--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ছালৰ যিকোনো ৰোগত ভুগিলে প্ৰথমে হয়তো সকলোৰে মনলৈ আহে হালধিৰ কথা৷ কিয়নো ছাললৈ উজ্জ্বলতা ঘূৰাই আনিবলৈ হালধি আৰু চন্দন প্ৰয়োগ কৰাৰ প্ৰথা বহু যুগ ধৰি চলি আহিছে। আনকি অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰায়ো দৈ আৰু হালধিৰ মিশ্ৰণ ঘৰুৱাভাৱে তৈয়াৰ কৰি ব্যৱহাৰ কৰে।

ছালৰ যিকোনো সমস্যাৰ বাবে মানুহে প্ৰথমে হালধি বিচাৰে। হালধি বহুক্ষেত্ৰতেই উপকাৰী হিচাপে কাম কৰে। কিন্তু হালধি লেপনৰ সময়ত কিছু ভুলৰ বাবে ইয়াৰ ফল বিপৰীতো হ’ব পাৰে। তেতিয়া ছালৰ বিভিন্ন সমস্যা বৃদ্ধি হ’ব পাৰে, আনকি ছাল শোতৰা পৰাৰো আশংকা থাকে। এনে অৱস্থা নহ’বলৈ কেনেদৰে হালধি ব্যৱহাৰ কৰিব জানি লওঁ আহক-
ফেচ পেক তৈয়াৰ কৰিবলৈ হালধি আৰু দৈ বা হালধি আৰু চন্দন মিহলোৱাটোৱেই আটাইতকৈ বেছি দেখা যায়। কিন্তু বহু লোকে অপ্ৰয়োজনীয়ভাৱে বিভিন্ন উপাদান মিহলি কৰে। হালধি সাধাৰণতে ছালৰ বিভিন্ন সমস্যাৰ বাবে উপকাৰী। তেনেক্ষেত্ৰত আন কোনো কাৰণ নোহোৱাকৈ ইয়াৰ সৈতে একাধিক উপাদান মিহলি কৰিব নালাগে৷

হালধি সাধাৰণতে ছালৰ বিভিন্ন সমস্যাৰ বাবে উপকাৰী

হালধি দীঘলীয়া সময়ৰ বাবে ৰাখিলে ছালত হালধীয়া দাগ থাকি যায়৷ গতিকে, ২০ মিনিটৰ ভিতৰতে ইয়াক ধুই দিব লাগে। ২০ মিনিটতকৈ অধিক সময় ৰখাটো ভাল নহয়। বহু লোকে মুখত ফেচ পেক প্ৰয়োগ কৰাৰ পাছত ভালদৰে ধুই নিদিয়ে বা পৰিষ্কাৰ নকৰে। এই কাৰ্যই আটাইতকৈ বেছি ক্ষতি কৰিব পাৰে। হালধি দীঘলীয়া সময়ৰ বাবে ছালত থাকিলে ই ছালত আন ক্ষতি কৰিব পাৰে। ফেচ পেকটো সমানভাৱে ছালত প্ৰয়োগ কৰা উচিত। ফেচ পেকবোৰ সমানভাৱে প্ৰয়োগ নকৰিলে সঠিকভাৱে কাম নকৰিব পাৰে। মুখত হালধিৰ ফেচ পেক লগোৱাৰ পাছত ইয়াক ২০ মিনিটৰ মূৰত পৰিষ্কাৰকৈ ধুই পেলাব লাগে যদিও কমেও ১২ ঘণ্টালৈ মুখখন চাবোনেৰে ধুব নালাগে। বহু লোকে এই ভুল কৰি থাকে। এনে কৰিলে সুফল পোৱাত সমস্যা হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ