--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাথৰসত মঙলবাৰে এক ধৰ্মীয় অনুষ্ঠানত সংঘটিত হোৱা পদপিষ্ট ঘটনাত এই পৰ্যন্ত ১২১ গৰাকী লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, এতিয়ালৈ ১৯জন লোকৰ মৃতদেহ চিনাক্ত কৰিব পৰা হোৱা নাই। আপোনজনৰ সন্ধানত হাস্পতালত ভিৰ কৰিছে আত্মীয়ই। পৰিয়ালৰ মাজত হাহাকাৰ। হাস্পতালৰ বাহিৰত শাৰী শাৰী মৃতদেহ। মৃতকৰ পৰিয়ালৰ কান্দোনে হাস্পতালৰ চৌহদ কঁপাই তুলিছে। আপোনজনক হেৰুৱাই আত্মীয়-স্বজন ভাঙি পৰিছে শোকত। মঙলবাৰৰ এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ।

মঙলবাৰে হাথৰছত সৎসংগৰ আহ্বান জনাইছিল নাৰায়ণ সাকাৰ হৰি ওৰফে সাকাৰ বিশ্ব হৰি ওৰফে ভোলে বাবাই। সেই অনুষ্ঠানৰ অন্তত মানুহৰ ভিৰৰ বাবে সংঘটিত হয় পদপিষ্টৰ ঘটনা। এই ঘটনাত মৃত্যু হয় ১২১ জন লোকৰ। কিদৰে এই ঘটনা সংঘটিত হ’বলৈ পালে সেয়া তদন্ত কৰি আছে আৰক্ষীয়ে।

একাংশ প্ৰত্যক্ষদৰ্শীৰ মতে, সৎসংগৰ বাবে যি পেণ্ডেল নিৰ্মাণ কৰা হৈছিল, সেয়া ঘেৰি ৰখা হৈছিল। ফেনৰ কোনো ব্যৱস্থা নাছিল। পেণ্ডেল খোলা হ’লেও আৰ্দ্ৰতা আৰু গৰমৰ বাবে অস্বস্তিত ভুগিছিল উপস্থিত লোকসকল। ফলত সৎসংগ শেষ হোৱাৰ পিছতে দৌৰাদৌৰিকৈ পেণ্ডেলৰ পৰা ওলাই অহাৰ চেষ্টা কৰিছিল সকলোৱে। কিন্তু অহা-যোৱাৰ বাবে যি গে’ট নিৰ্মাণ কৰা হৈছিল, সেয়াও অত্যন্ত সৰু হোৱাৰ বাবে বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়।

ঘটনাস্থলীত থকা এজন লোকৰ মতে, ‘সৎসংগ শেষ হোৱাৰ পিছত বাহিৰলৈ ওলাই অহা লোকসকলৰ মাজত দৌৰাদৌৰিৰ সৃষ্টি হয়। বাহিৰলৈ যোৱাৰ পথত এটা ডাঙৰ নলা আছিল। তাৰ ওপৰত কাঠৰ তক্তা দিয়া হৈছিল। ভিৰৰ হেঁচাত সেই তক্তা ভাঙি যায়। বহু লোক নলাত পৰি যায়।’ বহু লোকে এই দুৰ্ঘটনাৰ বাবে আয়োজকক দোষাৰোপ কৰিছে। কোনোৱে পুলিচ-প্ৰশাসনৰ ভূমিকাক লৈ প্ৰশ্ন তুলিছে। দুৰ্ঘটনাস্থলীৰ পৰা হতাহত আটাইকে হাস্পতাললৈ প্ৰেৰণ কৰা হয়। 

কিয় আৰু কেনেকৈ এই ঘটনা হ'বলৈ পালে সেই সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰে তদন্ত কৰিবলৈ এক উচ্চস্তৰীয় তদন্ত কমিটী গঠন কৰিছে। শেহতীয়া খবৰ অনুসৰি এই অনুষ্ঠানৰ মুখ্য সেৱক দেৱপ্ৰকাশ মধুকৰ আৰু অন্যান্য আয়োজকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। এই এজাহাৰৰ ভিত্তিতে ভাতীয় ন্যায় বিধিৰ ধাৰা ১০৫, ১১০, ১২৬ (২) ২২৩ আৰু ২৩৮ ৰ অধীনত পঞ্জীয়ন কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ