--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ কৃষকৰ প্ৰতিবাদে ক্ৰমাৎ বেয়া দিশলৈ গতি কৰিছে৷ উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত কৃষকৰ প্ৰতিবাদ চলি থাকোতে সংঘটিত হোৱা হিংসাত্মক ঘটনাত ৮ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ১৫ জন লোক আহত হয়। উত্তেজিত কৃষকসকলে তিনিখন জীপ জ্বলাই দিয়াৰ লগতে বহু গাড়ীত আক্ৰমণ সংঘটিত কৰে।

এই হিংসাত্মক ঘটনাৰ পাছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গোৰখপুৰ ভ্ৰমণ আধাতে সামৰি ৰাজধানীলৈ উভতি আহে। ঘটনাৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰাই কয় যে প্ৰতিবাদকাৰী কৃষকসকলে তিনিজন বিজেপি কৰ্মী আৰু এজন চালকক প্ৰহাৰ কৰি হত্যা কৰে৷ তেওঁলোকে যাত্ৰা কৰা গাড়ীখনলৈ শিল নিক্ষেপ কৰিছিল বিদ্ৰোহী কৃষকসকলে৷

তেওঁ লগতে কয় যে কৃষকসকলৰ মাজত এনে কিছুমান উপাদান আছে যিয়ে দেশত কেৱল অস্থিৰতা সৃষ্টি কৰিব বিচাৰে। ৰাজ্যৰ আইন-শৃংখলাৰ এডিজি প্ৰশান্ত কুমাৰক ইতিমধ্যে লখিমপুৰ খেৰীলৈ প্ৰেৰণ কৰা হৈছে। যিকোনো ধৰণৰ হিংসাত্মক ঘটনা প্ৰতিৰোধ কৰাৰ বাবে অতিৰিক্ত বাহিনীয়ো মোতায়েন কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?