--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশ তথা জনসাধাৰণৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত নিৰাপত্তাৰক্ষীৰ নিজৰ মাজতে নোহোৱা হৈছে নিৰাপত্তাৰ পৰিৱেশ। শেহতীয়া কিছু বছৰত নিৰাপত্তা কৰ্মী সকলৰ সতীৰ্থ কৰ্মীসকলৰ মাজতে হোৱা বিবাদ আৰু তাৰ ফলস্বৰূপে হোৱা কেইবাটাও আশ্চৰ্যজনক আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। এনে আক্ৰমণৰ ফলত প্ৰাণো হেৰুৱাব লগীয়া হৈছে কেইবাগৰাকীও নিৰাপত্তাৰক্ষীয়ে।

যোৱা শনিবাৰে জম্মু-কাশ্মীৰত সংঘটিত হৈছিল এনে এক আশ্চৰ্যকৰ ঘটনা। জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত এজন ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ (আইটিবিপি) জোৱানে তেওঁৰ তিনিজন সহকৰ্মীক গুলীয়াই আহত কৰাৰ পিছত নিজকে গুলীয়াই হত্যা কৰিছিল। শুকুৰবাৰে পুঞ্চত সংঘটিত এনে এক ঘটনাৰ সময়ত দুজন সেনা জোৱান নিহত হোৱাৰ লগতে আন দুজন জোৱান আহত হৈছিল।

এইবাৰ এনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে দিল্লীত। ৰাষ্ট্ৰীয় ৰাজধানীত নিযুক্ত ছিকিম আৰক্ষীৰ এজন ৩২ বছৰীয়া জোৱানে তিনিজন সহকৰ্মীক গুলীয়াই হত্যা কৰাৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। দিল্লীৰ ৰোহিণী অঞ্চলৰ হায়দৰপুৰ পানী শোধন প্ৰকল্পত সংঘটিত হৈছে এই ভয়াৱহ ঘটনা।

বিভাগীয় উচ্চপ্ৰদস্থ বিষয়াসকলে জানিবলৈ দিয়া মতে আৰক্ষী জোৱানকেইজনৰ মাজত কোনো বিষয়ত বিবাদৰ সূত্ৰপাত হৈছিল আৰু ইয়াৰ পৰিণতিতে এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে।

বিষয়াসকলে জনোৱা অনুসৰি, সতীৰ্থ জোৱান গৰাকীৰ এই আক্ৰমণত নিহত হোৱা তিনিজন জোৱানৰ ভিতৰত দুজনৰ ঘটনাস্থলীতে মৃত্যু হৈছিল। আনহাতে তৃতীয়জন জোৱানক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়।

জোৱানজনৰ গুলীত ঘটনাস্থলীতে মৃত্যু হোৱা আৰক্ষী কৰ্মী দুজন ক্ৰমে কমাণ্ডাৰ পিণ্টো নামগিয়াল ভুটিয়া আৰু ইন্দ্ৰ লাল ছেত্ৰী বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আনহাতে গুৰুতৰভাৱে আহত হোৱা জোৱান ধনহাং চুব্বাক ড০ বাবা চাহেব আম্বেদকাৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হয়।

তিনি সহকৰ্মীক এনেদৰে নৃশংসভাৱে হত্যা কৰাৰ অভিযোগত অভিযুক্ত জোৱান গৰাকীক প্ৰবিন ৰায় বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী বিষয়া সকলে জানিবলৈ দিয়া মতে হত্যাকাণ্ডৰ পাছতে ৰায়ে আত্মসমৰ্পণ কৰে আৰু দিল্লী আৰক্ষীয়ে লগে লগে ৰায়ক গ্ৰেপ্তাৰ কৰে।

ভাৰতীয় ৰিজাৰ্ভ বেটেলিয়ন (আইআৰবিএন), ছিকিম আৰক্ষীৰ লেন্স নায়ক পদত কৰ্মৰত আছিল ধৃত প্ৰবিন ৰায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক