটো একপ্ৰকাৰে ব্যৰ্থতাক ঢাকিবলৈ কৰা বৃথা চেষ্টাৰ বাদে আন একো নহয় বুলি নিশ্চিত হৈ পৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
কাটিগড়াত গুদাম ঘৰৰ পৰা পৰকীয়া প্ৰেমিক যুগলক আটক
যোৰাবাটত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ
শৃংখলাৰ পৰা বাহিৰ নীতিশ কুমাৰ ৰেড্ডী
বঙাইগাঁৱত আত্মহত্যা কনিষ্ঠ অভিযন্তা জ্যোশিতা দাসৰ
খৰাঙৰে যুঁজাত ব্যৰ্থ ৰাজ্যৰ জলসিঞ্চন বিভাগ
ট্রাম্পে প'ষ্ট কৰিলে ওবামাৰ গ্ৰেপ্তাৰৰ AI সৃষ্ট ভিডিঅ'
কাৰাগাৰত মৌলবাদৰ প্ৰসাৰক লৈ উদ্বিগ্ন কেন্দ্ৰ ; নিয়ন্ত্ৰণৰ বাবে ৰাজ্যসমূহলৈ পত্ৰ
ভাৰতবাসীৰ বাবে নীৰৱ ঘাতক হৈ পৰিছে নিমখ
মণিপুৰত আৰক্ষী বৃহৎ তালাচীত ৮৬টা অস্ত্র, ৯৭৪টা গ্ৰেনেড-গোলা উদ্ধাৰ
পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু
শ্বাহৰূখৰ সৈতে বিবাহ, উদিতৰ সৈতে প্ৰেম...৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰি প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টী
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক
প্রবীণ অভিনেতা-প্রযোজক ধীৰাজ কুমাৰৰ মৃত্যু