--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ ভয়ংকৰ স্মৃতি মাৰ নৌযাওঁতেই, শুকুৰবাৰে পুনৰ উত্তৰ কাশ্মীৰৰ বান্দিপোৰা জিলাত সংঘটিত হৈছে সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনা। খবৰ অনুসৰি, উত্তৰ কাশ্মীৰ ৰ বান্দিপোৰা জিলাত সেনা বাহিনীৰ বিশেষ হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ সময়তে পাইলট আৰু সহ-পাইলটে বিমানখনৰ পৰা জপিয়ায়। অৱশ্যে, সেনাৰ ফালৰ পৰা এতিয়ালৈকে এই সন্দৰ্ভত কোনো তথ্য সদৰী কৰা নাই। ঘটনাস্থলীলৈ ইতিমধ্যে উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হৈছে। আজি দিনৰ ১২বজাত এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ খবৰ পোৱা গৈছিল। সেনাৰ এই বিশেষ হেলিকপ্টাৰখন বান্দিপোৰাৰ গুৰেজ অঞ্চলৰ তুৰাইলৰ গুজৰান নাল্লাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। সেনা বিষয়াসকলে সংবাদ মাধ্যমক কয় যে ঘটনাটোৰ খবৰ পোৱাৰ পাছতে উদ্ধাৰকাৰী দলক ঘটনাস্থলীলৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছিল আৰু ঘটনাস্থলীত ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে। এক সূত্ৰ অনুসৰি, পাইলট আৰু সহ-পাইলটে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আগতে নিজকে বাহিৰ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে, এতিয়ালৈকে এই বিষয়ে নিশ্চিতভাৱে একো জনা নাযায় আনকি সেনা বিষয়াসকলেও বিষয়টো সন্দৰ্ভত সম্পূৰ্ণকৈ মুখ খুলিবলৈ বিছৰা নাছিল। গুৰেজৰ উপায়ুক্তই কয় যে, ‘ঘটনাস্থলীৰ সৈতে আমাৰ সম্পৰ্ক অস্থায়ীভাৱে বিচ্ছিন্ন কৰা হৈছে। আমি যিকোনো তথ্য প্ৰাপ্ত কৰাৰ লগে লগে, সকলোকে জনোৱা হ’ব।’ Bidang fighting championship banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন