--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰ ভাগ্যই কাক কেতিয়া ক'লৈ লৈ যায় সেয়া কোনেও ক'ব নোৱাৰে। আফগানিস্তানত তালিবানীৰ অভ্যুত্থানৰ পাছত বহুলোকৰ জীৱন সলনি হৈ গ'ল।আফগানিস্তানৰ বিত্তমন্ত্ৰী খালিদ পায়েণ্ডাই এতিয়া জীৱিকা অৰ্জনৰ বাবে আমেৰিকাত উবেৰ কেব চলাই আছে। এসময়ত কাবুলত ৬ বিলিয়ন ডলাৰৰ বাজেট উপস্থাপন কৰা প্ৰাক্তন আফগান বিত্তমন্ত্ৰীগৰাকীয়ে এতিয়া ৱাশ্বিংটন ডিচিত এখন উবেৰ কেব চলাই পৰিয়াল পোহপাল দি আছে। খালিদ পায়েণ্ডাই যোৱা বছৰ তালিবানে দায়িত্ব লোৱাৰ ঠিক আগতে খালিদ পায়াণ্ডাই আফগানিস্তান ত্যাগ কৰিছিল। খালিদ পায়েণ্ডাই কৈছিল যে ''আফগানিস্তানৰ তালিবান অধিগ্ৰহণৰ বাবে আমেৰিকানসকল দায়ী। ২০২১ চনৰ আগষ্ট মাহত দুটা দশকৰ যুদ্ধৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য আফগানিস্তানৰ পৰা স্বদেশলৈ উভতি আহে। তালিবানে আফগানিস্তানৰ নিয়ন্ত্ৰণ লোৱাৰ কেইমাহমান আগতে প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ চৰকাৰে ২০২০ চনৰ ফেব্ৰুৱাৰীত সন্ত্ৰাসবাদী গোটটোৰ সৈতে চৰ্তসাপেক্ষে শান্তি চুক্তি স্বাক্ষৰ কৰিছিল। ইয়াত ১৪ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য উলিয়াই অনাৰ প্ৰতিশ্ৰুতি অন্তৰ্ভুক্ত আছিল।" পায়েণ্ডাৰ পৰিয়াল আগষ্টৰ প্ৰথম সপ্তাহত আফগানিস্তানৰ পৰা আমেৰিকাত উপস্থিত হৈছিল। ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিৰ সৈতে পায়েণ্ডাৰ সম্পৰ্কৰ অৱনতি ঘটাৰ লগে লগে আৰু তালিবানে কাবুল দখল কৰাৰ এসপ্তাহ আগতে তেওঁ বিত্তমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। খালিদ পায়েণ্ডাই ৰাষ্ট্ৰপতিয়ে তেওঁক আটক কৰিব পাৰে বুলি ভয় কৰি তেওঁ তেওঁৰ পৰিয়ালৰ সৈতে আমেৰিকালৈ পলাই যায়।খালিদ পায়েণ্ডাৰ এগৰাকী পত্নী আৰু চাৰিটা সন্তান আছে। আৰু পঢ়কঃ বিজেপিক ভোট দিয়া বাবে মুছলমান মহিলাক মাৰধৰ কৰি ঘৰৰ বাহিৰ কৰিলে শহুৰৰ পৰিয়ালে PRAG CINE AWARDS

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব