--°C
Loading...
Listen to Article
2 min read
80%

কোকৰাঝাৰ : গোসাইগাঁও সমষ্টিত বলিছে উপ-নিৰ্বাচনৰ গৰম বতাহ৷ শাসকীয় দলৰ প্ৰাৰ্থীৰ পৰা আৰম্ভ কৰি বিৰোধী দলেও প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে৷ নিৰ্বাচনী ৰণডংকা বজাই গোসাইগাঁৱত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । ২৮ নং গোসাইগাঁও বিধানসভা সমষ্টিৰ মিত্ৰযোট দল ইউ পি পি এলৰ প্ৰাৰ্থী জিৰন বসুমতাৰীৰ হৈ প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰীয়ে বিপিএফ, এ আই ইউ ডি এফ আৰু কংগ্ৰেছ অৰ্থাৎ চৰকাৰ নথকা দলৰ প্ৰাৰ্থীক ভোট নিদি ইউ পি পি এলৰ প্ৰাৰ্থী ট্ৰেক্টৰ ছবিত ভোট দি গোসাইগাঁৱৰ উন্নয়ন আনিবলৈ আহ্বান জনায়।

আৰু পঢ়িব পাৰিব : উপ-নিৰ্বাচন বতাহ প্ৰৱল; থাওৰাত ভিৰ কৰিছে প্ৰাৰ্থী-প্ৰচাৰকে

সোমবাৰে মৰনৈ চাহ বাগিচাৰ অতিথিশালাত নিশা কটালে মুখ্যমন্ত্ৰীয়ে৷ সমষ্টিটোত বাহৰ পাতি মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ অভিযান চলায়৷ বিজেপিয়ে ইউপিপিএলৰ সৈতে মিত্ৰতা আছে ইয়াত কোনোবা দলে কলেও নহব বুলি কৈ বিজেপি মিত্ৰযোট চৰকাৰে গোষ্ঠীগত সংঘৰ্ষত মৃত্যু হোৱা পৰিয়াললৈ পাঁচ লাখকৈ আৰ্থিক সাহায্য, মাইক্ৰ'ফাইনাঞ্চৰ ঋণ চৰকাৰে ঘুৰাই দিয়া প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে।

আৰু পঢ়িব পাৰিব : আইপিএলত জীৱনৰ বাজি; জুৱাত সৰ্বস্বান্ত শতাধিকৰ আত্মহত্যা, কোনে চলাইছে এই চক্ৰ?

প্ৰতিকূল বতৰ নেওচি কেইবা সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা প্ৰত্যক্ষ কৰি ৰাইজৰ এই উপস্থিতিয়ে মিত্ৰযোট দলৰ প্ৰাৰ্থীৰ বিজয়ৰ ইংগিত বহন কৰিছে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই। উপ নিৰ্বাচনৰ ৰণডংকাত মুখ্যমন্ত্ৰীক সংগ দিয়ে বি টি আৰ প্ৰধান প্ৰমোদ বড়ো, কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল, মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিধায়ক লৰেঞ্চ ইছলাৰী প্ৰমুখ্যে বহু বি জে পি ইউ পি পি এলৰ উচ্চ পদস্ত নেতা সকলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু