--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ ৰাজনীতিৰ বাবে এতিয়া আৱৰ্তনৰ মূল কেন্দ্ৰ হৈ পৰিছে নাৰীসকল। শাসকৰ পৰা বিৰোধীলৈ সকলোৱে নাৰীৰ ওপৰতে নিজৰ মনযোগ কেন্দ্ৰীভূত কৰিছে। এইক্ষেত্ৰত এখোপ আগুৱাই গৈ কংগ্ৰেছ ৰ মহাসচিব প্ৰিয়ংকা গান্ধীয়ে উত্তৰ প্ৰদেশত আৰম্ভ কৰিছে বিশেষ অভিযান। অহা বছৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনত কংগ্ৰেছৰ প্ৰচাৰৰ গুৰি ধৰোঁতা প্ৰিয়ংকা গান্ধীয়ে ৰাজ্যখনৰ মহিলা আৰু যুৱতীসকলক সন্মুখত লৈ অগ্ৰসৰ হৈছে।

প্ৰিয়ংকাই– ‘লড়কী হুঁ, লড় ছকতী হুঁ’ শ্লোগানেৰে ৰাজ্যখনৰ মহিলা আৰু যুৱতীসকলক উদ্বুদ্ধ কৰি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে আৰু এই ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰিয়ংকাৰ লড়কী হুঁ, লড় ছকতী হু শ্লোগানে উত্তৰ প্ৰদেশর ৰাজধানী চহৰ লক্ষ্ণৌৰ আকাশ মুখৰিত কৰি তোলা দেখা গ’ল দেওবাৰে। প্ৰিয়ংকা গান্ধীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যখনৰ হাজাৰ হাজাৰ যুৱতীয়ে ভাগ ল’লে বিশেষ মাৰাথন প্ৰতিযোগিতাত। আৰক্ষী প্ৰশাসনৰ বাধাকো নেওচা দি যুৱতীসকলে লক্ষ্ণৌ আৰু ঝান্সীত ভাগ ল’লে মাৰাথনত। প্ৰিয়ংকাৰ আহ্বানৰ প্ৰতি ৰাজ্যখনৰ এনে ব্যাপক সঁহাৰিয়ে ৰাজ্যখনৰ ৰাজনৈতিক গতি প্ৰবাহলৈ অধিক তীব্ৰতা অনাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

উল্লেখ্য যে, অ’মিক্ৰণৰ সংক্ৰমণৰ আশংকাক দোহাই দি প্ৰশাসনে এই মাৰাথন অনুষ্ঠিত কৰাত বাধা দিবলৈ চেষ্টা কৰিছিল যদিও হাজাৰ হাজাৰ যুৱতীৰ উৎসাহৰ আগত সেই বাধা নৰজিল। আৰক্ষী প্ৰশাসনৰ প্ৰতিবন্ধকতাক ওফৰাই মাৰাথনত ভাগ ল’লে সহস্ৰাধিক যুৱতীয়ে। কাৰ্যসূচীৰ এই সফলতাৰ পাছতে কংগ্ৰেছ শিবিৰত বিশেষ উৎসাহ দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছে তেওঁলোকৰ অফিচিয়েল টুইটাৰ হেণ্ডলৰ পৰা এই ভিডিঅ’ শ্বেয়াৰ কৰিছে।

সহস্ৰাধিক যুৱতীয়ে মাৰাথনত ভাগ লোৱা আৰু তেওঁলোক সমবেত হৈ ‘লড়কী হুঁ, লড় ছকতী হুঁ’ শ্লোগান দিয়া ভিডিঅ’ শ্বেয়াৰ কৰি কংগ্ৰেছে লিখিছে, বিজেপি চৰকাৰে ‘লড়কী হুঁ, লড় ছকতী হুঁ শ্লোগানৰ গুঞ্জন শুনি লওক। এতিয়া যুৱতীসকলে অপৰাধ-অত্যাচাৰ সহ্য নকৰে। এতিয়া যুৱতীসকলে অত্যাচাৰৰ বিৰুদ্ধে যুঁজ কৰিব, নিজৰ কণ্ঠস্বৰ শক্তিশালী কৰি তুলিব।’

মন কৰিবলগীয়া যে, উত্তৰ প্ৰদেশত নাৰীৰ ওপৰত হোৱা অত্যাচাৰ আৰু হত্যা-ধৰ্ষণৰ দৰে ঘটনাই প্ৰায় নিয়মীয়াকৈ সংবাদ শিৰোনাম দখল কৰি আহিছে। বিজেপিয়েও তেওঁলোকৰ কাৰ্যকালত নাৰীৰ ওপৰত হোৱা অপৰাধজনিত ঘটনাক গাপ দিয়াৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিছে। ১৬লাখ মহিলাৰ বেংক একাউণ্টত চৰকাৰে ১০০০কোটি টকা দিয়াৰ আঁচনি ঘোষণা কৰিছে বিজেপি চৰকাৰে। তাৰ বিপৰীতে কংগ্ৰেছে এনেদৰে যুৱতীসকলক আত্মবলৰ প্ৰেৰণাৰে উদ্বুদ্ধ কৰি তোলাৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে স্বাভাৱিকতে চৰ্চা লাভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ