--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ছালৰ যিকোনো ৰোগত ভুগিলে প্ৰথমে হয়তো সকলোৰে মনলৈ আহে হালধিৰ কথা৷ কিয়নো ছাললৈ উজ্জ্বলতা ঘূৰাই আনিবলৈ হালধি আৰু চন্দন প্ৰয়োগ কৰাৰ প্ৰথা বহু যুগ ধৰি চলি আহিছে। আনকি অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰায়ো দৈ আৰু হালধিৰ মিশ্ৰণ ঘৰুৱাভাৱে তৈয়াৰ কৰি ব্যৱহাৰ কৰে।

ছালৰ যিকোনো সমস্যাৰ বাবে মানুহে প্ৰথমে হালধি বিচাৰে। হালধি বহুক্ষেত্ৰতেই উপকাৰী হিচাপে কাম কৰে। কিন্তু হালধি লেপনৰ সময়ত কিছু ভুলৰ বাবে ইয়াৰ ফল বিপৰীতো হ’ব পাৰে। তেতিয়া ছালৰ বিভিন্ন সমস্যা বৃদ্ধি হ’ব পাৰে, আনকি ছাল শোতৰা পৰাৰো আশংকা থাকে। এনে অৱস্থা নহ’বলৈ কেনেদৰে হালধি ব্যৱহাৰ কৰিব জানি লওঁ আহক-
ফেচ পেক তৈয়াৰ কৰিবলৈ হালধি আৰু দৈ বা হালধি আৰু চন্দন মিহলোৱাটোৱেই আটাইতকৈ বেছি দেখা যায়। কিন্তু বহু লোকে অপ্ৰয়োজনীয়ভাৱে বিভিন্ন উপাদান মিহলি কৰে। হালধি সাধাৰণতে ছালৰ বিভিন্ন সমস্যাৰ বাবে উপকাৰী। তেনেক্ষেত্ৰত আন কোনো কাৰণ নোহোৱাকৈ ইয়াৰ সৈতে একাধিক উপাদান মিহলি কৰিব নালাগে৷

হালধি সাধাৰণতে ছালৰ বিভিন্ন সমস্যাৰ বাবে উপকাৰী

হালধি দীঘলীয়া সময়ৰ বাবে ৰাখিলে ছালত হালধীয়া দাগ থাকি যায়৷ গতিকে, ২০ মিনিটৰ ভিতৰতে ইয়াক ধুই দিব লাগে। ২০ মিনিটতকৈ অধিক সময় ৰখাটো ভাল নহয়। বহু লোকে মুখত ফেচ পেক প্ৰয়োগ কৰাৰ পাছত ভালদৰে ধুই নিদিয়ে বা পৰিষ্কাৰ নকৰে। এই কাৰ্যই আটাইতকৈ বেছি ক্ষতি কৰিব পাৰে। হালধি দীঘলীয়া সময়ৰ বাবে ছালত থাকিলে ই ছালত আন ক্ষতি কৰিব পাৰে। ফেচ পেকটো সমানভাৱে ছালত প্ৰয়োগ কৰা উচিত। ফেচ পেকবোৰ সমানভাৱে প্ৰয়োগ নকৰিলে সঠিকভাৱে কাম নকৰিব পাৰে। মুখত হালধিৰ ফেচ পেক লগোৱাৰ পাছত ইয়াক ২০ মিনিটৰ মূৰত পৰিষ্কাৰকৈ ধুই পেলাব লাগে যদিও কমেও ১২ ঘণ্টালৈ মুখখন চাবোনেৰে ধুব নালাগে। বহু লোকে এই ভুল কৰি থাকে। এনে কৰিলে সুফল পোৱাত সমস্যা হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
৫২ বছৰত বিশ্বজুৰি হ্ৰাস ৭৩% বন্যপ্রাণী! ইয়াৰ মাজতে আশাৰ ৰেঙনি দেখুৱাইছে ভাৰতে
এবছৰে কাৰাবন্দী হৈ আজি মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত
পাকিস্তানৰ ৪খন অশান্ত প্ৰদেশক খণ্ড খণ্ড কৰাৰ পৰিকল্পনা আছিম মুনিৰৰ
গুৱাহাটী আৰু শিলচৰৰ পাছত এইবাৰ গোৱালপাৰাত গ্ৰেপ্তাৰ ১২ বাংলাদেশী নাগৰিক
মন্দিয়াত ই-ৰিক্সা হঠাৎ বাগৰি পৰি থিতাতে নিহত কণমানি ছাত্ৰী; কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে