--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ ৰাজনীতিৰ বাবে এতিয়া আৱৰ্তনৰ মূল কেন্দ্ৰ হৈ পৰিছে নাৰীসকল। শাসকৰ পৰা বিৰোধীলৈ সকলোৱে নাৰীৰ ওপৰতে নিজৰ মনযোগ কেন্দ্ৰীভূত কৰিছে। এইক্ষেত্ৰত এখোপ আগুৱাই গৈ কংগ্ৰেছ ৰ মহাসচিব প্ৰিয়ংকা গান্ধীয়ে উত্তৰ প্ৰদেশত আৰম্ভ কৰিছে বিশেষ অভিযান। অহা বছৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনত কংগ্ৰেছৰ প্ৰচাৰৰ গুৰি ধৰোঁতা প্ৰিয়ংকা গান্ধীয়ে ৰাজ্যখনৰ মহিলা আৰু যুৱতীসকলক সন্মুখত লৈ অগ্ৰসৰ হৈছে।

প্ৰিয়ংকাই– ‘লড়কী হুঁ, লড় ছকতী হুঁ’ শ্লোগানেৰে ৰাজ্যখনৰ মহিলা আৰু যুৱতীসকলক উদ্বুদ্ধ কৰি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে আৰু এই ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰিয়ংকাৰ লড়কী হুঁ, লড় ছকতী হু শ্লোগানে উত্তৰ প্ৰদেশর ৰাজধানী চহৰ লক্ষ্ণৌৰ আকাশ মুখৰিত কৰি তোলা দেখা গ’ল দেওবাৰে। প্ৰিয়ংকা গান্ধীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যখনৰ হাজাৰ হাজাৰ যুৱতীয়ে ভাগ ল’লে বিশেষ মাৰাথন প্ৰতিযোগিতাত। আৰক্ষী প্ৰশাসনৰ বাধাকো নেওচা দি যুৱতীসকলে লক্ষ্ণৌ আৰু ঝান্সীত ভাগ ল’লে মাৰাথনত। প্ৰিয়ংকাৰ আহ্বানৰ প্ৰতি ৰাজ্যখনৰ এনে ব্যাপক সঁহাৰিয়ে ৰাজ্যখনৰ ৰাজনৈতিক গতি প্ৰবাহলৈ অধিক তীব্ৰতা অনাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

উল্লেখ্য যে, অ’মিক্ৰণৰ সংক্ৰমণৰ আশংকাক দোহাই দি প্ৰশাসনে এই মাৰাথন অনুষ্ঠিত কৰাত বাধা দিবলৈ চেষ্টা কৰিছিল যদিও হাজাৰ হাজাৰ যুৱতীৰ উৎসাহৰ আগত সেই বাধা নৰজিল। আৰক্ষী প্ৰশাসনৰ প্ৰতিবন্ধকতাক ওফৰাই মাৰাথনত ভাগ ল’লে সহস্ৰাধিক যুৱতীয়ে। কাৰ্যসূচীৰ এই সফলতাৰ পাছতে কংগ্ৰেছ শিবিৰত বিশেষ উৎসাহ দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছে তেওঁলোকৰ অফিচিয়েল টুইটাৰ হেণ্ডলৰ পৰা এই ভিডিঅ’ শ্বেয়াৰ কৰিছে।

সহস্ৰাধিক যুৱতীয়ে মাৰাথনত ভাগ লোৱা আৰু তেওঁলোক সমবেত হৈ ‘লড়কী হুঁ, লড় ছকতী হুঁ’ শ্লোগান দিয়া ভিডিঅ’ শ্বেয়াৰ কৰি কংগ্ৰেছে লিখিছে, বিজেপি চৰকাৰে ‘লড়কী হুঁ, লড় ছকতী হুঁ শ্লোগানৰ গুঞ্জন শুনি লওক। এতিয়া যুৱতীসকলে অপৰাধ-অত্যাচাৰ সহ্য নকৰে। এতিয়া যুৱতীসকলে অত্যাচাৰৰ বিৰুদ্ধে যুঁজ কৰিব, নিজৰ কণ্ঠস্বৰ শক্তিশালী কৰি তুলিব।’

মন কৰিবলগীয়া যে, উত্তৰ প্ৰদেশত নাৰীৰ ওপৰত হোৱা অত্যাচাৰ আৰু হত্যা-ধৰ্ষণৰ দৰে ঘটনাই প্ৰায় নিয়মীয়াকৈ সংবাদ শিৰোনাম দখল কৰি আহিছে। বিজেপিয়েও তেওঁলোকৰ কাৰ্যকালত নাৰীৰ ওপৰত হোৱা অপৰাধজনিত ঘটনাক গাপ দিয়াৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিছে। ১৬লাখ মহিলাৰ বেংক একাউণ্টত চৰকাৰে ১০০০কোটি টকা দিয়াৰ আঁচনি ঘোষণা কৰিছে বিজেপি চৰকাৰে। তাৰ বিপৰীতে কংগ্ৰেছে এনেদৰে যুৱতীসকলক আত্মবলৰ প্ৰেৰণাৰে উদ্বুদ্ধ কৰি তোলাৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে স্বাভাৱিকতে চৰ্চা লাভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা