--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত এতিয়াও ছখন খেল বাকী আছে। তাৰ আগতে ছেমি ফাইনেলৰ এখন যুঁজ নিশ্চিত হৈছে। গ্লেন মেক্সৱেলৰ অবিশ্বাস্য ইনিংছৰ বাবেই মঙলবাৰে অষ্ট্ৰেলিয়াই আফগানিস্তানক পৰাস্ত কৰে। তেওঁলোকে নিশ্চিত কৰিলে ছেমি ফাইনেল। বিশ্বকাপৰ দ্বিতীয় ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব। অৰ্থাৎ ১৯৯৯ চনৰ ছেমি ফাইনেল এই বিশ্বকাপত ঘূৰি আহিব।

ভাৰতৰ বিৰুদ্ধে অপমানজনক পৰাজয়ৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই ছেমি ফাইনেলত স্থান দখল কৰিছিল। এতিয়া তেওঁলোকৰ হাতত ৮খন মেচৰ পৰা ১২ পইণ্ট আছে। অষ্ট্ৰেলিয়াও তেনেকুৱাই। ৰান ৰেটৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়া তৃতীয় স্থানত পিছ পৰি আছে। দুয়োটা দলৰ মাজত এখন মেচ বাকী আছে। গতিকে বিশ্বকাপত আৰু যিয়েই নহওক কিয়, এই দুটা দলৰ কোনো এটা দলে ভাৰতক (১৬ পইণ্ট) শীৰ্ষত উফৰাই পেলাব নোৱাৰিব।

একেদৰে এই দুটা দলৰ পইণ্ট স্পৰ্শ কৰিব নোৱাৰিব আন কোনো দেশে। যিয়ে চতুৰ্থ স্থানত অন্ত পেলায় তেওঁ ১০ পইণ্টতকৈ বেছি নাপাব। ফলত অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাই চূড়ান্ত মেচৰ ফলাফল যিয়েই নহওক কিয়, দ্বিতীয় আৰু তৃতীয় স্থানৰ বাবে সমতাত থাকিব।

১০ নৱেম্বৰ শুকুৰবাৰে আফগানিস্তানৰ বিৰুদ্ধে শেষ ৰাউণ্ড ৰবিন মেচ খেলিব প্ৰটিয়াছে। এই মেচৰ গুৰুত্ব তেওঁলোকৰ লগত নাথাকিলেও আফগানসকলৰ বাবে আছে। পিছদিনা অষ্ট্ৰেলিয়াই বাংলাদেশৰ বিৰুদ্ধে খেলিব। সেই মেচখন দুয়োটা দলৰ বাবে অগুৰুত্বপূৰ্ণ। যদিহে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকা দুয়োখনেই শেষৰখন মেচত জয়ী বা পৰাস্ত হয় তেন্তে দ্বিতীয় আৰু তৃতীয় স্থান ৰান ৰেটৰ ভিত্তিত নিৰ্ধাৰণ কৰা হ’ব।

দ্বিতীয় ছেমি ফাইনেলৰ স্থান এতিয়াও অনিৰ্ণিত। যদি ভাৰত বনাম পাকিস্তান ছেমি ফাইনেল হয়, তেন্তে মুম্বাইত হ’ব অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা। যদি নাই তেন্তে এই মেচ হ’ব কলকাতাত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক