--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰতি বছৰৰ দৰে এইবাৰো ২৯ ছেপ্টেম্বৰ তাৰিখে বিশ্ব হৃদ দিৱস পালন কৰা হৈছে। এই দিৱসৰ মূল উদ্দেশ্য হৈছে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ প্ৰতি সজাগতা বৃদ্ধি কৰা আৰু হৃদ ৰোগৰ প্ৰতি সতৰ্কতা সৃষ্টি কৰা। এই বছৰৰ বিশ্ব হৃদ দিৱসত "Use Heart for Action" অৰ্থাৎ হৃদযন্ত্ৰৰ যত্ন ল'বলৈ সক্ৰিয় পদক্ষেপ গ্ৰহণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে।

সম্প্ৰতি হৃদ ৰোগ(CVDs) হৈছে মানুহৰ মৃত্যুৰ মূখ্য কাৰণ৷ হৃদৰোগত আক্ৰান্ত হৈ ভাৰতত হৃদয়ৰ ৰোগৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা যথেষ্ট পৰিমাণে বেছি। ২০২২ চনত ভাৰতত প্ৰায় ৩২,৪৫৭ জনলোক হৃদ ৰোগৰ ফলত মৃত্যু হৈছিল, যি পূৰ্বৰ তুলনাত ১২.৫% বৃদ্ধি পাইছে।
সমগ্ৰ বিশ্বজুৰি ২০২১ চনত প্ৰায় ২০.৫ মিলিয়ন লোক হৃদ ৰোগৰ ফলত মৃত্যু হৈছিল। বিশ্বত প্ৰতি বছৰে প্ৰায় ১৮.৬ মিলিয়ন লোকৰ মৃত্যু হয় কেৱল হৃদ ৰোগৰ বাবে৷

উল্লেখযোগ্য যে বিশ্ব হৃদ দিৱস প্ৰথমবাৰৰ বাবে ১৯৯৯ চনত ৱৰ্লড হাৰ্ট ফেডাৰেচন(WHF)আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO)সহযোগত আৰম্ভ কৰা হৈছিল।  ২০০০ চনৰ ২৪ ছেপ্টেম্বৰত বিশ্ব হৃদ দিৱস প্ৰথম আনুষ্ঠানিকভাৱে পালন কৰা হৈছিল। ২০১১ চনৰ পৰা এই দিৱসটো প্ৰতিবছৰে ২৯ ছেপ্টেম্বৰত পালন কৰি অহা হৈছে।

বিশ্ব হৃদ দিৱস পালন কৰা মূল লক্ষ্য হৈছে হৃদ ৰোগৰ পৰা মুক্তি পাবলৈ সজাগতা বৃদ্ধি কৰা। বিনামূলীয়া হৃদয় পৰীক্ষা, পদযাত্ৰা, মাৰাথন, আৰু শিক্ষামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা আদি কাৰ্যসূচীৰে বিশ্ব হৃদ দিৱস পালন কৰা পৰিলক্ষিত হয়৷ বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ 

স্বাস্থ্যকৰ জীৱনধাৰা, নিয়মিত স্বাস্থ্য পৰীক্ষা, আৰু হৃদযন্ত্ৰৰ যত্নৰ প্ৰতি সজাগতা বৃদ্ধি কৰিলে হৃদ ৰোগৰ ফলত মৃত্যুৰ হাৰ কম হোৱাৰ আশা কৰিব পাৰি, সুখবৰ যে সম্প্ৰতি হৃদয়ৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ন ন উদ্ভাৱনে হৃদৰোগৰ পৰা উপশম কাৰৰ ক্ষেত্ৰত ৰোগী সকলৰ মাজত আশাৰ সঞ্চাৰ কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক