--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাথ্ৰছ জিলাত মঙলবাৰে সংঘটিত পদপিষ্টৰ ঘটনাত নিহতৰ সংখ্যা বাঢ়িয়েই আছে। এতিয়ালৈকে ১৩০ গৰাকী ভক্তৰ মৃত্যু ঘটিছে। আজি সেই স্থানত সাকাৰ  হৰি বাবাৰ এদিনীয়া সৎসংগ আছিল। তাত শিশুসহ লক্ষাধিক পুৰুষ-মহিলাই বাবাৰ ধৰ্মবাণী শুনি আছিল। সৎসংগ শেষ হোৱৰ পিছত  বাবাৰ অনুগামীসকলে সেই ঠাই এৰি যাবলৈ খৰখেদা লগালে। তেতিয়াই ঘটি গ’ল অঘটন। পদপিষ্ট হৈ বহু লোকে প্ৰাণ হেৰুৱালে। কিন্তু ইমান বৃহৎ সংখ্যক লোক সমবেত হোৱা অনুষ্ঠানৰ মধ্যমণি কোন এই  সাকাৰ হৰি বাবা ওৰফে ভোলে বাবা ?  সকৰ হৰি বাবা ওৰফে ভোলে বাবাৰ প্ৰকৃত নাম সুৰজ পাল সিং। 

বাবাৰ ঘৰ কাছগঞ্জৰ পাটালীত। প্ৰায় ১৭ বছৰ আগতে পুলিচ কনিষ্টবলৰ চাকৰি এৰি তেওঁ ধৰ্ম-কৰ্ম কৰিবলৈ আৰম্ভ কৰিছিল। চাকৰি এৰি দিয়াৰ  পিছত সুৰজ পালে নিজৰ নাম সলনি কৰি সাকাৰ  হৰি কৰিছিল। অনুগামীসকলে তেওঁক ভোলে বাবা বুলিও কয়।  সমাজৰ দুখীয়া আৰু বঞ্চিত শ্ৰেণীৰ মাজত তেওঁৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাইছিল। সেয়ে সময়ত তেওঁৰ  লাখ লাখ অনুগামীৰ সৃষ্টি হয়। উত্তৰ প্ৰদেশৰ বাহিৰেও মধ্যপ্ৰদেশ আৰু ৰাজস্থানতো তেওঁৰ অনুগামী বিয়পি আছে। সাকাৰ হৰি বাবাই তেওঁৰ সৎসংগত মানৱ সেৱাৰ বাৰ্তা দিয়ে। বাবাই মানুহক সৎসঙ্গত কয় যে মানুহৰ সেৱাই আটাইতকৈ ডাঙৰ সেৱা। আটাইতকৈ ডাঙৰ কথাটো হ’ল শিক্ষা। তেওঁ সৎসংগলৈ অহা মানুহবোৰক কয় যে ইয়াত ৰোগ নিৰাময় হয়, মন শুদ্ধ হয়, ইয়াত কোনো বৈষম্য নাই, কোনো দান নাই, নাই ভণ্ডামি, এই সকলোবোৰ সমতা, এয়াই ব্ৰহ্মলোক, এয়াই স্বৰ্গ।

বাবাৰ বিষয়ে বহুতে  কয় যে তেওঁ আগতে উত্তৰ প্ৰদেশ পুলিচৰ চাব ইন্সপেক্টৰ আছিল। কোনো কোনোৱে তেওঁ আই বিৰ লগত জড়িত আছিল  বুলিও কয়। সেইবাবেই আৰক্ষীৰ পদ্ধতিৰ লগত বাবা পৰিচিত বুলি কোৱা হয়। বাবাই ইউনিফৰ্ম পৰিহিত স্বেচ্ছাসেৱকৰ বৃহৎ বাহিনী গঢ়ি তুলিছে। বাবাই সাধাৰণ ঋষি-সাধুৰ দৰে বস্ত্ৰ পৰিধান নকৰে। বেছিভাগ সময়তে তেওঁ দামী চশমা, বগা পেণ্টচাৰ্ট পিন্ধে। বাবাই তেওঁৰ ধৰ্মধ্বনিত ভণ্ডামিৰ বিৰোধিতা কৰে। যিহেতু বাবাৰ শিষ্যসকলৰ ভিতৰত সমাজৰ বৃহৎ সংখ্যক  দৰিদ্ৰ, দলিত আৰু নিপীড়িত লোক অন্তৰ্ভুক্ত। বাবাৰ সাজ-পোছাক আৰু চেহেৰাই বহুতকে আকৰ্ষণ কৰে।

বাবাৰ সৎসঙ্গত বৃহৎ সংখ্যক লোক সমবেত হয়। বাবাৰ শিষ্যসকলে  সংবাদ মাধ্যমৰ পৰাও দূৰত্ব বজাই ৰাখে। আচলতে যিহেতু বাবাৰ সৎসংগ পদ্ধতি সাধাৰণ সন্তসকলৰ পৰা পৃথক, সেয়েহে এই লোকসকলে এই বিষয়ত  কোনো ধৰণৰ মন্তব্য নিবিচাৰে।

কাছগঞ্জ জিলাৰ পাটিয়ালি তহচিল এলেকাৰ বাহাদুৰনগৰ গাঁৱত আছে ভোলে বাবাৰ আশ্ৰম। এইখন তেওঁৰ পূৰ্বপুৰুষৰ গাঁও। বাহাদুৰ নগৰত ভোলেবাবাৰ এখন  ডাঙৰ আশ্ৰম নিৰ্মাণ কৰা হৈছে। আগতে এই আশ্ৰমত সপ্তাহৰ প্ৰতি মঙলবাৰে সৎসংগ অনুষ্ঠিত হৈছিল যদিও কেইবছৰমান আগৰে পৰা এই পৰম্পৰা ভংগ হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু