--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ আৰাধ্যা দেৱী কালীক সচৰাচৰ দেখা পোৱা ছবিসমূহত হাতত অস্ত্ৰসহ ছিন্ন মূণ্ড লৈ থকা দেখিবলৈ পোৱা যায়। পিছে কালীৰ এই সদা দৃশ্যমান ছবিখনৰ বিপৰীতে আন এখন ছবিহে সম্প্ৰতি জনপ্ৰিয় হৈ পৰিছে। অৱশ্যে এই নতুন ছবিখনে জনপ্ৰিয়তা অৰ্জন কৰাতকৈ অধিক বিতৰ্কৰহে সমল হৈ পৰিছে। এই নতুন ছবিখনত কালীয়ে পৰম্পৰাগত দৃশ্যমান ধ্যান-ধাৰণাক সম্পূৰ্ণৰূপে ধূলিস্যাৎ কৰি পেলাইছে। এই নৱ কালীৰ ওঁঠত লাগি আছে এটা চিগাৰেট। চিগাৰেটত টান মাৰি কালীয়ে শূন্যলৈ উৰুৱাই দিছে ধোৱাৰ কুণ্ডলী। এখন হাতেৰে কালীয়ে উৰুৱাই আছে LGBTQ+ সকলৰ গৌৰৱৰ পতাকা! স্বাভাৱিকতেই কালীৰ এই নতুন ৰূপে সকলোকে হতচকিত কৰি তুলিছে।

দৰাচলতে প্ৰকাশ পোৱা কালীৰ এই ছবিখন এখন নব্যনিৰ্মিত তথ্যচিত্ৰৰ পোষ্টাৰ। সম্প্ৰতি সমগ্ৰ দেশতে ‘কালী’ শীৰ্ষক এই তথ্যচিত্ৰখনৰ পোষ্টাৰে তুমুল বিতৰ্কৰ সৃষ্টি কৰিছে। এই বিশেষ পোষ্টাৰখনত হিন্দু ধৰ্মাৱলম্বী লোকৰ আৰাধ্যা কালী দেৱীক ধূমপান কৰি থকা দেখিবলৈ পোৱা গৈছে।

পোষ্টাৰখন মুকলি কৰাৰ পিছতে তথ্যচিত্ৰখনৰ নিৰ্মাতা লীনা মণিমেকলাই তীব্ৰ নিন্দা তথা সমালোচনাৰ সন্মুখীন হৈছে। হিন্দু ধৰ্মক অপমান কৰাৰ দোহাই দি চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ বিৰুদ্ধে গোচৰো ৰুজু কৰা হৈছে।কিন্তু এই সকলোবোৰৰ উৰ্দ্ধত এইবাৰ লীনা মণিমেকলাইক মুকলিকৈ হত্যাৰ ভাবুকি দিছে এগৰাকী হিন্দু ধৰ্মীয় সন্তই।

অযোধ্যাৰ হনুমান গড়ী মন্দিৰৰ ৰাজু দাস নামৰ সন্ত গৰাকীয়ে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীক ৰাজহুৱাকৈ শিৰচ্ছেদৰ ভাবুকি প্ৰদান কৰিছে। ৰাজু দাস মহন্তই কয়, "শেহতীয়া ঘটনাবোৰ চাওক। যেতিয়া নুপুৰ শৰ্মাই সঠিক কথা কৈছিল, ই ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে জুইৰ সৃষ্টি কৰিছিল। কিন্তু এতিয়া সনাতন ধৰ্মক কিয় অপমান কৰা হৈছে? আপুনি আপোনাৰ শৰীৰৰ পৰা শিৰ পৃথক হোৱাটো বিচাৰে নেকি?"

হিন্দু সন্ত গৰাকীয়ে চলচ্চিত্ৰখনৰ পোষ্টাৰক গৰিহণা দি তথ্যচিত্ৰ খন সনাতন ধৰ্ম আৰু হিন্দু দেৱ-দেৱীৰ প্ৰতি অপমান বুলি অভিযোগ কৰে। তথ্যচিত্ৰখন নিষিদ্ধ কৰাৰ লগতে নিৰ্মাতা লীনা মণিমেকলাইৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈও তেওঁ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক আহ্বান জনাইছে।

উল্লেখ্য যে কালী শীৰ্ষক তথ্যচিত্ৰখনৰ ট্ৰেইলাৰত এগৰাকী মহিলাক দেৱী কালীৰ পোছাক পৰিধান কৰি থকা দেখা গৈছে। মূল পোষ্টাৰখনত কালীৰ সচৰাচৰ ছবিত দেখাৰ দৰেই হাতত ত্ৰিশূল আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ লৈ থকা দেখিবলৈ পোৱা গৈছে। মাত্ৰ এখন হাতেৰে কালীয়ে ওঁঠত লগাই আছে এটা চিগাৰেট আৰু আন এখন হাতেৰে ধৰি আছে LGBTQ+ সকলৰ গৌৰৱৰ পতাকা।

তথ্যচিত্ৰখনৰ নিৰ্মাতা লীনা মণিমেকলাইৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কঠোৰতম ব্যৱস্থা গ্ৰহণ নকৰিলে বা চিনেমাখন নিষিদ্ধ নকৰিলে এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰা হ’ব বুলি সকীয়াই দিছে ৰাজু দাসে। চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে যদি এতিয়াও ক্ষমা বিচাৰে, তেওঁক ক্ষমা কৰিব পাৰি বুলি মহন্ত ৰাজু দাসে মন্তব্য কৰিছে।

সন্ত গৰাকীয়ে লগতে একপ্ৰকাৰে আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি প্ৰত্যাহ্বান জনাইকয়, “যদি গৃহ মন্ত্ৰালয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰে বা যদি চিনেমাখন মুক্তি পায়, আমি এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিম যে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কঠিন হ'ব।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন