--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • ডিব্ৰুগড়ৰ এক আগশাৰীৰ নাগৰিক সংগঠনে উজনি অসমত হোৱা বিধ্বংসী বানপানীৰ বাবে অবৈধ খনন কাৰ্যকলাপক জগৰীয়া কৰি ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।

ডিব্ৰুগড়, ৫ আগষ্ট: উজনি অসমত শেহতীয়াকৈ হোৱা বিধ্বংসী বানপানীৰ বাবে অবৈধ বালি, শিল আৰু কয়লা খননক জগৰীয়া কৰি ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। এই স্মাৰকপত্ৰৰ জৰিয়তে সন্মিলনে অবৈধ খনন কাৰ্যকলাপৰ উচিত তদন্ত আৰু ইয়াৰ সৈতে জড়িতসকলক চিনাক্ত কৰি শাস্তি প্ৰদানৰ দাবী জনাইছে।

জিলা প্ৰশাসনৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা এই স্মাৰকপত্ৰখন জিলা উন্নয়ন আয়ুক্ত নন্দিতা বৰুৱাৰ হাতত ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ সভাপতি শৰৎ চন্দ্ৰ নেওগ, সাধাৰণ সম্পাদক উত্তম কুমাৰ চেতিয়া আৰু সম্পাদক পৱিত্ৰ বুঢ়াগোহাঁই আৰু পাৰ্থ প্ৰতিম ভূঞাই অৰ্পণ কৰে। সন্মিলনে জনাইছে যে শিৱসাগৰ, চৰাইদেউ, নাজিৰা আৰু উজনি অসমৰ অন্যান্য অঞ্চলত হোৱা শেহতীয়া প্ৰলয়ংকাৰী বানপানী কেৱল প্ৰাকৃতিক কাৰণ, যেনে প্ৰচণ্ড বৰষুণ বা ডাৱৰ ফটাৰ ফল নহয়। বৰং, এই দুৰ্যোগ বহু পৰিমাণে 'মানৱ সৃষ্ট' বুলি সন্মিলনে দাবী কৰিছে।

স্মাৰকপত্ৰখনত উল্লেখ কৰা হৈছে যে যদিও নাগালেণ্ডৰ মন জিলাত প্ৰচণ্ড বৰষুণ হৈছিল, তথাপি উজনি অসমত বানপানীৰ অভূতপূৰ্ব মাত্ৰা বছৰ বছৰ ধৰি নাগালেণ্ডৰ পাহাৰত চলি থকা অবৈজ্ঞানিক উন্মুক্ত কয়লা খনন, দিখৌ নদীৰ পৰা বৃহৎ পৰিমাণৰ বালি আৰু শিল নিষ্কাশনৰ দৰে কাৰ্যকলাপৰ বাবে বৃদ্ধি পাইছে। এই অবৈধ কাৰ্যসমূহে নদীসমূহৰ গভীৰতা হ্ৰাস কৰিছে আৰু বানপানীৰ প্ৰকোপ বঢ়াইছে বুলি অভিযোগ উত্থাপন হৈছে। সেয়েহে, এই গুৰুতৰ বিষয়টোৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ আৰু দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে নাগৰিক সন্মিলনে আহ্বান জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
টকাৰ বাবে অমানুষিক কাণ্ড! ৪২ লাখ টকাৰ বাবেই ককায়েক-বৌয়েকে নৃশংসভাৱে হ*ত্যা কৰিলে নিজ ভগ্নীক
ছত্তিশগড়ত চলন্ত গাড়ী নদীত পৰাত পতি-পত্নীসহ দুই সন্তানৰ মৃত্যু
হোজাইত বেজালি কৰাৰ নামত মহিলাৰ পৰা লুটিলে সোণ, ৰূপৰ গহনাৰ সৈতে নগদ ধন
খুচুৰা মুদ্ৰাৰ চমক! ৫ বছৰৰ সঞ্চয়েৰে স্কুটি ক্ৰয় চাবুৱাৰ সন্তোষ কুমাৰ শ্বাহৰ
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি
মাৰাথন সম্পূৰ্ণ কৰি বিজয় পদক হাতত লোৱাৰ পিছতেই হাৰ্ট এটেকত মৃত্যু ছফ্টৱেৰ অভিযন্তাৰ
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা: দিল্লীত দীপাৱলীত ‘সেউজ ফটকা’হে ফুটুৱাব পাৰিব
আৰক্ষীৰ এনকাউণ্টাৰত নিহত ঘাতক ঘনকান্ত গগৈ
ইউৰোপত এবছৰত ২২ হাজাৰটা প্ৰতিবাদী কাৰ্যসূচী, চৰকাৰ-বিৰোধী বিক্ষোভ-সমদলত উত্তাল
কাজিৰঙাত আজিৰে পৰা আৰম্ভ জীপ চাফাৰী
কলিয়াবৰত বান্দৰৰ আক্ৰমণত ছাত্ৰ-ছাত্ৰী আহত