ডিজিটেল ডেস্কঃ বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ ভয়ংকৰ স্মৃতি মাৰ নৌযাওঁতেই, শুকুৰবাৰে পুনৰ উত্তৰ কাশ্মীৰৰ বান্দিপোৰা জিলাত সংঘটিত হৈছে সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনা। খবৰ অনুসৰি, উত্তৰ কাশ্মীৰ ৰ বান্দিপোৰা জিলাত সেনা বাহিনীৰ বিশেষ হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ সময়তে পাইলট আৰু সহ-পাইলটে বিমানখনৰ পৰা জপিয়ায়।
অৱশ্যে, সেনাৰ ফালৰ পৰা এতিয়ালৈকে এই সন্দৰ্ভত কোনো তথ্য সদৰী কৰা নাই। ঘটনাস্থলীলৈ ইতিমধ্যে উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হৈছে। আজি দিনৰ ১২বজাত এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ খবৰ পোৱা গৈছিল। সেনাৰ এই বিশেষ হেলিকপ্টাৰখন বান্দিপোৰাৰ গুৰেজ অঞ্চলৰ তুৰাইলৰ গুজৰান নাল্লাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। সেনা বিষয়াসকলে সংবাদ মাধ্যমক কয় যে ঘটনাটোৰ খবৰ পোৱাৰ পাছতে উদ্ধাৰকাৰী দলক ঘটনাস্থলীলৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছিল আৰু ঘটনাস্থলীত ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে।
এক সূত্ৰ অনুসৰি, পাইলট আৰু সহ-পাইলটে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আগতে নিজকে বাহিৰ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে, এতিয়ালৈকে এই বিষয়ে নিশ্চিতভাৱে একো জনা নাযায় আনকি সেনা বিষয়াসকলেও বিষয়টো সন্দৰ্ভত সম্পূৰ্ণকৈ মুখ খুলিবলৈ বিছৰা নাছিল। গুৰেজৰ উপায়ুক্তই কয় যে, ‘ঘটনাস্থলীৰ সৈতে আমাৰ সম্পৰ্ক অস্থায়ীভাৱে বিচ্ছিন্ন কৰা হৈছে। আমি যিকোনো তথ্য প্ৰাপ্ত কৰাৰ লগে লগে, সকলোকে জনোৱা হ’ব।’
