--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰ ভাগ্যই কাক কেতিয়া ক'লৈ লৈ যায় সেয়া কোনেও ক'ব নোৱাৰে। আফগানিস্তানত তালিবানীৰ অভ্যুত্থানৰ পাছত বহুলোকৰ জীৱন সলনি হৈ গ'ল।আফগানিস্তানৰ বিত্তমন্ত্ৰী খালিদ পায়েণ্ডাই এতিয়া জীৱিকা অৰ্জনৰ বাবে আমেৰিকাত উবেৰ কেব চলাই আছে। এসময়ত কাবুলত ৬ বিলিয়ন ডলাৰৰ বাজেট উপস্থাপন কৰা প্ৰাক্তন আফগান বিত্তমন্ত্ৰীগৰাকীয়ে এতিয়া ৱাশ্বিংটন ডিচিত এখন উবেৰ কেব চলাই পৰিয়াল পোহপাল দি আছে। খালিদ পায়েণ্ডাই যোৱা বছৰ তালিবানে দায়িত্ব লোৱাৰ ঠিক আগতে খালিদ পায়াণ্ডাই আফগানিস্তান ত্যাগ কৰিছিল। খালিদ পায়েণ্ডাই কৈছিল যে ''আফগানিস্তানৰ তালিবান অধিগ্ৰহণৰ বাবে আমেৰিকানসকল দায়ী। ২০২১ চনৰ আগষ্ট মাহত দুটা দশকৰ যুদ্ধৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য আফগানিস্তানৰ পৰা স্বদেশলৈ উভতি আহে। তালিবানে আফগানিস্তানৰ নিয়ন্ত্ৰণ লোৱাৰ কেইমাহমান আগতে প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ চৰকাৰে ২০২০ চনৰ ফেব্ৰুৱাৰীত সন্ত্ৰাসবাদী গোটটোৰ সৈতে চৰ্তসাপেক্ষে শান্তি চুক্তি স্বাক্ষৰ কৰিছিল। ইয়াত ১৪ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য উলিয়াই অনাৰ প্ৰতিশ্ৰুতি অন্তৰ্ভুক্ত আছিল।" পায়েণ্ডাৰ পৰিয়াল আগষ্টৰ প্ৰথম সপ্তাহত আফগানিস্তানৰ পৰা আমেৰিকাত উপস্থিত হৈছিল। ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিৰ সৈতে পায়েণ্ডাৰ সম্পৰ্কৰ অৱনতি ঘটাৰ লগে লগে আৰু তালিবানে কাবুল দখল কৰাৰ এসপ্তাহ আগতে তেওঁ বিত্তমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। খালিদ পায়েণ্ডাই ৰাষ্ট্ৰপতিয়ে তেওঁক আটক কৰিব পাৰে বুলি ভয় কৰি তেওঁ তেওঁৰ পৰিয়ালৰ সৈতে আমেৰিকালৈ পলাই যায়।খালিদ পায়েণ্ডাৰ এগৰাকী পত্নী আৰু চাৰিটা সন্তান আছে। আৰু পঢ়কঃ বিজেপিক ভোট দিয়া বাবে মুছলমান মহিলাক মাৰধৰ কৰি ঘৰৰ বাহিৰ কৰিলে শহুৰৰ পৰিয়ালে PRAG CINE AWARDS

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক