--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাথ্ৰাছত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এক ধৰ্মীয় অনুষ্ঠানত সমবেত হোৱা লোকসকলৰ মাজত পদপিষ্ট হৈ ১৩০ জনৰো অধিক লোকৰ মৃত্যু ঘটিছে। এই ঘটনাত আহত হৈছে শতাধিক লোক। নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।  অনুষ্ঠান শেষ হোৱাৰ লগে লগে ভক্তৰ মাজত  হুলস্থুল আৰম্ভ হয় আৰু পদপিষ্টৰ ঘটনাটো তেতিয়াই ঘটে।  স্থানীয় প্ৰশাসনে আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰাইছে। মৃনিহতসকলৰ ভিতৰত বহু কেইগৰাকী  মহিলা আৰু শিশুও আছে।  মঙলবাৰে হাথৰাছৰ ৰতিভানপুৰত শিৱ পূজাৰ সৎসংগ অনুষ্ঠান অনুষ্ঠিত হৈছিল। য'ত হাজাৰ হাজাৰ  ভক্তই  যোগদান কৰিছিল। অনুষ্ঠানৰ শেষত হঠাৎ ভক্তৰ মাজত ঠেলা-হেঁচা লাগে।  বহুতে খৰখেদাকৈ সভাস্থলী এৰি যাবলৈ চেষ্টা কৰে। সেই সময়ত মানুহৰ হেঁচাত বহু লোক মাটিত বাগৰি পৰে আৰু পদপিষ্ট হয়। 


জিলা দণ্ডাধীশ আশীষ কুমাৰে কয় যে তেওঁৰ হাতত এতিয়ালৈকে প্ৰায় ১৩০ গৰাকীলোকৰ মৃত্যুৰখবৰ আছে। মৃতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছে। অৱশ্যে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে প্ৰশাসনে। আৰক্ষীৰ তথ্য অনুসৰি হাথ্ৰাছৰ  মোগলাগড়ী গাঁৱত স্থানীয় এজন পুৰোহিতৰ ‘সৎসংগ’ বা ভক্ত সমাৱেশৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয়। ঘটনাটো কিদৰে সংঘটিত হ’ল সেই বিষয়ত  তদন্ত আৰম্ভ কৰা হৈছে। ঘটনাৰ পিছতে  উত্তৰ প্ৰদেশ চৰকাৰৰ দুগৰাকী মন্ত্ৰী এই স্থানলৈ ৰাওনা হৈছে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে হাথ্ৰাছৰ ঘটনাত  শোক প্ৰকাশ কৰিছে। তেওঁ মৃতকৰ পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতৰ আশু আৰোগ্য কামনা কৰিছে। ঘটনাটোৰ তদন্ত কৰিবলৈ যোগীয়ে  এখন তদন্ত সমিতি গঠনৰ নিৰ্দেশ দিছে। এই সমিতিৰ নেতৃত্বত থাকিব আগ্ৰাৰ ডিজিপি।


বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰিছে।  তেওঁ এক্স হেণ্ডেলত লিখিছে, “পদপিষ্ট হোৱাৰ  দুখজনক খবৰ পাইছো, উত্তৰ প্ৰদেশৰ হাথ্ৰাছত বহু ভক্তই প্ৰাণ হেৰুৱাইছে। মৃতকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে  মোৰ হৃদয়ৰ অনুভূতি আছে। শোকসন্তপ্ত আত্মীয়ৰ প্ৰতি আন্তৰিক সমবেদনা জনালোঁ।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ