--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাথৰসত মঙলবাৰে এক ধৰ্মীয় অনুষ্ঠানত সংঘটিত হোৱা পদপিষ্ট ঘটনাত এই পৰ্যন্ত ১২১ গৰাকী লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, এতিয়ালৈ ১৯জন লোকৰ মৃতদেহ চিনাক্ত কৰিব পৰা হোৱা নাই। আপোনজনৰ সন্ধানত হাস্পতালত ভিৰ কৰিছে আত্মীয়ই। পৰিয়ালৰ মাজত হাহাকাৰ। হাস্পতালৰ বাহিৰত শাৰী শাৰী মৃতদেহ। মৃতকৰ পৰিয়ালৰ কান্দোনে হাস্পতালৰ চৌহদ কঁপাই তুলিছে। আপোনজনক হেৰুৱাই আত্মীয়-স্বজন ভাঙি পৰিছে শোকত। মঙলবাৰৰ এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ।

মঙলবাৰে হাথৰছত সৎসংগৰ আহ্বান জনাইছিল নাৰায়ণ সাকাৰ হৰি ওৰফে সাকাৰ বিশ্ব হৰি ওৰফে ভোলে বাবাই। সেই অনুষ্ঠানৰ অন্তত মানুহৰ ভিৰৰ বাবে সংঘটিত হয় পদপিষ্টৰ ঘটনা। এই ঘটনাত মৃত্যু হয় ১২১ জন লোকৰ। কিদৰে এই ঘটনা সংঘটিত হ’বলৈ পালে সেয়া তদন্ত কৰি আছে আৰক্ষীয়ে।

একাংশ প্ৰত্যক্ষদৰ্শীৰ মতে, সৎসংগৰ বাবে যি পেণ্ডেল নিৰ্মাণ কৰা হৈছিল, সেয়া ঘেৰি ৰখা হৈছিল। ফেনৰ কোনো ব্যৱস্থা নাছিল। পেণ্ডেল খোলা হ’লেও আৰ্দ্ৰতা আৰু গৰমৰ বাবে অস্বস্তিত ভুগিছিল উপস্থিত লোকসকল। ফলত সৎসংগ শেষ হোৱাৰ পিছতে দৌৰাদৌৰিকৈ পেণ্ডেলৰ পৰা ওলাই অহাৰ চেষ্টা কৰিছিল সকলোৱে। কিন্তু অহা-যোৱাৰ বাবে যি গে’ট নিৰ্মাণ কৰা হৈছিল, সেয়াও অত্যন্ত সৰু হোৱাৰ বাবে বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়।

ঘটনাস্থলীত থকা এজন লোকৰ মতে, ‘সৎসংগ শেষ হোৱাৰ পিছত বাহিৰলৈ ওলাই অহা লোকসকলৰ মাজত দৌৰাদৌৰিৰ সৃষ্টি হয়। বাহিৰলৈ যোৱাৰ পথত এটা ডাঙৰ নলা আছিল। তাৰ ওপৰত কাঠৰ তক্তা দিয়া হৈছিল। ভিৰৰ হেঁচাত সেই তক্তা ভাঙি যায়। বহু লোক নলাত পৰি যায়।’ বহু লোকে এই দুৰ্ঘটনাৰ বাবে আয়োজকক দোষাৰোপ কৰিছে। কোনোৱে পুলিচ-প্ৰশাসনৰ ভূমিকাক লৈ প্ৰশ্ন তুলিছে। দুৰ্ঘটনাস্থলীৰ পৰা হতাহত আটাইকে হাস্পতাললৈ প্ৰেৰণ কৰা হয়। 

কিয় আৰু কেনেকৈ এই ঘটনা হ'বলৈ পালে সেই সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰে তদন্ত কৰিবলৈ এক উচ্চস্তৰীয় তদন্ত কমিটী গঠন কৰিছে। শেহতীয়া খবৰ অনুসৰি এই অনুষ্ঠানৰ মুখ্য সেৱক দেৱপ্ৰকাশ মধুকৰ আৰু অন্যান্য আয়োজকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। এই এজাহাৰৰ ভিত্তিতে ভাতীয় ন্যায় বিধিৰ ধাৰা ১০৫, ১১০, ১২৬ (২) ২২৩ আৰু ২৩৮ ৰ অধীনত পঞ্জীয়ন কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু