--°C
Loading...
Listen to Article
2 min read
80%

কোকৰাঝাৰ : গোসাইগাঁও সমষ্টিত বলিছে উপ-নিৰ্বাচনৰ গৰম বতাহ৷ শাসকীয় দলৰ প্ৰাৰ্থীৰ পৰা আৰম্ভ কৰি বিৰোধী দলেও প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে৷ নিৰ্বাচনী ৰণডংকা বজাই গোসাইগাঁৱত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । ২৮ নং গোসাইগাঁও বিধানসভা সমষ্টিৰ মিত্ৰযোট দল ইউ পি পি এলৰ প্ৰাৰ্থী জিৰন বসুমতাৰীৰ হৈ প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰীয়ে বিপিএফ, এ আই ইউ ডি এফ আৰু কংগ্ৰেছ অৰ্থাৎ চৰকাৰ নথকা দলৰ প্ৰাৰ্থীক ভোট নিদি ইউ পি পি এলৰ প্ৰাৰ্থী ট্ৰেক্টৰ ছবিত ভোট দি গোসাইগাঁৱৰ উন্নয়ন আনিবলৈ আহ্বান জনায়

আৰু পঢ়িব পাৰিব : উপ-নিৰ্বাচন বতাহ প্ৰৱল; থাওৰাত ভিৰ কৰিছে প্ৰাৰ্থী-প্ৰচাৰকে

সোমবাৰে মৰনৈ চাহ বাগিচাৰ অতিথিশালাত নিশা কটালে মুখ্যমন্ত্ৰীয়ে৷ সমষ্টিটোত বাহৰ পাতি মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ অভিযান চলায়৷ বিজেপিয়ে ইউপিপিএলৰ সৈতে মিত্ৰতা আছে ইয়াত কোনোবা দলে কলেও নহব বুলি কৈ বিজেপি মিত্ৰযোট চৰকাৰে গোষ্ঠীগত সংঘৰ্ষত মৃত্যু হোৱা পৰিয়াললৈ পাঁচ লাখকৈ আৰ্থিক সাহায্য, মাইক্ৰ'ফাইনাঞ্চৰ ঋণ চৰকাৰে ঘুৰাই দিয়া প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীয়ে।

আৰু পঢ়িব পাৰিব : আইপিএলত জীৱনৰ বাজি; জুৱাত সৰ্বস্বান্ত শতাধিকৰ আত্মহত্যা, কোনে চলাইছে এই চক্ৰ?

প্ৰতিকূল বতৰ নেওচি কেইবা সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা প্ৰত্যক্ষ কৰি ৰাইজৰ এই উপস্থিতিয়ে মিত্ৰযোট দলৰ প্ৰাৰ্থীৰ বিজয়ৰ ইংগিত বহন কৰিছে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই। উপ নিৰ্বাচনৰ ৰণডংকাত মুখ্যমন্ত্ৰীক সংগ দিয়ে বি টি আৰ প্ৰধান প্ৰমোদ বড়ো, কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল, মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিধায়ক লৰেঞ্চ ইছলাৰী প্ৰমুখ্যে বহু বি জে পি ইউ পি পি এলৰ উচ্চ পদস্ত নেতা সকলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ