--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাথ্ৰছত ধৰ্মীয় অনুষ্ঠানৰ সময়ত পদপিষ্ট হৈ  মৃত্যু ঘটা লোকৰ  সংখ্যা ১২১ জনলৈ বৃদ্ধি পাইছে। নিহতসকলৰ ভিতৰত ১০০ৰো অধিক মহিলা আৰু ৭টা শিশুও আছে।  ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে। কিন্তু দেখা গৈছে যে  স্ব-ঘোষিত ধৰ্মীয় গুৰু সুৰজ পাল ওৰফে ভোলে বাবা ওৰফে নাৰায়ণ সাকাৰ হৰিৰ নাম নাই এজাহাৰত! তাৰ পৰিৱৰ্তে বাবাৰ  'মুখ্য চৰ্দাৰ' অৰ্থাৎ ঘনিষ্ঠ সহযোগীৰহে নাম এজাহাৰত উল্লেখ কৰা হৈছে। জানিব পৰা মতে ধৰ্মীয় সমাৱেশৰ বাবে অনুমতি বিচৰাৰ সময়ত  উদ্যোক্তাসকলে অনুষ্ঠানত  প্ৰকৃত উপস্থিতিৰ তথ্য  লুকুৱাই ৰাখিছিল।

যদিও স্থানীয় প্ৰশাসনে ৮০ হাজাৰ লোকৰ সমাৱেশত অনুমোদন জনাইছিল, তথাপিও জানিব পৰা মতে ২ লাখ ৫০ হাজাৰৰো অধিক লোক কালি উপস্থিত আছিল। ইয়াৰ উপৰি অভিযোগ অনুসৰি  আয়োজকসকলে যান-বাহন ব্যৱস্থাপনাত সহযোগ কৰা নাছিল আৰু পদপিষ্ট  কাণ্ডৰ  প্ৰমাণ লুকুৱাবলৈও চেষ্টা কৰিছিল। প্ৰত্যক্ষদৰ্শীয়ে কয় যে অনুষ্ঠানটো শেষ হোৱাৰ পিছতে  এটা দলে সেই ঠাইৰ পৰা  গুচি যাব বিচাৰে। বাকী দল এটাই বাবাৰ ভৰিৰ ধূলি ল’বলৈ আগবাঢ়ি যায়।  ফলত বিশৃংখলতাৰ সৃষ্টি হয় আৰু তেতিয়াই পদপিষ্ট হোৱাৰ ঘটনাটো ঘটে। এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবীত ইতিমধ্যে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত আবেদন  দাখিল  কৰা হৈছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনা সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। তেওঁ মৃতকৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহতসকলৰ চিকিৎসাৰ বাবে প্ৰতিজন ব্যক্তিৰ বাবে ৫০ হাজাৰ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। তেওঁ লগতে দন্তৰ বাবে  বিশেষ সমিতি গঠনৰ নিৰ্দেশ দিয়ে। ইফালে ঘটনাৰ পিছৰে পৰা ভোলেবাবাৰ কোনো সন্ধান পোৱা হোৱা নাই  বুলি আৰক্ষীয়ে জানিবলৈ দিছে।


অৱশ্যে এই পৰিস্থিতিৰ বাবে ভোলে বাবাক  দোষাৰোপ কৰা নাই একাংশ ভুক্তভোগীৰ পৰিয়ালে। কৰ্পুৰী চান্দ এই ঘটনাত মৃত্যুমুখত পৰিছে। সংবাদ মাধ্যমৰ আগত তেওঁৰ পৰিয়ালৰ এগৰাকী সদস্যই কয়, "মহিলাসকল বহি থকা ঠাইতে সংঘটিত হৈছে এই দুৰ্ঘটনা।মইও তাত আছিলো। ইয়াৰ বাবে কোন দায়ী তদন্ত কৰক। কিন্তু তাত বাবাৰ  কোনো দোষ নাই বুলি মই ভাবো।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ