--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সুৰা বা আন নিচাজাতীয় সামগ্ৰী নহয়, এইবাৰ ক্ষমতাৰ ৰাগিৰ ভয়ংকৰ পৰিণতি দেখিবলৈ পোৱা গ’ল উত্তৰ প্ৰদেশত। ৰাজপথত প্ৰতিবাদৰত কৃষকৰ দেহৰ ওপৰেৰে চলিল মন্ত্ৰীপুত্ৰৰ গাড়ী। উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দহ মাহ জোৰা নিৰৱচ্ছিন্ন কৃষক বিদ্ৰোহৰ এনে সকৰুণ পৰিণতিৰ সাক্ষী হ’বলগীয়া হৈছে দেশ। কৃষক আন্দোলনৰ প্ৰতি দেশৰ শাসককৰ অসংবেদনশীলতাৰো ই একপ্ৰকাৰ জলন্ত নিদৰ্শনস্বৰূপ হৈ পৰিছে।

সমবেত হোৱা কৃষকৰ সৈতে সংঘাতৰ পৰিণতিত আঠজনকৈ লোকৰ মৃত্যু ....

দুগৰাকী মন্ত্ৰীৰ কাৰ্যসূচীত বাধা দিবলৈ সমবেত হোৱা কৃষকৰ সৈতে সংঘাতৰ পৰিণতিত আঠজনকৈ লোকৰ মৃত্যু হোৱাৰ বাতৰি আহিছে। আন কেইবাজনো আহত হৈছে এই হিংসাত্মক ঘটনাত। কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ তথা উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ মোৰ্যৰ কাৰ্যসূচীত প্ৰতিবাদী কৃষকে বাধা জন্মাবলৈ চেষ্টা কৰাৰ সময়তে এই শিহৰণকাৰী ঘটনা সংঘটিত হয়। অজয় মিশ্ৰৰ পু্ত্ৰ আশীষ মিশ্ৰই আৰোহন কৰি অহা এখন গাড়ীসহিতে মন্ত্ৰীগৰাকীৰ কনভয়ৰ তিনিখন গাড়ীক প্ৰতিবাদকাৰীয়ে বাধা দিবলৈ চেষ্টা কৰাৰ সময়তে মন্ত্ৰীপুত্ৰৰ গাড়ী কৃষকৰ দেহৰ ওপৰেৰে পাৰ হৈ যোৱা বুলি প্ৰতিবাদী কৃষকে অভিযোগ কৰিছে।

গাড়ীৰ চেপাতে চাৰিজনলৈ কৃষকৰ মৃত্যু হোৱাৰ লগতে আন ছজন আহত হোৱা বুলি মন্তব্য কৰিছে প্ৰতিবাদী কৃষক সংগঠনে .....

তাৰ পাছতে পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰে আৰু দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত আঠজনলৈ লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে চাৰিজন হৈছে কৃষক। অজয় মিশ্ৰৰ পৈত্ৰিক গাঁও তিকোনীয়ালৈ মন্ত্ৰীগৰাকী আৰু উপমুখ্যমন্ত্ৰী কেশৱ মৌৰ্যৰ ভ্ৰমণৰ সময়তে এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। অজয় মিশ্ৰই তেওঁৰ পুত্ৰ এই ঘটনাত জড়িত নহয় বুলি দাবী কৰাৰ বিপৰীতে কৃষকসকলে এই ঘটনা মন্ত্ৰীপুত্ৰ উঠি অহা গাড়ীয়ে সংঘটিত কৰা বুলি অভিযোগ কৰিছে। গাড়ীৰ চেপাতে চাৰিজনলৈ কৃষকৰ মৃত্যু হোৱাৰ লগতে আন ছজন আহত হোৱা বুলি মন্তব্য কৰিছে প্ৰতিবাদী কৃষক সংগঠনে। কৃষি আইন বিৰোধী প্ৰতিবাদৰ নেতৃত্ব দি অহা সংযুক্ত কৃষক মৰ্চাৰ এগৰাকী নেতা তেজিন্দৰ এছ বিৰাকো এই ঘটনাত গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত গাড়ী জ্বলাই দিয়া আৰু গুলীচালনা সংঘটিত হোৱাৰ বাতৰিও আহিছে। এই ঘটনাত নিহত আন চাৰিজন লোক কৃষকৰ প্ৰত্যাক্ৰমণত নিহত হোৱা বুলি ধাৰণা কৰা হৈছে। অজয় মিশ্ৰ আৰু তেওঁৰ পুত্ৰই দাবী কৰিছে যে, কৃষকসকলে তেওঁলোকৰ কনভয়ত আক্ৰমণ কৰি গাড়ীৰ চালকসহ আন তিনিজন লোকক হত্যা কৰিছে। এই ঘটনাৰ পাছতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত। ইতিমধ্যে লখিমপুৰ খেৰীৰ ইণ্টাৰনেট সেৱা বাতিল কৰা হৈছে বুলিও জানিব পৰা গৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে পৰিস্থিতিক লৈ উদ্বেগ ব্যক্ত কৰিছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এডিজি প্ৰশান্ত কুমাৰক ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছে। দোষীক কঠোৰ শাস্তি বিহাৰো নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। ইফালে সংযুক্ত কৃষক মৰ্চাই মন্ত্ৰী অজয় মিশ্ৰৰ পদত্যাগ তেওঁৰ পুত্ৰ আশীষ মিশ্ৰৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা আৰু সমগ্ৰ ঘটনাৰ তদন্ত এগৰাকী কাৰ্যৰত ন্যায়ধীশৰ দ্বাৰা কৰোঁৱাৰ দাবী কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?