--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কেৱল পশ্চিমবংগৰ প্ৰাক্তন মন্ত্ৰী পাৰ্থ চেটাৰ্জীক দেখা কৰিবলৈ যাওঁতেহে অৰ্পিতা মুখাৰ্জীৰ গাড়ে চলোৱা ব্যক্তিগত গাড়ীচালক প্ৰণব ভট্টাচাৰ্যক ইডিয়ে অতি সোনকালে জেৰা কৰাৰ সম্ভাৱনা আছে৷ পশ্চিমবংগৰ স্কুল চাৰ্ভিছ কমিচনত হোৱা কেলেংকাৰী সন্দৰ্ভত  ইডয়ে প্ৰণব ভট্টাচাৰ্যক সোধাপোছা কৰিব৷ 

ইডিৰ কৰ্তৃপক্ষই জনোৱা মতে তেওঁলোকে কেলেংকাৰী সন্দৰ্ভত সম্ভৱপৰ সকলো তথ্য একত্ৰিত কৰি আছে৷ ডায়মণ্ড চিটি হাউচিং কমপ্লেক্সত জুলাই মাহত অনুসন্ধান চলাওতে ইডিয়ে প্ৰণব ভট্টাচাৰ্য সম্পৰ্কে কিছু তথ্য লাভ কৰিছিল৷ 

প্ৰণব ভট্টাচাৰ্যয়ে জানিবলৈ দিয়ে যে অৰ্পিতা মুখাৰ্জী বৰ্তমান আৰক্ষীৰ জিম্মাত থকাৰ বাবে জুলাই মাহৰ দৰমহা তেওঁ এতিয়ালৈকে লাভ কৰা নাই আৰু বৰ্তমান পৰিয়ালক পোহপাল দিবলৈ আন এটা চাকৰি বিচাৰি পোৱাটোয়েই তেওঁৰ বাবে বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে৷ লগতে অৰ্পিতা মুখাৰ্জীয়ে  পাৰ্থ চেটাৰ্জীক দেখা কৰিবলৈ যাওঁতেহে তেওঁৰ সহায় লৈছিল বুলিও প্ৰণব ভট্টাচাৰ্যৰ নিজেই সদৰি কৰে ।
আনহাতে স্থানীয় বিধায়কৰ জৰিয়তে চাকৰি পাবলৈ পাৰ্থ চেটাৰ্জীৰ সহায় বিছাৰিছিল প্ৰণব ভট্টাচাৰ্যয়ে৷ সেইমতে সেই চাকৰিটোও লাভ কৰিছিল প্ৰণব ভট্টাচাৰ্যয়ে৷

অৰ্পিতা মুখাৰ্জীৰ আন গাড়ীচালক আছিল যদিও ডায়মণ্ড চিটি হাউচিং কমপ্লেক্সৰ পৰা আন ঠাইলৈ গ’লে প্ৰণব ভট্টাচাৰ্যকহে প্ৰাধান্য দিছিল বুলি তেওঁ কয়৷ চলিত বৰ্ষৰ জানুৱাৰী মাহত প্ৰণব ভট্টাচাৰ্যক গাড়ীচালক হিচাপে নিয়োগ কৰিছিল অৰ্পিতা মুখাৰ্জীয়ে৷ তদুপৰি পাৰিবাৰিক সম্পৰ্কও আছিল অৰ্পিতা আৰু প্ৰণব মুখাৰ্জীৰ মাজত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন