--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ আৰাধ্যা দেৱী কালীক সচৰাচৰ দেখা পোৱা ছবিসমূহত হাতত অস্ত্ৰসহ ছিন্ন মূণ্ড লৈ থকা দেখিবলৈ পোৱা যায়। পিছে কালীৰ এই সদা দৃশ্যমান ছবিখনৰ বিপৰীতে আন এখন ছবিহে সম্প্ৰতি জনপ্ৰিয় হৈ পৰিছে। অৱশ্যে এই নতুন ছবিখনে জনপ্ৰিয়তা অৰ্জন কৰাতকৈ অধিক বিতৰ্কৰহে সমল হৈ পৰিছে। এই নতুন ছবিখনত কালীয়ে পৰম্পৰাগত দৃশ্যমান ধ্যান-ধাৰণাক সম্পূৰ্ণৰূপে ধূলিস্যাৎ কৰি পেলাইছে। এই নৱ কালীৰ ওঁঠত লাগি আছে এটা চিগাৰেট। চিগাৰেটত টান মাৰি কালীয়ে শূন্যলৈ উৰুৱাই দিছে ধোৱাৰ কুণ্ডলী। এখন হাতেৰে কালীয়ে উৰুৱাই আছে LGBTQ+ সকলৰ গৌৰৱৰ পতাকা! স্বাভাৱিকতেই কালীৰ এই নতুন ৰূপে সকলোকে হতচকিত কৰি তুলিছে।

দৰাচলতে প্ৰকাশ পোৱা কালীৰ এই ছবিখন এখন নব্যনিৰ্মিত তথ্যচিত্ৰৰ পোষ্টাৰ। সম্প্ৰতি সমগ্ৰ দেশতে ‘কালী’ শীৰ্ষক এই তথ্যচিত্ৰখনৰ পোষ্টাৰে তুমুল বিতৰ্কৰ সৃষ্টি কৰিছে। এই বিশেষ পোষ্টাৰখনত হিন্দু ধৰ্মাৱলম্বী লোকৰ আৰাধ্যা কালী দেৱীক ধূমপান কৰি থকা দেখিবলৈ পোৱা গৈছে।

পোষ্টাৰখন মুকলি কৰাৰ পিছতে তথ্যচিত্ৰখনৰ নিৰ্মাতা লীনা মণিমেকলাই তীব্ৰ নিন্দা তথা সমালোচনাৰ সন্মুখীন হৈছে। হিন্দু ধৰ্মক অপমান কৰাৰ দোহাই দি চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ বিৰুদ্ধে গোচৰো ৰুজু কৰা হৈছে।কিন্তু এই সকলোবোৰৰ উৰ্দ্ধত এইবাৰ লীনা মণিমেকলাইক মুকলিকৈ হত্যাৰ ভাবুকি দিছে এগৰাকী হিন্দু ধৰ্মীয় সন্তই।

অযোধ্যাৰ হনুমান গড়ী মন্দিৰৰ ৰাজু দাস নামৰ সন্ত গৰাকীয়ে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীক ৰাজহুৱাকৈ শিৰচ্ছেদৰ ভাবুকি প্ৰদান কৰিছে। ৰাজু দাস মহন্তই কয়, "শেহতীয়া ঘটনাবোৰ চাওক। যেতিয়া নুপুৰ শৰ্মাই সঠিক কথা কৈছিল, ই ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে জুইৰ সৃষ্টি কৰিছিল। কিন্তু এতিয়া সনাতন ধৰ্মক কিয় অপমান কৰা হৈছে? আপুনি আপোনাৰ শৰীৰৰ পৰা শিৰ পৃথক হোৱাটো বিচাৰে নেকি?"

হিন্দু সন্ত গৰাকীয়ে চলচ্চিত্ৰখনৰ পোষ্টাৰক গৰিহণা দি তথ্যচিত্ৰ খন সনাতন ধৰ্ম আৰু হিন্দু দেৱ-দেৱীৰ প্ৰতি অপমান বুলি অভিযোগ কৰে। তথ্যচিত্ৰখন নিষিদ্ধ কৰাৰ লগতে নিৰ্মাতা লীনা মণিমেকলাইৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈও তেওঁ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক আহ্বান জনাইছে।

উল্লেখ্য যে কালী শীৰ্ষক তথ্যচিত্ৰখনৰ ট্ৰেইলাৰত এগৰাকী মহিলাক দেৱী কালীৰ পোছাক পৰিধান কৰি থকা দেখা গৈছে। মূল পোষ্টাৰখনত কালীৰ সচৰাচৰ ছবিত দেখাৰ দৰেই হাতত ত্ৰিশূল আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ লৈ থকা দেখিবলৈ পোৱা গৈছে। মাত্ৰ এখন হাতেৰে কালীয়ে ওঁঠত লগাই আছে এটা চিগাৰেট আৰু আন এখন হাতেৰে ধৰি আছে LGBTQ+ সকলৰ গৌৰৱৰ পতাকা।

তথ্যচিত্ৰখনৰ নিৰ্মাতা লীনা মণিমেকলাইৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কঠোৰতম ব্যৱস্থা গ্ৰহণ নকৰিলে বা চিনেমাখন নিষিদ্ধ নকৰিলে এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰা হ’ব বুলি সকীয়াই দিছে ৰাজু দাসে। চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে যদি এতিয়াও ক্ষমা বিচাৰে, তেওঁক ক্ষমা কৰিব পাৰি বুলি মহন্ত ৰাজু দাসে মন্তব্য কৰিছে।

সন্ত গৰাকীয়ে লগতে একপ্ৰকাৰে আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি প্ৰত্যাহ্বান জনাইকয়, “যদি গৃহ মন্ত্ৰালয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰে বা যদি চিনেমাখন মুক্তি পায়, আমি এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিম যে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কঠিন হ'ব।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ