--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট অনুৰাগী সকলৰ বাবে এক ভাল খবৰ৷কাৰণ আৰু কেইমাহমানৰ পাছতে খেলপথাৰলৈ প্ৰত্যাৱৰ্তন কৰিব ঋষভ পণ্টে৷ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা দিল্লী কেপিটেলছৰ ক্ৰিকেট সঞ্চালক সৌৰভ গাংগুলীয়ে যোৱা ৯ নৱেম্বৰ বৃহস্পতিবাৰে কয় যে ঋষভ পণ্টৰ অৱস্থা ভাল আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ত দলৰ অংশ হ’ব।ঋষভ পণ্টে কলকাতাত দিল্লী কেপিটেলছৰ প্ৰশিক্ষণ শিবিৰত যোগদান কৰিছিল যদিও তেওঁ পৰৱৰ্তী ছিজনৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ সময়ছোৱাত তেওঁৰ বাকী সতীৰ্থসকলৰ সৈতে প্ৰশিক্ষণ লোৱা নহ’ব।


প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰা কেইটামান দলৰ ভিতৰত আছে দিল্লী কেপিটেলছ। শিবিৰৰ বাবে উপলব্ধ দিল্লী কেপিটেলছৰ কেইজনমান খেলুৱৈয়ে কলকাতাৰ ছল্টলেকৰ জাদৱপুৰ ইউনিভাৰ্চিটিৰ ছেকেণ্ড কেম্পাছ ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগল খেলপথাৰত প্ৰশিক্ষণ আৰম্ভ কৰে। গাংগুলীয়ে জনোৱা মতে, বৃহস্পতিবাৰে কলকাতাত উপস্থিত হোৱা ঋষভ পণ্ট ১১ নৱেম্বৰলৈকে কলকাতাত থাকিব।


২০২১ চনৰ আই পি এল ছিজন আৰম্ভ হোৱাৰ পৰাই দিল্লী কেপিটেলছৰ নেতৃত্ব দি আহিছে ঋষভ পণ্টে। কিন্তু যোৱা বছৰৰ ডিচেম্বৰ মাহত হোৱা এক পথ দুৰ্ঘটনাৰ সময়ত তেওঁৰ হোৱা একাধিক আঘাতৰ বাবে আইপিএল ২০২৩ৰ বাহিৰত বহিবলৈ বাধ্য হৈছিল।


কলকাতাৰ প্ৰশিক্ষণ শিবিৰৰ ভিজুৱেলত খেলপথাৰত ঘূৰি ফুৰাৰ সময়ত ঋষভ পণ্টক সুস্থ যেন লাগিছিল। অহা বছৰৰ আৰম্ভণিতে পণ্টে প্ৰতিযোগিতামূলক খেললৈ ঘূৰি অহাৰ সম্ভাৱনা আছে আৰু ২০২৪ চনৰ আৰম্ভণিতে ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ সময়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ঘূৰি অহাৰ বিষয়ে জল্পনা-কল্পনা চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক