--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৎকোচ লোৱাৰ অভিযোগত ইউক্ৰেইনৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ভেচেভ’লোড কেনিয়াজিয়েভক গ্ৰেপ্তাৰ কৰা হৈছে। মঙলবাৰে ৰাজধানী কিয়ভৰ মুখ্য ন্যায়াধীশৰ চৰকাৰী বাসগৃহত গ্ৰেপ্তাৰ কৰা হয় কেনিয়াজিয়েভক। তেওঁক ইতিমধ্যে পদৰ পৰা বৰ্খাস্ত কৰা হৈছে।

এই সন্দৰ্ভত দেশখনৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা চেৰহি লেচচেংকোৱে টেলিগ্ৰামত কয় যে ইউক্ৰেইনৰ দুৰ্নীতি বিৰোধী ব্যুৰো আৰু বিশেষ দুৰ্নীতি বিৰোধী প্ৰচিকিউটৰৰ কাৰ্যালয়ে তেওঁৰ বিৰুদ্ধে ২৭ লাখ ডলাৰৰ উৎকোচ গ্ৰহণ কৰাৰ প্ৰমাণ পাইছে।

ইউক্ৰেইনৰ দুৰ্নীতি বিৰোধী ব্যুৰোৰ ফেচবুক পেজৰ মতে, শেহতীয়াকৈ ন্যায়পালিকাৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াত ৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী সংস্থাই গুৰুত্ব আৰোপ কৰিছে।

মুখ্য ন্যায়াধীশৰ বাহিৰেও সংস্থাটোৰ গোপন তালিকাত আৰু কমেও ১৮ জন দুৰ্নীতিগ্ৰস্ত ন্যায়াধীশ আৰু দণ্ডাধীশ আছে। লাহে লাহে তেওঁলোককো আইনৰ আওতালৈ অনা হ’ব।

উল্লেখ্য যে ইউক্ৰেইনৰ এনে দুৰ্নীতিৰ ইতিহাস বহু পুৰণি। ২০২১ চনত জাৰ্মানীস্থিত সংস্থা ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেশ্যনেল (টি আই)-য়ে দেশখনক ‘আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দেশসমূহৰ ভিতৰত অন্যতম’ বুলি অভিহিত কৰিছিল। দুৰ্নীতিৰ ক্ষেত্ৰত টি আইৰ তালিকাভুক্ত ১৮০খন দেশৰ ভিতৰত ইউক্ৰেইনৰ স্থান ১২২ নম্বৰত আছে।















FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ