--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিদায় ক্ষণ সমাগত। এই সময়ছোৱাতে আজি এক গধুৰ মনেৰে ৰাজ্যসভাৰ সাংসদসকলে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুক বিদায় সম্ভাষণ জনায়। বিদায় বেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  এম ভেংকায়া নাইডুৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ বিদায় অনুষ্ঠানতো প্ৰধানমন্ত্ৰী মোদীৰ মুখত শুনা গ’ল  মাতৃভাষাক শক্তিশালী কৰাৰ কথা ।

 মোদীয়ে কয় যে নাইডু হৈছে এক  বুদ্ধিদীপ্ত ব্যক্তিত্ব। ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে তেওঁৰ পাঁচ বছৰীয়া কাৰ্যকালৰ প্ৰশংসা কৰে মোদীয়ে।  মোদীয়ে কয় যে নাইডুৰ নেতৃত্বতে  "সদনৰ উৎপাদনশীলতা ৭০ শতাংশ বৃদ্ধি পাইছে"।মোদীয়ে তেওঁৰ ভাষণত কয়  "নাইডুৰ এটা প্ৰশংসনীয় কথা হ'ল ভাৰতীয় ভাষাৰ প্ৰতি তেওঁৰ আগ্ৰহ। তেওঁ সদনতঅধ্যক্ষ হিচাবে থকাৰ সময়তো তেওঁৰ কেতবোৰ কথাই ভাৰতীয় ভাষা প্ৰীতিক  প্ৰতিফলিত কৰি আহিছিল" । 

প্ৰধানমন্ত্ৰী মোদীয়ে নাইডুক প্ৰশংসা কৰি কয় অধ্যক্ষ হিচাপে কয়, "তেওঁ মাতৃভাষাৰ ব্যৱহাৰত উৎসাহপ্ৰদান কৰিছিল কৰে"।  মোদীয়ে লগতে  কয়, "নাইডুৱে কোৱা কথাবোৰত গভীৰতা আৰু সাৰমৰ্ম দুয়োটা আছিল।"  নাইডুৰ সৈতে বহু বছৰ ধৰি থকা  ঘনিষ্ঠ সম্পৰ্কৰ কথাও মোদীয়ে স্মৰণ কৰে। নাইডুক প্ৰশংসা কৰি মোদীয়ে কয় "মই তেওঁক বিভিন্ন দায়িত্ব লোৱা দেখিছোঁ আৰু তেওঁ সেই বোৰৰ প্ৰত্যেকটো অতি নিষ্ঠাৰে সম্পাদন কৰিছিল। তেওঁ  উপ-ৰাষ্ট্ৰপতি হিচাপে আপুনি যুৱ কল্যাণৰ বাবে যথেষ্ট সময় ব্যয় কৰিছে। তেওঁৰ  বহুতো কাৰ্যসূচী যুৱ শক্তিৰ ওপৰত কেন্দ্ৰীভূত আছিল"। 

 প্ৰধানমন্ত্ৰীয়ে কয়  যে নাইডুৱে ৰাজ্যসভাৰ বৰ্ধিত উৎপাদনশীলতাত অৰিহণা যোগাইছিল। মোদীয়ে তেওঁৰ ভাষণত অইবুলি উল্লেখ কৰে "আপোনাৰ কাৰ্যকালত ৰাজ্যসভাৰ প্ৰায় ৭০ শতাংশ উৎপাদনশীলতা বৃদ্ধি পাইছে আৰু প্ৰায় ১৭৭ খন বিধেয়ক গৃহীত হৈছে বা সেইবোৰৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হৈছে" । 

বিদায় সভাত কংগ্ৰেছৰ মল্লিকাৰ্জুন খাৰ্গেই কয়, "নাইডুৱে বহু ৰাজ্যৰ উচ্চ সদনৰ বাবে ৰাষ্ট্ৰীয় নীতিৰ বাবে ওকালতি কৰিছিল। তেওঁ মহিলা সংৰক্ষণ বিধেয়ক আৰু অন্যান্য বিষয়ত সহমত প্ৰকাশ কৰি গৈছিল। মই বিশ্বাস কৰোঁ যে তেওঁ এৰি যোৱা অসম্পূৰ্ণ কাম  খিনি চৰকাৰে সম্পূৰ্ণ কৰিব পাৰিব।" 

উল্লেখ্য ২০১৭ চনত নেচনেল ডেমক্ৰেটিক এলায়েন্সে (এনডিএ) এম ভেংকায়া নাইডুক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছিল আৰু তেওঁ ভাৰতৰ ১৫ সংখ্যক  উপ-ৰাষ্ট্ৰপতি হৈছিল। ১৯৪৯ চনৰ ১ জুলাইত জন্মগ্ৰহণ কৰা নাইডুৰ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যকাল ১০ আগষ্ট, ২০২২ তাৰিখে অন্ত পৰিব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ