--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • উজনি অসমৰ কেইবাখনো জিলাত বানপানী হ্ৰাস পোৱাৰ লগে লগে এক নতুন জনস্বাস্থ্য সংকটৰ সৃষ্টি হৈছে, যাৰ ফলত হাজাৰ হাজাৰ লোক ৰোগ আৰু মানসিক চাপৰ বলি হৈছে।

গুৱাহাটী, ৩ আগষ্ট: উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাসমূহত বানপানীৰ তাৎক্ষণিক ভাবুকি হ্ৰাস পালেও, বিধ্বংসী বানৰ পাছত এক জটিল জনস্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হৈছে। বানৰ পানী শুকোৱাৰ লগে লগে ঠায়ে ঠায়ে জমা হোৱা ডাঠ বোকা, পলস আৰু আৱৰ্জনাই বিভিন্ন ৰোগৰ উৎস সৃষ্টি কৰি বানাক্ৰান্ত লোকসকলৰ দুৰ্ভোগ আৰু বৃদ্ধি কৰিছে।

কইদিন ধৰি পানীৰ মাজত জীৱন অতিবাহিত কৰা বাসিন্দাসকলে এতিয়া স্বাস্থ্যজনিত সমস্যাৰ বৰ্দ্ধিত হাৰৰ কথা জনাইছে। ছালৰ সংক্ৰমণ, জ্বৰ, শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু ডায়েৰিয়া এতিয়া এক সাধাৰণ ঘটনা হৈ পৰিছে। শাৰীৰিক কষ্টৰ উপৰিও, দীৰ্ঘদিন ধৰি চলি থকা এই দুৰ্ভোগে বানাক্ৰান্তসকলৰ মাজত যথেষ্ট মানসিক চাপো সৃষ্টি কৰিছে।

বানাক্ৰান্ত অঞ্চলৰ এগৰাকী বাসিন্দা ৰঞ্জিতা বুঢ়াগোঁহায়ে বৰ্তমানৰ পৰিস্থিতি বৰ্ণনা কৰি কয়, “মোৰ মুখ আৰু ভৰিত সৰু সৰু ফোঁহা ওলাইছে। খজুৱতি ইমান বেছি হৈছে যে সহ্য কৰিব নোৱাৰা অৱস্থা হৈছে। চাৰিওফালে এটা নিৰন্তৰ দুৰ্গন্ধও বিয়পি আছে।” আন এগৰৰাকী মহিলাই জনাইছে যে বানপানী আৰম্ভ হোৱাৰ পৰা তেওঁ জ্বৰত ভুগি আছে। তেওঁ কয়, "মোৰ জ্বৰ হৈছে আৰু পেৰাচিটামল খোৱাৰ পাছতো ইয়াৰ উপশম হোৱা নাই। বানপানী আৰম্ভ হোৱাৰ পৰা মই এই অৱস্থাত আছো।"

উজনি অসমৰ বানাক্ৰান্ত পৰিয়ালসমূহে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে যদিও তেওঁলোক এতিয়াও ৰোগৰ বিয়পি পৰাৰ নিৰন্তৰ ভাবুকিৰ মাজত আছে। সংশ্লিষ্ট কৰ্তৃপক্ষই এই নতুন সংকট মোকাবিলা কৰিবলৈ তাৎক্ষণিকভাৱে পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে বুলি স্থানীয় ৰাইজে আহ্বান জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক