--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাথ্ৰছ জিলাত মঙলবাৰে সংঘটিত পদপিষ্টৰ ঘটনাত নিহতৰ সংখ্যা বাঢ়িয়েই আছে। এতিয়ালৈকে ১৩০ গৰাকী ভক্তৰ মৃত্যু ঘটিছে। আজি সেই স্থানত সাকাৰ  হৰি বাবাৰ এদিনীয়া সৎসংগ আছিল। তাত শিশুসহ লক্ষাধিক পুৰুষ-মহিলাই বাবাৰ ধৰ্মবাণী শুনি আছিল। সৎসংগ শেষ হোৱৰ পিছত  বাবাৰ অনুগামীসকলে সেই ঠাই এৰি যাবলৈ খৰখেদা লগালে। তেতিয়াই ঘটি গ’ল অঘটন। পদপিষ্ট হৈ বহু লোকে প্ৰাণ হেৰুৱালে। কিন্তু ইমান বৃহৎ সংখ্যক লোক সমবেত হোৱা অনুষ্ঠানৰ মধ্যমণি কোন এই  সাকাৰ হৰি বাবা ওৰফে ভোলে বাবা ?  সকৰ হৰি বাবা ওৰফে ভোলে বাবাৰ প্ৰকৃত নাম সুৰজ পাল সিং। 

বাবাৰ ঘৰ কাছগঞ্জৰ পাটালীত। প্ৰায় ১৭ বছৰ আগতে পুলিচ কনিষ্টবলৰ চাকৰি এৰি তেওঁ ধৰ্ম-কৰ্ম কৰিবলৈ আৰম্ভ কৰিছিল। চাকৰি এৰি দিয়াৰ  পিছত সুৰজ পালে নিজৰ নাম সলনি কৰি সাকাৰ  হৰি কৰিছিল। অনুগামীসকলে তেওঁক ভোলে বাবা বুলিও কয়।  সমাজৰ দুখীয়া আৰু বঞ্চিত শ্ৰেণীৰ মাজত তেওঁৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাইছিল। সেয়ে সময়ত তেওঁৰ  লাখ লাখ অনুগামীৰ সৃষ্টি হয়। উত্তৰ প্ৰদেশৰ বাহিৰেও মধ্যপ্ৰদেশ আৰু ৰাজস্থানতো তেওঁৰ অনুগামী বিয়পি আছে। সাকাৰ হৰি বাবাই তেওঁৰ সৎসংগত মানৱ সেৱাৰ বাৰ্তা দিয়ে। বাবাই মানুহক সৎসঙ্গত কয় যে মানুহৰ সেৱাই আটাইতকৈ ডাঙৰ সেৱা। আটাইতকৈ ডাঙৰ কথাটো হ’ল শিক্ষা। তেওঁ সৎসংগলৈ অহা মানুহবোৰক কয় যে ইয়াত ৰোগ নিৰাময় হয়, মন শুদ্ধ হয়, ইয়াত কোনো বৈষম্য নাই, কোনো দান নাই, নাই ভণ্ডামি, এই সকলোবোৰ সমতা, এয়াই ব্ৰহ্মলোক, এয়াই স্বৰ্গ।

বাবাৰ বিষয়ে বহুতে  কয় যে তেওঁ আগতে উত্তৰ প্ৰদেশ পুলিচৰ চাব ইন্সপেক্টৰ আছিল। কোনো কোনোৱে তেওঁ আই বিৰ লগত জড়িত আছিল  বুলিও কয়। সেইবাবেই আৰক্ষীৰ পদ্ধতিৰ লগত বাবা পৰিচিত বুলি কোৱা হয়। বাবাই ইউনিফৰ্ম পৰিহিত স্বেচ্ছাসেৱকৰ বৃহৎ বাহিনী গঢ়ি তুলিছে। বাবাই সাধাৰণ ঋষি-সাধুৰ দৰে বস্ত্ৰ পৰিধান নকৰে। বেছিভাগ সময়তে তেওঁ দামী চশমা, বগা পেণ্টচাৰ্ট পিন্ধে। বাবাই তেওঁৰ ধৰ্মধ্বনিত ভণ্ডামিৰ বিৰোধিতা কৰে। যিহেতু বাবাৰ শিষ্যসকলৰ ভিতৰত সমাজৰ বৃহৎ সংখ্যক  দৰিদ্ৰ, দলিত আৰু নিপীড়িত লোক অন্তৰ্ভুক্ত। বাবাৰ সাজ-পোছাক আৰু চেহেৰাই বহুতকে আকৰ্ষণ কৰে।

বাবাৰ সৎসঙ্গত বৃহৎ সংখ্যক লোক সমবেত হয়। বাবাৰ শিষ্যসকলে  সংবাদ মাধ্যমৰ পৰাও দূৰত্ব বজাই ৰাখে। আচলতে যিহেতু বাবাৰ সৎসংগ পদ্ধতি সাধাৰণ সন্তসকলৰ পৰা পৃথক, সেয়েহে এই লোকসকলে এই বিষয়ত  কোনো ধৰণৰ মন্তব্য নিবিচাৰে।

কাছগঞ্জ জিলাৰ পাটিয়ালি তহচিল এলেকাৰ বাহাদুৰনগৰ গাঁৱত আছে ভোলে বাবাৰ আশ্ৰম। এইখন তেওঁৰ পূৰ্বপুৰুষৰ গাঁও। বাহাদুৰ নগৰত ভোলেবাবাৰ এখন  ডাঙৰ আশ্ৰম নিৰ্মাণ কৰা হৈছে। আগতে এই আশ্ৰমত সপ্তাহৰ প্ৰতি মঙলবাৰে সৎসংগ অনুষ্ঠিত হৈছিল যদিও কেইবছৰমান আগৰে পৰা এই পৰম্পৰা ভংগ হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ