--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এইবাৰ ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ আৰু ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ ওলাইছে। ইতিমধ্যে কেন্দ্রীয় চৰকাৰে কেইবাটাও কার্যসূচী আৰম্ভ কৰিছে৷ ইয়াৰে এটা হ’ল আজাদী কা অমৃত মহোৎসৱ। আৰু এই অনুষ্ঠানৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ আহ্বান জনাইছে। ‘মন কী বাত’ অনুষ্ঠানত স্বয়ং প্ৰধানমন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছিল। আৰু এই জাতীয় পতাকাকেন্দ্ৰিক অনুষ্ঠানটোক ‘হৰ ঘৰ ত্ৰিৰংগা অভিযান’ নামেৰে নামাকৰণ কৰা হৈছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে এই ‘হৰ ঘৰ ত্ৰিৰংগা ' অভিযান’ৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ নিয়মত কেইবাটাও পৰিৱৰ্তন আনিছে কেন্দ্ৰীয় চৰকাৰে। জাতীয় পতাকা উত্তোলনত কি কি পৰিৱৰ্তন হৈছে চাওক -

২০২২ চনৰ বাবে ফ্লেগ ক'ড সলনি কৰা 

আগষ্ট মাহৰ প্ৰথম সপ্তাহত সংশোধন কৰা হৈছিল ভাৰতীয় পতাকাৰ ২০২২ নিয়ম । ফ্লেগ ক'ড অফ ইণ্ডিয়া ২০২২ৰ ধাৰা ২.২ৰ ধাৰা ১১ অনুসৰি যিকোনো ভাৰতীয় নাগৰিকৰ ঘৰত যিকোনো সময়তে ভাৰতীয় পতাকা উত্তোলন কৰিব পাৰিব। আনকি ৰাতিও। কিন্তু এই পতাকাৰ আকৃতি ডাঙৰ হোৱা উচিত। আৰু ফাটি যোৱা পতাকা কেতিয়াও উত্তোলন কৰিব নোৱাৰি।

পূৰ্বৰ নিয়মবোৰৰ মাজত কি বেলেগ আছিল?

পূৰ্বৰ নিয়ম অনুসৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ অনুমতি আছিল কেৱল সূৰ্য্য উদয়ৰ পৰা সূৰ্যাস্তলৈকে। পূৰ্বতে পলিয়েষ্টাৰেৰে নিৰ্মিত পতাকা বা মেচিনত নিৰ্মিত পতাকা উত্তোলন কৰিবলৈ দিয়া হোৱা নাছিল। এতিয়া সকলো ধৰণৰ হাতেৰে বা মেচিনত বনোৱা পতাকা তুলিব পাৰি।

পতাকা উত্তোলন কৰাৰ সময়ত কি মন কৰিব লাগে?

• হাতেৰে কাটি লোৱা, হাতেৰে বোৱা, মেচিনত বনোৱা কপাহ, ৰেচম, বা খাদীৰ পতাকা উত্তোলন কৰিব পাৰি।

• কোনো কাৰণতে মাটিত জাতীয় পতাকা স্থাপন কৰিব নালাগে।

• পতাকাত কোনো আখৰ লিখিব নোৱাৰিব।

• জাতীয় পতাকাৰ ৰঙৰ কাপোৰ কেতিয়াও পিন্ধিব নালাগে।

• বিকৃত পতাকা উত্তোলন কৰিব নোৱাৰিব।

• যদি জাতীয় পতাকাৰ লগত আন এখন পতাকা থাকে তেন্তে জাতীয় পতাকা সদায় ওপৰত ৰাখিব লাগে।

• ৰাষ্ট্ৰীয় পতাকা থকা বাৰত আন কোনো পতাকা স্থাপন কৰিব নোৱাৰিব।

• গেৰুৱা ৰং সদায় ওপৰত থাকিব।

• ফাটি যোৱা, ম্লান হৈ পৰা পতাকা উত্তোলন কৰা নহ’ব ।

• জাতীয় পতাকা কোনো ব্যক্তিৰ মৃতদেহ থকা কফিনৰ ওচৰত ৰাখিব নালাগে। 

• পতাকাৰ সঠিক অনুপাত ৩.২।

• জাতীয় পতাকা যাতে আধা উত্তোলন কৰা নহয়  তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

ভাৰতৰ ত্ৰিৰংগাই বিশ্বৰ আগত ভাৰতক প্ৰতিনিধিত্ব কৰে। যি পতাকা সমগ্ৰ দেশৰ সন্মান আৰু গৌৰৱ, সেই পতাকাক নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব নোৱাৰি। গতিকে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত এইবোৰ কথা মনত ৰাখিব। সঠিক পদ্ধতিৰে পতাকা উত্তোলন কৰক। কাৰণ জাতীয় পতাকাক সন্মান কৰাটো ভাৰতৰ প্ৰতিজন নাগৰিকৰ মৌলিক কৰ্তব্য।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ