--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক’ৰনাৰ সন্ত্ৰাস এতিয়াও মাৰ যোৱা নাই। কৰ’নাৰ প্ৰথম ঢৌৰ পাছত দ্বিতীয় আৰু তৃতীয় ঢৌৱে কেনে এক সন্ত্ৰাসৰ সৃষ্টি কৰিছিল সেয়া সকলোৰে অৱগত। সম্প্ৰতি বিভিন্ন দেশত কৰ’নাসৃষ্ট পৰিৱেশ পৰিস্থিতি সামান্য স্থিতিশীল পৰ্যায়লৈ গ’লেও সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পৰা হোৱা নাই।  ক’ৰনাৰ প্ৰাদূৰ্ভাৱ বৰ্তি থকা সময়তে The Lancet কাকতত প্ৰকাশিত শেহতীয়া তথ্যই সকলোকে হতচকিত কৰি তুলিছে। কাকতখনত প্ৰকাশিত এক সমীক্ষাত ক’ভিড-১৯ মহামাৰীৰ ফলত মৃত্যু হোৱা ৰোগীৰ সংখ্যা চৰকাৰী ৰেকৰ্ডতকৈ তিনিগুণ অধিক হ'ব পাৰে বুলি শেহতীয়াকৈ প্ৰকাশ পাইছে। বিশ্বৰ ১৯১খন দেশৰ লগতে, ইউনিয়ন টেৰিট’ৰী আৰু ২৫২খন নিৰ্বাচিত উপৰাষ্ট্ৰীয় ইউনিটক লৈ কাকতখনে চলাইছিল এই সমীক্ষা। কাকতখনে সদৰী কৰা মতে, ১ জানুৱাৰী, ২০২০ আৰু ৩১ ডিচেম্বৰ, ২০২১-ৰ ভিতৰত ক’ভিড-১৯ মহামাৰীৰ কবলত পৰি আনুষ্ঠানিকভাৱে বিশ্বব্যাপী মৃত্যু হোৱা ৰোগীৰ সংখ্যা চৰকাৰী সমীক্ষাত প্ৰকাশিত তথ্যৰ মাজত প্ৰভেদ দেখিবলৈ পোৱা গৈছে। চৰকাৰী ৰেকৰ্ডত প্ৰকাশ পোৱা মতে, ক’ভিডাক্ৰান্তৰ মৃত্যুৰ সংখ্যা আছিল ৫.৯ নিযুত। কিন্তু শেহতীয়া সমীক্ষাত প্ৰকাশ পোৱা মতে প্ৰায় ১৮.২ নিযুত অতিৰিক্ত ক’ভিডৰোগীৰ মৃত্যু হৈছিল নিৰ্দিষ্ট সময়ছোৱাত। ক’ভিড-১৯ মহামাৰীৰ ফলত বিশ্বব্যাপী মৃত্যুৰ হাৰ জনসংখ্যাৰ প্ৰতি একলাখ জনসংখ্যাৰ ভিতৰত ১১৩ৰ পৰা ১২০জনলোকৰ মৃত্যু হৈছিল। কিন্তু ২১খন দেশত প্ৰতি একলাখ জনসংখ্যাৰ ৩০০ অতিৰিক্ত ৰোগী মৃত্যুমুখত পৰিছে বুলি সমীক্ষাত প্ৰকাশ পাইছে। দক্ষিণ এছিয়া, উত্তৰ আফ্ৰিকা,মধ্য প্ৰাচ্য আৰু পূৱ ইউৰোপৰ অঞ্চলসমূহত ক’ভিড-১৯ৰ ফলত হোৱা ৰোগীৰ সংখ্যা সৰ্বাধিক বুলি ওলাইছে। দেশ পৰ্যায়ত, ক’ভিড-১৯-ৰ ফলত সৰ্বাধিক সংখ্যক অতিৰিক্ত মৃত্যু হাৰ বিশ্বৰ ভিতৰত ভাৰততে বেছি। ইয়াৰ পাছতে আছে আমেৰিকা যুক্তৰাজ্য, ৰাছিয়া, মেক্সিকো,ব্ৰাজিল,ইন্দোনেছিয়া আৰু পাকিস্তান। Bidang fighting championship banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
আগষ্টত ২০০০ কোটি UPI লেনদেন
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান