--°C
Loading...
Listen to Article
2 min read
80%

শিৱসাগৰ : থাওৰা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত হৈ উঠিছে । কেন্দ্ৰীয় মন্ত্ৰী , সাংসদ, ৰাজ্যৰ তিনি জন প্ৰভাৱশালী মন্ত্ৰী , ৯ জন বিধায়ক আৰু দলৰ নেতা কৰ্মীৰে শাসক দল বিজেপিয়ে সুশান্ত বৰগোহাঁই জয়ী কৰিবলৈ উঠি পৰি লাগিছে।

ইপিনে উপ-নিৰ্বাচনৰ যুঁজত পাছ পৰি ৰোৱা নাই নিৰ্দলীয় প্ৰাৰ্থী লোহিত গোৱালাও৷ নিৰ্বাচনী প্ৰচাৰে সমষ্টিৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে লোহিত গোৱালা। কেতিয়াবা চাইকেলেৰে প্ৰচাৰ অভিযান চলাই আৰু কেতিয়াবা দেহৰক্ষী লৈ মটৰচাইকেলেৰে প্ৰচাৰ অভিযানত ব্যস্ত লোহিত গোৱালা।

নিৰ্দলীয় প্ৰাৰ্থী লোহিত গোৱালাই ৫০ হাজাৰ ভোটত উপ নিৰ্বাচনত জয়ী হ'ব বুলি দাবী কৰে। ইপিনে সমষ্টিটোত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰেও সমান্তৰালকৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে৷ কোঁৱৰৰ হৈ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে প্ৰচাৰৰ নেতৃত্ব দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু