--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰতি বছৰৰ দৰে এইবাৰো ২৯ ছেপ্টেম্বৰ তাৰিখে বিশ্ব হৃদ দিৱস পালন কৰা হৈছে। এই দিৱসৰ মূল উদ্দেশ্য হৈছে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ প্ৰতি সজাগতা বৃদ্ধি কৰা আৰু হৃদ ৰোগৰ প্ৰতি সতৰ্কতা সৃষ্টি কৰা। এই বছৰৰ বিশ্ব হৃদ দিৱসত "Use Heart for Action" অৰ্থাৎ হৃদযন্ত্ৰৰ যত্ন ল'বলৈ সক্ৰিয় পদক্ষেপ গ্ৰহণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে।

সম্প্ৰতি হৃদ ৰোগ(CVDs) হৈছে মানুহৰ মৃত্যুৰ মূখ্য কাৰণ৷ হৃদৰোগত আক্ৰান্ত হৈ ভাৰতত হৃদয়ৰ ৰোগৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা যথেষ্ট পৰিমাণে বেছি। ২০২২ চনত ভাৰতত প্ৰায় ৩২,৪৫৭ জনলোক হৃদ ৰোগৰ ফলত মৃত্যু হৈছিল, যি পূৰ্বৰ তুলনাত ১২.৫% বৃদ্ধি পাইছে।
সমগ্ৰ বিশ্বজুৰি ২০২১ চনত প্ৰায় ২০.৫ মিলিয়ন লোক হৃদ ৰোগৰ ফলত মৃত্যু হৈছিল। বিশ্বত প্ৰতি বছৰে প্ৰায় ১৮.৬ মিলিয়ন লোকৰ মৃত্যু হয় কেৱল হৃদ ৰোগৰ বাবে৷

উল্লেখযোগ্য যে বিশ্ব হৃদ দিৱস প্ৰথমবাৰৰ বাবে ১৯৯৯ চনত ৱৰ্লড হাৰ্ট ফেডাৰেচন(WHF)আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO)সহযোগত আৰম্ভ কৰা হৈছিল।  ২০০০ চনৰ ২৪ ছেপ্টেম্বৰত বিশ্ব হৃদ দিৱস প্ৰথম আনুষ্ঠানিকভাৱে পালন কৰা হৈছিল। ২০১১ চনৰ পৰা এই দিৱসটো প্ৰতিবছৰে ২৯ ছেপ্টেম্বৰত পালন কৰি অহা হৈছে।

বিশ্ব হৃদ দিৱস পালন কৰা মূল লক্ষ্য হৈছে হৃদ ৰোগৰ পৰা মুক্তি পাবলৈ সজাগতা বৃদ্ধি কৰা। বিনামূলীয়া হৃদয় পৰীক্ষা, পদযাত্ৰা, মাৰাথন, আৰু শিক্ষামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা আদি কাৰ্যসূচীৰে বিশ্ব হৃদ দিৱস পালন কৰা পৰিলক্ষিত হয়৷ বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ 

স্বাস্থ্যকৰ জীৱনধাৰা, নিয়মিত স্বাস্থ্য পৰীক্ষা, আৰু হৃদযন্ত্ৰৰ যত্নৰ প্ৰতি সজাগতা বৃদ্ধি কৰিলে হৃদ ৰোগৰ ফলত মৃত্যুৰ হাৰ কম হোৱাৰ আশা কৰিব পাৰি, সুখবৰ যে সম্প্ৰতি হৃদয়ৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ন ন উদ্ভাৱনে হৃদৰোগৰ পৰা উপশম কাৰৰ ক্ষেত্ৰত ৰোগী সকলৰ মাজত আশাৰ সঞ্চাৰ কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ