--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট অনুৰাগী সকলৰ বাবে এক ভাল খবৰ৷কাৰণ আৰু কেইমাহমানৰ পাছতে খেলপথাৰলৈ প্ৰত্যাৱৰ্তন কৰিব ঋষভ পণ্টে৷ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা দিল্লী কেপিটেলছৰ ক্ৰিকেট সঞ্চালক সৌৰভ গাংগুলীয়ে যোৱা ৯ নৱেম্বৰ বৃহস্পতিবাৰে কয় যে ঋষভ পণ্টৰ অৱস্থা ভাল আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ত দলৰ অংশ হ’ব।ঋষভ পণ্টে কলকাতাত দিল্লী কেপিটেলছৰ প্ৰশিক্ষণ শিবিৰত যোগদান কৰিছিল যদিও তেওঁ পৰৱৰ্তী ছিজনৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ সময়ছোৱাত তেওঁৰ বাকী সতীৰ্থসকলৰ সৈতে প্ৰশিক্ষণ লোৱা নহ’ব।


প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰা কেইটামান দলৰ ভিতৰত আছে দিল্লী কেপিটেলছ। শিবিৰৰ বাবে উপলব্ধ দিল্লী কেপিটেলছৰ কেইজনমান খেলুৱৈয়ে কলকাতাৰ ছল্টলেকৰ জাদৱপুৰ ইউনিভাৰ্চিটিৰ ছেকেণ্ড কেম্পাছ ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগল খেলপথাৰত প্ৰশিক্ষণ আৰম্ভ কৰে। গাংগুলীয়ে জনোৱা মতে, বৃহস্পতিবাৰে কলকাতাত উপস্থিত হোৱা ঋষভ পণ্ট ১১ নৱেম্বৰলৈকে কলকাতাত থাকিব।


২০২১ চনৰ আই পি এল ছিজন আৰম্ভ হোৱাৰ পৰাই দিল্লী কেপিটেলছৰ নেতৃত্ব দি আহিছে ঋষভ পণ্টে। কিন্তু যোৱা বছৰৰ ডিচেম্বৰ মাহত হোৱা এক পথ দুৰ্ঘটনাৰ সময়ত তেওঁৰ হোৱা একাধিক আঘাতৰ বাবে আইপিএল ২০২৩ৰ বাহিৰত বহিবলৈ বাধ্য হৈছিল।


কলকাতাৰ প্ৰশিক্ষণ শিবিৰৰ ভিজুৱেলত খেলপথাৰত ঘূৰি ফুৰাৰ সময়ত ঋষভ পণ্টক সুস্থ যেন লাগিছিল। অহা বছৰৰ আৰম্ভণিতে পণ্টে প্ৰতিযোগিতামূলক খেললৈ ঘূৰি অহাৰ সম্ভাৱনা আছে আৰু ২০২৪ চনৰ আৰম্ভণিতে ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ সময়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ঘূৰি অহাৰ বিষয়ে জল্পনা-কল্পনা চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক