--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ভয়ংকৰ বিমান দুৰ্ঘটনা। আজি চীনত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। খবৰ অনুসৰি, চীনত এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে, য’ত ১৩৩জন লোক আছিল। ঘটনাটো দেশখনৰ দক্ষিণ-পশ্চিম অংশত সংঘটিত হৈছে। বৰ্তমানলৈকে এই দুৰ্ঘটনাটোত কিমান জন লোক নিহত হৈছিল সেই বিষয়ে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। চীনৰ চৰকাৰী চিচি টিভি সংবাদ সংস্থাই জনাই যে, চীনৰ গুয়াংছি অঞ্চলৰ ৱুঝৌ চহৰৰ ওচৰৰ এখন গ্ৰাম্য অঞ্চলত বোয়িং ৭৩৭ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে। বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগে লগে, বিমানখনৰ চৌপাশে জুইৰ লেহিয়ান শিখাই আৱৰি ধৰে। ইতিমধ্যে ঘটনাস্থলীলৈ উদ্ধাৰকাৰী দল ৰাওনা হৈছে। গুয়াংছি জৰুৰীকালীন ব্যৱস্থাপনা বিভাগে এক বিবৃতিত কয়, ‘চীন ইষ্টন এয়াৰলাইনছৰ পৰা ১৩৩জন লোকক কঢ়িয়াই অনা এখন বোয়িং ৭৩৭ যাত্ৰীবাহী বিমান গুয়াংছিৰ টেং কাউণ্টিৰ ৱুঝৌত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখনে এখন পৰ্বতত খুন্দা মাৰে পাছতে বিমানখনত জুইয়ে আৱৰি ধৰে।’ অৱশ্যে বৰ্তমানলৈকে হতাহতৰ সংখ্যাৰ বিষয়ে কোনো তথ্য পোহৰলৈ অহা নাই। দুৰ্ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈপৰিছে, য’ত পৰ্বতৰ গছবোৰৰ পৰা বগা ধোঁৱাই আৱৰি পেলাইছে। একে সময়তে আন বহুতো ভিডিঅ’ ওলাইছে, য’ত দেখা গৈছে দুৰ্ঘটনা অঞ্চলটোত ভালেমান বিমানৰ অৱশিষ্ট পোৱা গৈছে। এইটো এতিয়াও স্পষ্ট হোৱা নাই যে কি কাৰণত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল। আশংকা কৰা হৈছে যে বিমানখনত থকা সকলো যাত্ৰীৰ দুৰ্ঘটনাটোত মৃত্যু হৈছে। অৱশ্যে, এই বিষয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। সোমবাৰে দুপৰীয়া ১ বজাত কুনমিং চহৰৰ পৰা উৰা মৰা বিমানখন এমইউ ৫৭৩৫ গুয়াংঝৌত ইয়াৰ নিৰ্ধাৰিত গন্তব্যস্থানত উপস্থিত হোৱা নাছিল। তাৰ পাছত, এই দুৰ্ঘটনাৰ বিষয়ে তথ্য পোহৰলৈ আহে। PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা