--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে বিজেপি দলে উপৰাষ্ট্ৰপতি পদৰ বাবে বিজেপি প্ৰাৰ্থী হিচাপে জগদীপ ধনখড়েৰ নাম উত্থাপন কৰে৷ এসময়ৰ সাংসদ, বিধায়ক, তথা ৰাজ্যপাল ধনখড়ে বৰ্তমান ৰাষ্ট্ৰপতি হোৱাৰ পথত ৷ দেশৰ সাংসদ সকলে ভোট দি জয়যুক্ত কৰে উপ -ৰাষ্ট্ৰপতিক৷ লোকসভা আৰু ৰাজ্যসভাত বিজেপি দলৰ একক সংখ্যাগৰিষ্ঠতা থকাৰ বাবে বৰ্তমান একপ্ৰকাৰৰ নিশ্চিত হৈ পৰিছে জগদীপ ধনখড়েজ জয়৷

ৰাষ্ট্ৰপতি হোৱাৰ লগে লগে মাহিলী বেতন বৃদ্ধি পাব জগদীপ ধনখড়েৰ৷ লগতো ৰাষ্ট্ৰপতিয়ে লাভ কৰা সুবিধা সমূহ ৰাজ্যপালতকৈ বেছি৷ ২০১৮ চনৰ পৰা ভাৰতত ৰাষ্ট্ৰীয়, ৰাজ্যপাল,উপৰাষ্ট্ৰপতিৰ বেতনহ কিছু সাল সলনি হৈছে৷সেই পৰিৱৰ্তন অনুসৰি ভাৰতৰ কোনো এখন ৰাজ্যৰ ৰাজ্যপালৰ মাহিলী বেতন ৩ লাখ ৫০ হাজাৰ টকা৷ ইয়াৰ পূৰ্বতে  বেতন আছিল ১ লাখ দহ হাজাৰ টকা৷

সেইসময়ত  উপৰাষ্ট্ৰপতিৰ বেতন আছিল ১ লাখ ২৫ হাজাৰ টকা৷বৰ্তমান এই বেতন বৃদ্ধি হৈ ৫ লাখ টকা হৈছেগৈ৷ মাহিলী বেতনৰ উপৰিও উপৰাষ্ট্ৰপতিয়ে আন বহুতো সা-সুবিধা লাভ কৰে৷তেওঁৰ বাসগৃহ, পৰিবহণ, চিকিৎসা সংক্ৰান্তীয় সকলো খৰচ কেন্দ্ৰ চৰকাৰে বহন কৰে৷ আনহাতে কেতিয়াবা যদি উপৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতিৰ হৈ কাম কৰিব লগীয়া হয়, তেতিয়া উপৰাষ্ট্ৰপতিয়ে সা-সুবিধা আৰু দৰমহা ৰাষ্ট্ৰপতিৰ সমানেই লাভ কৰে৷ লগতে অৱসৰ লাভ কৰাৰ পাছত উপৰাষ্ট্ৰপতিয়ে প্ৰতি মাহে দুই লাখ টকাকৈ পেঞ্চন লাভ কৰে৷

ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ তুলনাত দৰমহা যথেষ্ট কম প্ৰধানমন্ত্ৰীৰ ৷ প্ৰধানমন্ত্ৰীৰ দৰমহা এজন সাংসদৰ সমপৰ্য্যায়ৰ৷ প্ৰতি পাঁচ বছৰৰ অন্তত পৰিৱৰ্তন হয় তেওঁলোকৰ দৰমহা




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ