--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক’ৰনাৰ সন্ত্ৰাস এতিয়াও মাৰ যোৱা নাই। কৰ’নাৰ প্ৰথম ঢৌৰ পাছত দ্বিতীয় আৰু তৃতীয় ঢৌৱে কেনে এক সন্ত্ৰাসৰ সৃষ্টি কৰিছিল সেয়া সকলোৰে অৱগত। সম্প্ৰতি বিভিন্ন দেশত কৰ’নাসৃষ্ট পৰিৱেশ পৰিস্থিতি সামান্য স্থিতিশীল পৰ্যায়লৈ গ’লেও সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা হোৱা নাই।  ক’ৰনাৰ প্ৰাদূৰ্ভাৱ বৰ্তি থকা সময়তে The Lancet কাকতত প্ৰকাশিত শেহতীয়া তথ্যই সকলোকে হতচকিত কৰি তুলিছে। কাকতখনত প্ৰকাশিত এক সমীক্ষাত ক’ভিড-১৯ মহামাৰীৰ ফলত মৃত্যু হোৱা ৰোগীৰ সংখ্যা চৰকাৰী ৰেকৰ্ডতকৈ তিনিগুণ অধিক হ'ব পাৰে বুলি শেহতীয়াকৈ প্ৰকাশ পাইছে। বিশ্বৰ ১৯১খন দেশৰ লগতে, ইউনিয়ন টেৰিট’ৰী আৰু ২৫২খন নিৰ্বাচিত উপৰাষ্ট্ৰীয় ইউনিটক লৈ কাকতখনে চলাইছিল এই সমীক্ষা। কাকতখনে সদৰী কৰা মতে, ১ জানুৱাৰী, ২০২০ আৰু ৩১ ডিচেম্বৰ, ২০২১-ৰ ভিতৰত ক’ভিড-১৯ মহামাৰীৰ কবলত পৰি আনুষ্ঠানিকভাৱে বিশ্বব্যাপী মৃত্যু হোৱা ৰোগীৰ সংখ্যা চৰকাৰী সমীক্ষাত প্ৰকাশিত তথ্যৰ মাজত প্ৰভেদ দেখিবলৈ পোৱা গৈছে। চৰকাৰী ৰেকৰ্ডত প্ৰকাশ পোৱা মতে, ক’ভিডাক্ৰান্তৰ মৃত্যুৰ সংখ্যা আছিল ৫.৯ নিযুত। কিন্তু শেহতীয়া সমীক্ষাত প্ৰকাশ পোৱা মতে প্ৰায় ১৮.২ নিযুত অতিৰিক্ত ক’ভিডৰোগীৰ মৃত্যু হৈছিল নিৰ্দিষ্ট সময়ছোৱাত। ক’ভিড-১৯ মহামাৰীৰ ফলত বিশ্বব্যাপী মৃত্যুৰ হাৰ জনসংখ্যাৰ প্ৰতি একলাখ জনসংখ্যাৰ ভিতৰত ১১৩ৰ পৰা ১২০জনলোকৰ মৃত্যু হৈছিল। কিন্তু ২১খন দেশত প্ৰতি একলাখ জনসংখ্যাৰ ৩০০ অতিৰিক্ত ৰোগী মৃত্যুমুখত পৰিছে বুলি সমীক্ষাত প্ৰকাশ পাইছে। দক্ষিণ এছিয়া, উত্তৰ আফ্ৰিকা,মধ্য প্ৰাচ্য আৰু পূৱ ইউৰোপৰ অঞ্চলসমূহত ক’ভিড-১৯ৰ ফলত হোৱা ৰোগীৰ সংখ্যা সৰ্বাধিক বুলি ওলাইছে। দেশ পৰ্যায়ত, ক’ভিড-১৯-ৰ ফলত সৰ্বাধিক সংখ্যক অতিৰিক্ত মৃত্যু হাৰ বিশ্বৰ ভিতৰত ভাৰততে বেছি। ইয়াৰ পাছতে আছে আমেৰিকা যুক্তৰাজ্য, ৰাছিয়া, মেক্সিকো,ব্ৰাজিল,ইন্দোনেছিয়া আৰু পাকিস্তান। Bidang fighting championship banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ