--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: সংকটে ছানি ধৰিছে ভাৰতীয় অৰ্থনীতি৷ টকাৰ মূল্য হ্ৰাস, জিএছটিৰ অৱনমনে দেশৰ অৰ্থনীতিক কোঙা কৰি তোলাৰ সময়তে আহিছে ইটোৰ পিছত সিটো উদ্বেগজনক খবৰ৷ জিএছটি প্ৰৱৰ্তন, আকস্মিক বিমুদ্ৰাকৰণে দেশৰ অৰ্থনীতিলৈ বৃহৎ প্ৰত্যাহ্বান কঢ়িয়াই অনা বুলি মত ব্যক্ত কৰিছিল দেশৰ প্ৰখ্যাত অৰ্থনীতিবিদসকলে৷

আনকি, দেশৰ বিধ্বস্ত অৰ্থনৈতিক অৱস্থাৰ বাবেই পদত্যাগ পৰ্যন্ত কৰিবলগীয়া হৈছিল ৰিজাৰ্ভ বেংক  অব ইণ্ডিয়াৰ গৱৰ্ণৰে৷ নবেলজয়ী অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীয়ে ইতিমধ্যে কেইবাবাৰো কেন্দ্ৰীয় চৰকাৰক দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ পৰামৰ্শ দি আহিছে৷ কিন্তু, এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো কাণসাৰ দিয়া পৰিলক্ষিত হোৱা নাই৷ বিধ্বস্ত অৰ্থনীতিৰ প্ৰতি পিঠি দি ধৰ্ম‌, ভাষা জাতীয় সংবেদনশীল বিষয়ৰ অৱতাৰণাৰে জনসাধাৰণক ব্যস্ত কৰি ৰখাৰ মৃদু কৌশল অৱলম্বন কৰাহে পৰিলক্ষিত হয়৷ আৰু মৌলিক বিষয়ৰ অৱতাৰণা নকৰাকৈ স্থূল বিষয়েৰে ঢাকি ৰখা হয় ভগ্ন অৰ্থনীতিৰ কংকালসাৰ জঁকা৷

আৰু শেহতীয়াকৈ প্ৰকাশ পাইছে দেশৰ ভগ্ন অৰ্থনীতিৰ আন এক ভয়ংকৰ ছবি৷ বিধ্বস্ত অৰ্থনীতিৰ বাবেই দেশৰ পাঁচটাকৈ ৰাষ্ট্ৰীয়কৃত বেংকে হ্ৰাস কৰিবলগীয়া হৈছে কৰ্মচাৰীৰ সংখ্যা৷ বিগত পাঁচ বছৰত পাঁচটা ৰাষ্ট্ৰীয়কৃত বেংকে হ্ৰাস কৰি আনিছে কৰ্মচাৰীৰ সংখ্যা৷ আৰু ক্ৰমশ: লোকচানৰ মুখলৈ গতি কৰিছে দেশৰ ৰাষ্ট্ৰীয়কৃত বেংক প্ৰতিষ্ঠানসমূহ৷ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান দৈনিক ভাস্কৰে প্ৰকাশ কৰিছে চাঞ্চল্যকৰ তথ্য৷

শেহতীয়া তথ্য অনুসৰি, পাঁচ বছৰত ভাৰতীয় ষ্টেট বেংকৰ  কৰ্মচাৰী সংখ্যা হ্ৰাস পালে ১৯,৭৯১জন৷ ২০১৮ বৰ্ষত ২,৬৪,০৪১জন কৰ্মচাৰী থকা বেংকটোৰ ২০২২ বৰ্ষত কৰ্মচাৰীৰ সংখ্যা ২,৪৪,২৫০জন৷ অৱশ্যে পঞ্জাব নেশ্যনেল বেংকৰ কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি পাইছে পাঁচ বছৰত৷ ১,৩৪২জন কৰ্মচাৰী বৃদ্ধি পাইছে পঞ্জাব নেশ্যনেল বেংকত৷ আনহাতে, কানাড়া বেংকত ২০১৮ বৰ্ষত কৰ্মচাৰীৰ সংখ্যা আছিল ৮৮,২১৩জন৷ বেংকটোৰ কৰ্মচাৰীৰ সংখ্যা ১,২৯৪জন হ্ৰাস হৈ ২০২২বৰ্ষত হয়গৈ ৮৬,৯১৯জন৷

একেদৰে, বেংক অব্ বৰোদাৰ কৰ্মচাৰীৰ সংখ্যা হ্ৰাস হৈ পাঁচ বছৰত হৈছেগৈ ৭৯,৮০৬জন৷ পূৰ্বে ২০১৮ চনত আছিল ৮২,৮৮৬জন৷ পাঁচ বছৰত ৩,০৮০জন কৰ্মচাৰী হ্ৰাস পালে বেংকটোৰ৷ একেদৰে, ইউনিয়ন বেংক অব্ ইণ্ডিয়াৰ ৩,০০১জন কৰ্মচাৰী হ্ৰাস পালে পাঁচ বছৰত৷ ২০১৮ চনত ৭৮,২০২জন কৰ্মচাৰী থকা বেংকটোৰ ২০২২ বৰ্ষত কৰ্মচাৰীৰ সংখ্যা হলগৈ ৭৫,২০১জন৷

সদ্যপ্ৰকাশিত এই তথ্যই উন্মোচিত কৰিলে সাম্প্ৰতিক ভাৰতীয় অৰ্থনীতিৰ আন এটি অন্ধকাৰ দিশ৷ এনে পৰিস্থিতিত দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে বাস্তৱসন্মত আৰু বিজ্ঞানসন্মত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে যে অনাগত দিনত ভাৰতবৰ্ষই ভয়াৱহ সংকটৰ গ্ৰাসত পৰিব সেয়া ধূৰুপ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক