ডিজিটেল ডেস্ক: ‘বৈচিত্ৰৰ মাজত ঐক্য’- বিশ্ব ৰাজনীতিত এই পৰিচয়ৰ বাবে ভাৰতবৰ্ষই এক সুকীয়া স্থান দখল কৰি আহিছে। সাংবিধানিক ভেঁটিত গঢ় লৈ উঠা ভাৰতৰ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ চৰিত্ৰই এই ‘বৈচিত্ৰৰ মাজত ঐক্য’ৰ পৰিচয়ত সোণত সুৱগা চৰাইছিল। কিন্তু হঠাত ভাৰতৰ সমগ্ৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ মূল আধাৰ সংবিধানৰ ওপৰত নামি আহে নিৰন্তৰ আক্ৰমণ। ২০১৪ চনত ধৰ্মীয় ৰাজনীতিৰ মুকলি পৃষ্ঠপোষক বিজেপিয়ে দেশৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছতে ভাৰতীয় সমাজ ব্যৱস্থাটোত এক উদ্বেগজনক পৰিৱেশে মূৰ দাঙি উঠে। দেশৰ সাংবিধানিক চৰিত্ৰক মুকলিকৈ উপহাস কৰি বিজেপি তথা বিজেপিৰ আদৰ্শগত আধাৰ আৰ এছ এছ আৰু ইহঁতৰ পোষ্যপুত্ৰ সদৃশ হিন্দুত্ববাদী সংগঠনসমূহে দেশত বাধাহীনভাৱে চটিয়াই দিছে সাম্প্ৰদায়িক বিষবাষ্প। এনে পৰিস্থিতিত দেশৰ বিভিন্ন প্ৰান্তত ক্ৰমশ উদ্ভৱ হ’বলৈ ধৰে সাম্প্ৰদায়িক সংঘাতৰ দৰে উদ্বেগজনক ঘটনা। ভাৰতৰ সেই ‘বৈচিত্ৰৰ মাজত ঐক্য’ নীতিৰ ঠাইত সম্প্ৰতি ফুটি উঠে এক সম্পূৰ্ণ পৃথক চৰিত্ৰ। লজ্জানত হ’বলগীয়া হৈছে বিশ্ব সম্প্ৰদায়ৰ সমুখত।
শাসকীয় বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত হিন্দুত্ববাদী মনোভাৱ পোষণ কৰা একাংশ ব্যক্তি তথা সংগঠনে দেশত সম্প্ৰতি মুকলিকৈয়ে সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰি আহিছে। সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব পৰা এনে বিতৰ্কিত স্থিতিৰ পাছতো এই হিন্দুত্ববাদী লোকসকল শাসকপক্ষৰ অনুগ্ৰহত কোনো আইনী শাস্তিৰো সন্মুখীন নোহোৱাকৈ মুক্তভাৱে ঘূৰি ফুৰাৰ নজিৰ আছে। হিন্দুত্ববাদী সংগঠনসমূহৰ এনে আগ্ৰাসী চৰিত্ৰৰ ফলশ্ৰুতিত প্ৰকাশ্যেই পৰস্পৰ পৰিপূৰক ৰূপে বৃদ্ধি পাইছে মুছলমান মৌলবাদী শক্তিও।
সম্প্ৰতি দেশৰ ৰাজনীতিত এনেদৰে সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি কৰিব পৰা বিশেষ কেইটামান ঘটনাই তোলপাৰ লগাই আছে। বিজেপিৰ মুখপাত্ৰ নুপুৰ শৰ্মাৰ প্ৰফেট মহম্মদ সম্পৰ্কে মন্তব্যৰ বাবে দেশৰ লগতে সমগ্ৰ বিশ্বতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আন্ত: ৰাষ্ট্ৰীয় পৰ্যায়ত নিন্দাৰ সন্মুখীন হোৱাৰ পৰিণতিত নুপুৰ শৰ্মাক নিলম্বন কৰিবলৈ বাধ্য হৈছিল বিজেপি। নুপুৰ শৰ্মা বিতৰ্কতে ভেজা দি সংঘটিত হৈছিল উদয়পুৰৰ নৃশংস হত্যাকাণ্ড। এই ভয়াৱহ হত্যাকাণ্ডই সমগ্ৰ দেশতে খলকনি তুলিছিল। কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সংবাদ প্ৰতিষ্ঠানৰ অনুসন্ধানমূলক প্ৰতিবেদনৰ পাছত এই হত্যাকাণ্ড ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিযোগ উঠিছিল।
ইয়াৰ পিছতে বাতৰিৰ শীৰ্ষলৈ আহিছে উত্তৰ প্ৰদেশৰ আন এক ঘটনা। ৰাজ্যখনৰ চম্ভলৰ এক ব্যস্ত এলেকাত থকা এখন ৰেষ্টুৰেণ্টৰ পৰা দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তালিব হুছেইন নামৰ এজন ব্যক্তিক। তালিবৰ বিৰুদ্ধে উত্থাপিত হৈছিল হিন্দু দেৱ-দেৱীৰ ফটো সম্বলিত বাতৰি কাকতৰ টুকুৰাত মাংস মেৰিয়াই বিক্ৰী কৰাৰ অভিযোগ। তালিবে এনে কৰ্মৰ দ্বাৰা হিন্দু ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগত উত্তৰ প্ৰদেশ আৰক্ষীয়ে তালিবক গ্ৰেপ্তাৰ কৰিছিল।
পিছে এনে ধৰ্মীয় বিষয়ৰ আধাৰত তাবিৰক গ্ৰেপ্তাৰ কৰা হয় যদিও তেখেতৰ পৰিয়ালৰ লোকে অস্বীকাৰ কৰিছে এই অভিযোগ। পৰিয়ালটোৱে দাবী কৰিছে যে তালিবৰ বিৰুদ্ধে হিন্দু ধৰ্মক অপমানৰ যি অভিযোগ উত্থাপন হৈছে, এয়া সম্পূৰ্ণ মিছা। তেওঁলোকে লগতে এনে ভুৱা প্ৰচাৰেৰে সাম্প্ৰদায়িক ৰহন সানিবলৈ চেষ্টা কৰা গোটেই ঘটনাটোত চম্ভল আৰক্ষীয়েও হিন্দুত্ববাদী গোটবোৰক সহযোগ কৰিছে বুলিও বিস্ফোৰক অভিযোগ তুলিছে। উল্লেখ্য যে চম্ভল আৰক্ষীয়ে প্ৰকাশ কৰা মতে দেওবাৰে নিশা প্ৰায় ৮.৫০ বজাত মেহক ৰেষ্টুৰেণ্টৰ মুছলমান মালিক আৰু হিন্দুত্ববাদী গোট এটাৰ মাজত বিবাদৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈছিল। ঘটনাৰ বুজ লৈ আৰক্ষীয়ে ৰেষ্টুৰেণ্টখনৰ বিলিং কাউণ্টাৰৰ পৰা হিন্দু দেৱ-দেৱীৰ ফটো থকা বাতৰি কাকত সমূহ উদ্ধাৰ কৰিছিল আৰু লগে লগে তালিব হুছেইনক গ্ৰেপ্তাৰ কৰিছিল।
স্থানীয় চম্ভল কোতৱালী আৰক্ষী থানাৰ জ্যেষ্ঠ উপ-পৰিদৰ্শক অজয় কুমাৰ ত্যাগীয়ে অভিযোগ কৰিছিল যে আৰক্ষীৰ দলটো তালিবক গ্ৰেপ্তাৰৰ বাবে যোৱাৰ সময়ত তালিবে হাতত এখন ছুৰি লৈ আৰক্ষীলৈ চোঁচা লৈছিল। অৱশ্যে যথেষ্ট সতৰ্কতাৰে আৰক্ষীৰদলটোৱে এই আক্ৰমণ প্ৰতিহত কৰি তালিবক গ্ৰেপ্তাৰ কৰিছিল বুলি আৰক্ষী বিষয়া গৰাকীয়ে উল্লেখ কৰিছিল। ইয়াৰ পিছতে হুছেইনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২৯৫ এ, ১৫৩ এ, ৩০৭ আৰু ৩৫৩ ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।
বৰ্তমান আৰক্ষীৰ জিম্মাত থকা তালিবৰ হৈ অধিবক্তা ইকদাদাৰ হুছেইন পাশাই বুধবাৰে জামিনৰ বাবে আবেদন কৰিব। অৱশ্যে তালিবৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত যোগ দিয়া কঠোৰ আইপিচি ধাৰাবোৰৰ উপস্থিতিত তেওঁ জামিন লাভ কৰাটো প্ৰায় অনিশ্চিত হৈ পৰিছে। আনহাতে অধিবক্তা ইকদাদাৰ হুছেইন পাশাই আৰক্ষী বিষয়া ত্যাগীয়ে তালিবৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত যুক্তি দি জনবহুল বজাৰ এখনত এজন বৃদ্ধ ব্যক্তিয়ে কেনেকৈ মুকলিকৈ আৰক্ষীক আক্ৰমণ কৰিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কয়, “সেই লেনটোত বহুতো কেমেৰা আছে, আৰক্ষী ভুল প্ৰমাণিত হ'ব। তেওঁলোকৰ অভিযোগ ভিত্তিহীন। তেওঁলোকে এই দাবীৰ বাবে কোনো প্ৰমাণ প্ৰদান কৰা নাই।"
ইফালে আৰক্ষী বিষয়া ত্যাগীক বিবাদৰ বিষয়ে অৱগত কৰাৰ কেইমিনিটমান পূৰ্বে বিজেপিৰ যুৱ শাখা ভাৰতীয় জনতা যুৱ মৰ্চাৰ জিলা উপ-সভাপতি হিমাংশু কাশ্যপে তালিব হুছেইনৰ এখন ফটো টুইট কৰিছিল। ফটোখনৰ সৈতে কাশ্যপে তালিব হুছেইনে হিন্দু দেৱ-দেৱীৰ ফটো থকা বাতৰি কাকতত মাংস মেৰিয়াইছে বুলি অভিযোগ কৰি চম্ভাল আৰক্ষীক তাৎক্ষণিক পদক্ষেপ ল'বলৈ আহ্বান জনাইছিল।
কিন্তু কাশ্যপৰ এই অভিযোগ অস্বীকাৰ কৰিছে তালিবৰ পুত্ৰ তাবিশে। তাবিশে কয় যে চম্ভলচহৰত পুৰণি, অব্যৱহৃত বাতৰি কাকতবোৰ ৰেষ্টুৰেণ্টবোৰে পূৰ্বৰে পৰা ৰুটি মেৰিয়াবলৈ ব্যৱহাৰ কৰে। কিন্তু ইয়াক ভুল ৰূপত প্ৰতিষ্ঠা কৰি দেউতাকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি ক্ষোভ উজাৰি তাবিশে কয়, “আমি বহু বছৰ ধৰি এই ঠাইত ৰেষ্টুৰেণ্টখন চলাই আহিছো। বিভিন্ন স্থানৰ পৰা সকলো সম্প্ৰদায়ৰ লোকে ৰেষ্টুৰেণ্টখনত খাবলৈ আহে। আমি কেতিয়াও কোনো সমস্যাৰ সন্মুখীন হোৱা নাই।”
তাবিশৰ ভাষ্য মতে তেওঁলোকৰ ৰেষ্টুৰেণ্টলৈ এজন ব্যক্তি গ্ৰাহক হিচাপে সোমাই আহিছিল আৰু ৰুটি পেক কৰিছিল। অনলাইনত ইয়াৰ দাম পৰিশোধ কৰাৰ ভাও ধৰি মানুহজনে ৰুটী পেকিং কৰি থকাৰ সময়ত এখন ফটো তুলিছিল বুলি তাবিশে দাবী কৰিছে। এই ফটোখনকে এতিয়া টুইটাৰত প্ৰচাৰ কৰি থকা হৈছে বুলি তাবিশে উল্লেখ কৰিছে।
আনহাতে তালিবে বাতৰি কাকত ক্ৰয় কৰা দোকানখনেও কয় যে তালিবক খোলাকৈ বাতৰি কাকত বিক্ৰী কৰা হোৱা নাছিল। দোকানখনৰ এগৰাকী কৰ্মচাৰীৰ ভাষ্য মতে তেওঁলোকৰ দোকানলৈ বাতৰি কাকতসমূহ বন্ধ পেকেটত আহে। এনে অৱস্থাত পেকেটৰ ভিতৰত থকা কাকতসমূহত কেনে ধৰণৰ ছবি থাকিব পাৰে সেই সন্দৰ্ভত তেওঁলোকৰ কোনো ধাৰণা নাই বুলি কৰ্মচাৰী গৰাকীয়ে মন্তব্য কৰে।
গতিকে তালিবৰ পুত্ৰ তাবিশ আৰু দোকানখনৰ কৰ্মচাৰী গৰাকীৰ মন্তব্যৰ পৰা তালিবৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ওপৰত স্বাভাৱিকতেই সন্দেহৰ সৃষ্টি হৈছে। তালিবৰ বিৰুদ্ধে ভুৱা অভিযোগ তুলি মূলত: সাম্প্ৰদায়িক বিদ্বেষৰ এক পৰিৱেশ ৰচনাৰ ষড়যন্ত্ৰ কৰা বুলিও চৰ্চা চলিছে। আনহাতে দেশৰ দোকান-পোহাৰত বাতৰি কাকতত যিকোনো সামগ্ৰী মেৰিয়াই ক্ৰেতাক দিয়াটো এক সাধাৰণ পৰম্পৰা। ইয়াতে এনেদৰে ৰাজনৈতিক মুনাফা আদায়ৰ স্বাৰ্থত সাম্প্ৰদায়িক ৰহন সনাৰ প্ৰয়োজন নাছিল বুলিও বিভিন্নজনে মত পোষণ কৰিছে। তদুপৰি দেশৰ বিভিন্ন প্ৰান্তত মুছলমান সম্প্ৰদায়ক লক্ষ্য কৰি হিন্দুত্ববাদী একাংশ লোকে বিৰূপ মন্তব্য কৰি অহাৰ পিছতো এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰা আৰক্ষী প্ৰশাসনে তালিবৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে লোৱা পদক্ষেপৰ পাছত আৰক্ষীৰ নিৰপেক্ষতাৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে।
ইফালে তালিব হুছেইনৰ বাসস্থান থকা এলেকাতো সম্প্ৰতি অত্যন্ত উত্তেজনাপূৰ্ণ পৰিস্থিতি বিৰাজ কৰিছে বুলি জানিব পৰা গৈছে। এনে অৱস্থাত নিৰাপত্তাৰ সংশয়ত ভুগিছে তালিবৰ পৰিয়ালে। পৰিয়ালটোৱে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে তালিবক এক ঘৃণাৰ ষড়যন্ত্ৰৰ বলিৰ পঠা বনোৱা হৈছে আৰু এই ষড়যন্ত্ৰৰ পাৰ্শ্বক্ৰিয়াৰ প্ৰতিফল এতিয়া গোটেই পৰিয়ালটোৱেও ভোগ কৰিবলগীয়া হৈছে।
হুছেইনৰ পুত্ৰৰ পত্নী ফাৰহা নাজে কয়, "আমি সন্ত্ৰাস অনুভৱ কৰিছো। আমাৰ ল'ৰা-ছোৱালীবোৰে বিদ্যালয়লৈ যোৱা বন্ধ কৰিছে। আমি কেতিয়াও কল্পনা কৰা নাছিলো যে আমাৰ লগত এনেকুৱা কিবা ঘটিব পাৰে।”
তেওঁ লগতে ডায়েবেটিচ ৰোগত আক্ৰান্ত তালিবৰ স্বাস্থ্যৰ বাবেও পৰিয়ালটো চিন্তিত হৈ পৰিছে বুলি মন্তব্য কৰে। আনহাতে আৰক্ষীয়ে তালিবৰ ওপৰত আৰোপ কৰা হত্যাৰ চেষ্টাৰ গুৰুতৰ অভিযোগ সন্দৰ্ভত নাজে কয় যে তালিবে আজিলৈকে কাকো আক্ৰমণ কৰা নাই। তেওঁ কোনো হত্যাকাৰী নহয়, তাৰ পিছতো তেওঁ কাউণ্টাৰত চুৰি কিয় ৰাখিব বুলি আৰক্ষীক প্ৰশ্ন কৰিছে নাজে।
সম্প্ৰতি এই সমগ্ৰ ঘটনাটো এনেধৰণৰ প্ৰাসংগিক যুক্তিযুক্ততাৰ পিছত সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। হিন্দুত্ববাদী গোটসমূহৰ ভূৱা প্ৰচাৰ আৰু বিগত সময়চোৱাৰ কৰ্মপন্থালৈ লক্ষ্য কৰিলে তালিবৰ পৰিয়ালে আত্মপক্ষ সমৰ্থনত দাঙি ধৰা যুক্তিসমূহ আওকাণ কৰিব নোৱাৰি। আনহাতে দেশৰ ভিতৰতে অত্যাধিক অপৰাধৰ ঘটনা সংঘটিত হোৱা উত্তৰ প্ৰদেশত ৰাজ্যখনৰ আৰক্ষী বাহিনীৰ পক্ষপাতদুষ্ট আচৰণ আৰু অভিযুক্তৰ বিৰুদ্ধে ভুৱা অভিযোগ সৃষ্টিক কেন্দ্ৰ কৰি ইতিপূৰ্বে আদালতৰ দ্বাৰাও ভৎসনাৰো সন্মুখীন হৈছিল। গতিকে তালিব সম্বন্ধে ওলোৱা খবৰ কিমানদূৰ সত্য হ’ব, সেয়া নিৰ্ধাৰণ কৰাটো কঠিন।