--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাগ্য চক্ৰই মানুহক কোন পিনে টানি নিয়ে সেয়া কোনেও ক’ব নোৱাৰে।ভাগ্যৰ এই অবিশ্বাস্য খেলেই ঘটি গ’ল কেৰালাৰ এৰ্নাকুলাম জিলাৰ এগৰাকী অটো-ৰিক্সাচালক জয়পালন পি আৰৰ সৈতে। কোচিৰ মৰডু অঞ্চলৰ বাসিন্দা জয়পালনে কেৰালাৰ ৰাজ্য চৰকাৰে আয়োজন কৰা ১২ কোটি টকা পুৰস্কাৰৰ থিৰুভোনাম বাম্পাৰ লটাৰীৰ বিজয়ী হিচাপে ঘোষিত হয়।


জয়পালনে স্থানীয় সংবাদ মাধ্যমক কয় যে ১০ ছেপ্টেম্বৰৰ দিনাখন তেওঁ ৩০০ টকা মূল্যৰ টিকট এটি সংগ্ৰহ কৰিছিল।তেওঁ কয় যে লটাৰীৰ টিকট ক্ৰয় কৰাতো তেওঁৰ পুৰণি অভ্যাস। অৱশ্যে দীৰ্ঘদিন ধৰি লটাৰী টিকট ক্ৰয় কৰি অহাৰ পিছতো তেওঁ ইয়াৰ পূৰ্বে কেৱল এবাৰেই ৫০০০ টকা লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে কৰ আৰু অন্যান্য কমিছন আদি কৰ্তন কৰাৰ পিছত জয়পালনে লাভ কৰিব প্ৰায় ৭.৪ কোটি টকা। এই টকাৰে তেওঁ পূৰ্বৰ ঋণ পৰিশোধ কৰাৰ লগতে নিজৰ ল’ৰা-ছোৱালীক সুশিক্ষা প্ৰদান কৰিব বুলি জনায়।


উল্লেখ্য যে এই প্ৰতিযোগিতাৰ ফলাফল ঘোষণাৰ পিছতেই সূত্ৰপাত হৈছিল বিতৰ্কৰ। ডুবাইৰ হোটেল এখনত ৰান্ধনী হিচাপে কৰ্মৰত ৱায়ানাড জিলাৰ চৈয়দ আলাভি নামৰ এগৰাকী লোকে নিজকে উক্ত বটাৰ বিজয়ী বুলি দাবী কৰিছিল যদিও পিছত তেওঁৰ দাবী মিছা বুলি প্ৰমাণ হয়।
যি নহওঁক,ল’টাৰী খেলি ১২ টকা লাভ কৰা এই ঘটনাই এতিয়া চকু কপালত তুলিছে বহুতৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ