--°C
Loading...
Listen to Article
2 min read
80%

পুনৰ এবাৰ মুখ্যমন্ত্ৰীৰ আসনলৈ যোগী আদিত্যনাথ

প্ৰত্যাহ্বান জনায়ো থমকিল অখিলেশৰ ৰণৰ ঘোঁৰা

ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰাৰ দিশে আগবাঢ়িছে৷ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেই হ’ব উত্তৰ প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী৷ ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজ্যখনত প্ৰতিদ্বন্দ্বীসকলৰ বিৰুদ্ধে বিজেপিয়ে অপৰাজিত অগ্ৰগতি লাভ কৰিছে৷
এইপৰ্যন্ত উত্তৰ প্ৰদেশৰ ৪০৩খন আসনৰ ভিতৰত ২৫৯খন আসনত ব্যাপক অগ্ৰগতি লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে৷ একেদৰে, সমাজবাদী পাৰ্টীয়ে ১১২খন আসনত অগ্ৰগতি লাভ কৰিছে৷ শেহতীয়া ট্ৰেণ্ড অনুসৰি আপনা দল (সোণলাল)-এ ১১খন আসনত আৰু ৰাষ্ট্ৰীয় লোক দল (আৰএলডি)-এ সাতখন আসনত আগবাঢ়ি আছে৷
৮০খন লোকসভা আসনৰ সৈতে, উত্তৰ প্ৰদেশ কেন্দ্ৰৰ ক্ষমতাৰ অন্যতম চাবিকাঠী হৈ আহিছে৷ আজি উত্তৰ প্ৰদেশত নিৰংকুশ বিজয়ৰ পাছত বিজেপিৰ বাবে সংখ্যাগৰিষ্ঠতাই তিনি দশকতকৈও অধিক সময়ত একেৰাহে দ্বিতীয় কাৰ্যকাল লাভ কৰা প্ৰথম দল হিচাপে পৰিগণিত হ’ব।
উত্তৰ প্ৰদেশত বিজেপিৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানকাৰী হিচাপে বিবেচিত সমাজবাদী পাৰ্টিয়ে সৰু সৰু দলবোৰৰ সৈতে এক বৈচিত্ৰ্যপূৰ্ণ মিত্ৰজোঁট গঢ়ি তুলিছিল, যিটোৱে আশা কৰিছিল যে ইয়াৰ মুছলমান-যাদৱ সমৰ্থিত ভোটাৰ আৰু আন পিছপৰা শ্ৰেণীৰ ভোটাৰে তেওঁলোকৰ পক্ষে মতদান কৰিব৷
এক্সিট প’লেও বিজেপিৰ বাবে সংখ্যাগৰিষ্ঠতাৰ ভৱিষ্যদ্বাণী কৰিছিল, যদিও যোগী আদিত্যনাথৰ চৰকাৰখনৰ বিৰুদ্ধে আছিল প্বল অধিষ্ঠানবিৰোধী ঢৌ৷  ক’ভিড পৰিস্থিতিৰ ব্যৰ্থতা, নিবনুৱাৰ উচ্চ হাৰ আৰু ব্যাপক প্ৰতিবাদৰ পাছত বিগত বৰ্ষত বাতিল কৰা কৃষি আইনৰ বাবে বিজেপিৰ বিৰুদ্ধে জনতাৰ ক্ষোভ আছিল। তাৰ বিপৰীতে, বিজেপিয়ে মহামাৰীৰ সময়ত দৰিদ্ৰ লোকসকলৰ বাবে বিনামূলীয়া ৰেচন প্ৰদান, অপৰাধৰ বিৰুদ্ধে অভিযান আৰু হিন্দু ভোটাৰসকলৰ বিজেপিৰ প্ৰতি থকা সমৰ্থনে তেওঁলোকৰ বিজয়ৰ পথ সুচল কৰি তুলিব বুলি দাবী কৰি আহিছিল৷
BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক