--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৎকোচ লোৱাৰ অভিযোগত ইউক্ৰেইনৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ভেচেভ’লোড কেনিয়াজিয়েভক গ্ৰেপ্তাৰ কৰা হৈছে। মঙলবাৰে ৰাজধানী কিয়ভৰ মুখ্য ন্যায়াধীশৰ চৰকাৰী বাসগৃহত গ্ৰেপ্তাৰ কৰা হয় কেনিয়াজিয়েভক। তেওঁক ইতিমধ্যে পদৰ পৰা বৰ্খাস্ত কৰা হৈছে।

এই সন্দৰ্ভত দেশখনৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা চেৰহি লেচচেংকোৱে টেলিগ্ৰামত কয় যে ইউক্ৰেইনৰ দুৰ্নীতি বিৰোধী ব্যুৰো আৰু বিশেষ দুৰ্নীতি বিৰোধী প্ৰচিকিউটৰৰ কাৰ্যালয়ে তেওঁৰ বিৰুদ্ধে ২৭ লাখ ডলাৰৰ উৎকোচ গ্ৰহণ কৰাৰ প্ৰমাণ পাইছে।

ইউক্ৰেইনৰ দুৰ্নীতি বিৰোধী ব্যুৰোৰ ফেচবুক পেজৰ মতে, শেহতীয়াকৈ ন্যায়পালিকাৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াত ৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী সংস্থাই গুৰুত্ব আৰোপ কৰিছে।

মুখ্য ন্যায়াধীশৰ বাহিৰেও সংস্থাটোৰ গোপন তালিকাত আৰু কমেও ১৮ জন দুৰ্নীতিগ্ৰস্ত ন্যায়াধীশ আৰু দণ্ডাধীশ আছে। লাহে লাহে তেওঁলোককো আইনৰ আওতালৈ অনা হ’ব।

উল্লেখ্য যে ইউক্ৰেইনৰ এনে দুৰ্নীতিৰ ইতিহাস বহু পুৰণি। ২০২১ চনত জাৰ্মানীস্থিত সংস্থা ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেল (টি আই)-য়ে দেশখনক ‘আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দেশসমূহৰ ভিতৰত অন্যতম’ বুলি অভিহিত কৰিছিল। দুৰ্নীতিৰ ক্ষেত্ৰত টি আইৰ তালিকাভুক্ত ১৮০খন দেশৰ ভিতৰত ইউক্ৰেইনৰ স্থান ১২২ নম্বৰত আছে।















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ