--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কেৱল পশ্চিমবংগৰ প্ৰাক্তন মন্ত্ৰী পাৰ্থ চেটাৰ্জীক দেখা কৰিবলৈ যাওঁতেহে অৰ্পিতা মুখাৰ্জীৰ গাড়ে চলোৱা ব্যক্তিগত গাড়ীচালক প্ৰণব ভট্টাচাৰ্যক ইডিয়ে অতি সোনকালে জেৰা কৰাৰ সম্ভাৱনা আছে৷ পশ্চিমবংগৰ স্কুল চাৰ্ভিছ কমিচনত হোৱা কেলেংকাৰী সন্দৰ্ভত  ইডয়ে প্ৰণব ভট্টাচাৰ্যক সোধাপোছা কৰিব৷ 

ইডিৰ কৰ্তৃপক্ষই জনোৱা মতে তেওঁলোকে কেলেংকাৰী সন্দৰ্ভত সম্ভৱপৰ সকলো তথ্য একত্ৰিত কৰি আছে৷ ডায়মণ্ড চিটি হাউচিং কমপ্লেক্সত জুলাই মাহত অনুসন্ধান চলাওতে ইডিয়ে প্ৰণব ভট্টাচাৰ্য সম্পৰ্কে কিছু তথ্য লাভ কৰিছিল৷ 

প্ৰণব ভট্টাচাৰ্যয়ে জানিবলৈ দিয়ে যে অৰ্পিতা মুখাৰ্জী বৰ্তমান আৰক্ষীৰ জিম্মাত থকাৰ বাবে জুলাই মাহৰ দৰমহা তেওঁ এতিয়ালৈকে লাভ কৰা নাই আৰু বৰ্তমান পৰিয়ালক পোহপাল দিবলৈ আন এটা চাকৰি বিচাৰি পোৱাটোয়েই তেওঁৰ বাবে বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে৷ লগতে অৰ্পিতা মুখাৰ্জীয়ে  পাৰ্থ চেটাৰ্জীক দেখা কৰিবলৈ যাওঁতেহে তেওঁৰ সহায় লৈছিল বুলিও প্ৰণব ভট্টাচাৰ্যৰ নিজেই সদৰি কৰে ।
আনহাতে স্থানীয় বিধায়কৰ জৰিয়তে চাকৰি পাবলৈ পাৰ্থ চেটাৰ্জীৰ সহায় বিছাৰিছিল প্ৰণব ভট্টাচাৰ্যয়ে৷ সেইমতে সেই চাকৰিটোও লাভ কৰিছিল প্ৰণব ভট্টাচাৰ্যয়ে৷

অৰ্পিতা মুখাৰ্জীৰ আন গাড়ীচালক আছিল যদিও ডায়মণ্ড চিটি হাউচিং কমপ্লেক্সৰ পৰা আন ঠাইলৈ গ’লে প্ৰণব ভট্টাচাৰ্যকহে প্ৰাধান্য দিছিল বুলি তেওঁ কয়৷ চলিত বৰ্ষৰ জানুৱাৰী মাহত প্ৰণব ভট্টাচাৰ্যক গাড়ীচালক হিচাপে নিয়োগ কৰিছিল অৰ্পিতা মুখাৰ্জীয়ে৷ তদুপৰি পাৰিবাৰিক সম্পৰ্কও আছিল অৰ্পিতা আৰু প্ৰণব মুখাৰ্জীৰ মাজত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ