--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ভয়ংকৰ বিমান দুৰ্ঘটনা। আজি চীনত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। খবৰ অনুসৰি, চীনত এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে, য’ত ১৩৩জন লোক আছিল। ঘটনাটো দেশখনৰ দক্ষিণ-পশ্চিম অংশত সংঘটিত হৈছে। বৰ্তমানলৈকে এই দুৰ্ঘটনাটোত কিমান জন লোক নিহত হৈছিল সেই বিষয়ে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। চীনৰ চৰকাৰী চিচি টিভি সংবাদ সংস্থাই জনাই যে, চীনৰ গুয়াংছি অঞ্চলৰ ৱুঝৌ চহৰৰ ওচৰৰ এখন গ্ৰাম্য অঞ্চলত বোয়িং ৭৩৭ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে। বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগে লগে, বিমানখনৰ চৌপাশে জুইৰ লেহিয়ান শিখাই আৱৰি ধৰে। ইতিমধ্যে ঘটনাস্থলীলৈ উদ্ধাৰকাৰী দল ৰাওনা হৈছে। গুয়াংছি জৰুৰীকালীন ব্যৱস্থাপনা বিভাগে এক বিবৃতিত কয়, ‘চীন ইষ্টন এয়াৰলাইনছৰ পৰা ১৩৩জন লোকক কঢ়িয়াই অনা এখন বোয়িং ৭৩৭ যাত্ৰীবাহী বিমান গুয়াংছিৰ টেং কাউণ্টিৰ ৱুঝৌত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখনে এখন পৰ্বতত খুন্দা মাৰে পাছতে বিমানখনত জুইয়ে আৱৰি ধৰে।’ অৱশ্যে বৰ্তমানলৈকে হতাহতৰ সংখ্যাৰ বিষয়ে কোনো তথ্য পোহৰলৈ অহা নাই। দুৰ্ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈপৰিছে, য’ত পৰ্বতৰ গছবোৰৰ পৰা বগা ধোঁৱাই আৱৰি পেলাইছে। একে সময়তে আন বহুতো ভিডিঅ’ ওলাইছে, য’ত দেখা গৈছে দুৰ্ঘটনা অঞ্চলটোত ভালেমান বিমানৰ অৱশিষ্ট পোৱা গৈছে। এইটো এতিয়াও স্পষ্ট হোৱা নাই যে কি কাৰণত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল। আশংকা কৰা হৈছে যে বিমানখনত থকা সকলো যাত্ৰীৰ দুৰ্ঘটনাটোত মৃত্যু হৈছে। অৱশ্যে, এই বিষয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। সোমবাৰে দুপৰীয়া ১ বজাত কুনমিং চহৰৰ পৰা উৰা মৰা বিমানখন এমইউ ৫৭৩৫ গুয়াংঝৌত ইয়াৰ নিৰ্ধাৰিত গন্তব্যস্থানত উপস্থিত হোৱা নাছিল। তাৰ পাছত, এই দুৰ্ঘটনাৰ বিষয়ে তথ্য পোহৰলৈ আহে। PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক