--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সুৰা বা আন নিচাজাতীয় সামগ্ৰী নহয়, এইবাৰ ক্ষমতাৰ ৰাগিৰ ভয়ংকৰ পৰিণতি দেখিবলৈ পোৱা গ’ল উত্তৰ প্ৰদেশত। ৰাজপথত প্ৰতিবাদৰত কৃষকৰ দেহৰ ওপৰেৰে চলিল মন্ত্ৰীপুত্ৰৰ গাড়ী। উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দহ মাহ জোৰা নিৰৱচ্ছিন্ন কৃষক বিদ্ৰোহৰ এনে সকৰুণ পৰিণতিৰ সাক্ষী হ’বলগীয়া হৈছে দেশ। কৃষক আন্দোলনৰ প্ৰতি দেশৰ শাসককৰ অসংবেদনশীলতাৰো ই একপ্ৰকাৰ জলন্ত নিদৰ্শনস্বৰূপ হৈ পৰিছে।

সমবেত হোৱা কৃষকৰ সৈতে সংঘাতৰ পৰিণতিত আঠজনকৈ লোকৰ মৃত্যু ....

দুগৰাকী মন্ত্ৰীৰ কাৰ্যসূচীত বাধা দিবলৈ সমবেত হোৱা কৃষকৰ সৈতে সংঘাতৰ পৰিণতিত আঠজনকৈ লোকৰ মৃত্যু হোৱাৰ বাতৰি আহিছে। আন কেইবাজনো আহত হৈছে এই হিংসাত্মক ঘটনাত। কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ তথা উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ মোৰ্যৰ কাৰ্যসূচীত প্ৰতিবাদী কৃষকে বাধা জন্মাবলৈ চেষ্টা কৰাৰ সময়তে এই শিহৰণকাৰী ঘটনা সংঘটিত হয়। অজয় মিশ্ৰৰ পু্ত্ৰ আশীষ মিশ্ৰই আৰোহন কৰি অহা এখন গাড়ীসহিতে মন্ত্ৰীগৰাকীৰ কনভয়ৰ তিনিখন গাড়ীক প্ৰতিবাদকাৰীয়ে বাধা দিবলৈ চেষ্টা কৰাৰ সময়তে মন্ত্ৰীপুত্ৰৰ গাড়ী কৃষকৰ দেহৰ ওপৰেৰে পাৰ হৈ যোৱা বুলি প্ৰতিবাদী কৃষকে অভিযোগ কৰিছে।

গাড়ীৰ চেপাতে চাৰিজনলৈ কৃষকৰ মৃত্যু হোৱাৰ লগতে আন ছজন আহত হোৱা বুলি মন্তব্য কৰিছে প্ৰতিবাদী কৃষক সংগঠনে .....

তাৰ পাছতে পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰে আৰু দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত আঠজনলৈ লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে চাৰিজন হৈছে কৃষক। অজয় মিশ্ৰৰ পৈত্ৰিক গাঁও তিকোনীয়ালৈ মন্ত্ৰীগৰাকী আৰু উপমুখ্যমন্ত্ৰী কেশৱ মৌৰ্যৰ ভ্ৰমণৰ সময়তে এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। অজয় মিশ্ৰই তেওঁৰ পুত্ৰ এই ঘটনাত জড়িত নহয় বুলি দাবী কৰাৰ বিপৰীতে কৃষকসকলে এই ঘটনা মন্ত্ৰীপুত্ৰ উঠি অহা গাড়ীয়ে সংঘটিত কৰা বুলি অভিযোগ কৰিছে। গাড়ীৰ চেপাতে চাৰিজনলৈ কৃষকৰ মৃত্যু হোৱাৰ লগতে আন ছজন আহত হোৱা বুলি মন্তব্য কৰিছে প্ৰতিবাদী কৃষক সংগঠনে। কৃষি আইন বিৰোধী প্ৰতিবাদৰ নেতৃত্ব দি অহা সংযুক্ত কৃষক মৰ্চাৰ এগৰাকী নেতা তেজিন্দৰ এছ বিৰাকো এই ঘটনাত গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত গাড়ী জ্বলাই দিয়া আৰু গুলীচালনা সংঘটিত হোৱাৰ বাতৰিও আহিছে। এই ঘটনাত নিহত আন চাৰিজন লোক কৃষকৰ প্ৰত্যাক্ৰমণত নিহত হোৱা বুলি ধাৰণা কৰা হৈছে। অজয় মিশ্ৰ আৰু তেওঁৰ পুত্ৰই দাবী কৰিছে যে, কৃষকসকলে তেওঁলোকৰ কনভয়ত আক্ৰমণ কৰি গাড়ীৰ চালকসহ আন তিনিজন লোকক হত্যা কৰিছে। এই ঘটনাৰ পাছতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত। ইতিমধ্যে লখিমপুৰ খেৰীৰ ইণ্টাৰনেট সেৱা বাতিল কৰা হৈছে বুলিও জানিব পৰা গৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে পৰিস্থিতিক লৈ উদ্বেগ ব্যক্ত কৰিছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এডিজি প্ৰশান্ত কুমাৰক ঘটনাস্থলীলৈ প্ৰেৰণ কৰিছে। দোষীক কঠোৰ শাস্তি বিহাৰো নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। ইফালে সংযুক্ত কৃষক মৰ্চাই মন্ত্ৰী অজয় মিশ্ৰৰ পদত্যাগ তেওঁৰ পুত্ৰ আশীষ মিশ্ৰৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা আৰু সমগ্ৰ ঘটনাৰ তদন্ত এগৰাকী কাৰ্যৰত ন্যায়ধীশৰ দ্বাৰা কৰোঁৱাৰ দাবী কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন