--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশ তথা জনসাধাৰণৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত নিৰাপত্তাৰক্ষীৰ নিজৰ মাজতে নোহোৱা হৈছে নিৰাপত্তাৰ পৰিৱেশ। শেহতীয়া কিছু বছৰত নিৰাপত্তা কৰ্মী সকলৰ সতীৰ্থ কৰ্মীসকলৰ মাজতে হোৱা বিবাদ আৰু তাৰ ফলস্বৰূপে হোৱা কেইবাটাও আশ্চৰ্যজনক আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। এনে আক্ৰমণৰ ফলত প্ৰাণো হেৰুৱাব লগীয়া হৈছে কেইবাগৰাকীও নিৰাপত্তাৰক্ষীয়ে।

যোৱা শনিবাৰে জম্মু-কাশ্মীৰত সংঘটিত হৈছিল এনে এক আশ্চৰ্যকৰ ঘটনা। জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত এজন ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ (আইটিবিপি) জোৱানে তেওঁৰ তিনিজন সহকৰ্মীক গুলীয়াই আহত কৰাৰ পিছত নিজকে গুলীয়াই হত্যা কৰিছিল। শুকুৰবাৰে পুঞ্চত সংঘটিত এনে এক ঘটনাৰ সময়ত দুজন সেনা জোৱান নিহত হোৱাৰ লগতে আন দুজন জোৱান আহত হৈছিল।

এইবাৰ এনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে দিল্লীত। ৰাষ্ট্ৰীয় ৰাজধানীত নিযুক্ত ছিকিম আৰক্ষীৰ এজন ৩২ বছৰীয়া জোৱানে তিনিজন সহকৰ্মীক গুলীয়াই হত্যা কৰাৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। দিল্লীৰ ৰোহিণী অঞ্চলৰ হায়দৰপুৰ পানী শোধন প্ৰকল্পত সংঘটিত হৈছে এই ভয়াৱহ ঘটনা।

বিভাগীয় উচ্চপ্ৰদস্থ বিষয়াসকলে জানিবলৈ দিয়া মতে আৰক্ষী জোৱানকেইজনৰ মাজত কোনো বিষয়ত বিবাদৰ সূত্ৰপাত হৈছিল আৰু ইয়াৰ পৰিণতিতে এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে।

বিষয়াসকলে জনোৱা অনুসৰি, সতীৰ্থ জোৱান গৰাকীৰ এই আক্ৰমণত নিহত হোৱা তিনিজন জোৱানৰ ভিতৰত দুজনৰ ঘটনাস্থলীতে মৃত্যু হৈছিল। আনহাতে তৃতীয়জন জোৱানক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়।

জোৱানজনৰ গুলীত ঘটনাস্থলীতে মৃত্যু হোৱা আৰক্ষী কৰ্মী দুজন ক্ৰমে কমাণ্ডাৰ পিণ্টো নামগিয়াল ভুটিয়া আৰু ইন্দ্ৰ লাল ছেত্ৰী বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আনহাতে গুৰুতৰভাৱে আহত হোৱা জোৱান ধনহাং চুব্বাক ড০ বাবা চাহেব আম্বেদকাৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হয়।

তিনি সহকৰ্মীক এনেদৰে নৃশংসভাৱে হত্যা কৰাৰ অভিযোগত অভিযুক্ত জোৱান গৰাকীক প্ৰবিন ৰায় বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী বিষয়া সকলে জানিবলৈ দিয়া মতে হত্যাকাণ্ডৰ পাছতে ৰায়ে আত্মসমৰ্পণ কৰে আৰু দিল্লী আৰক্ষীয়ে লগে লগে ৰায়ক গ্ৰেপ্তাৰ কৰে।

ভাৰতীয় ৰিজাৰ্ভ বেটেলিয়ন (আইআৰবিএন), ছিকিম আৰক্ষীৰ লেন্স নায়ক পদত কৰ্মৰত আছিল ধৃত প্ৰবিন ৰায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ