--°C
Loading...
Listen to Article
2 min read
80%

লখিমপুৰ : ইংৰাজী নৱবৰ্ষৰ পহিলা ভাগতে অসমৰ ছবি জগতলৈ আহিছে এটা ভাল খবৰ৷ এইবাৰ আন্তৰ্জাতিক পৰ্যায়ত উজলি উঠিছে এখন অসমীয়া ছবি৷ কৃপাল কলিতা পৰিচালিত 'ব্ৰিজ' নামৰ চিনেমাখনে অসমীয়া চিনেমালৈ কঢ়িয়াই আনিছে এটা পাছত আনটো সন্মান৷ এইবাৰ ৫১ সংখ্যক ইণ্ডিয়ান পেনোৰামাৰ মূল প্ৰতিযোগিতাত প্ৰৱেশ কৰিছে অসমীয়া ছবি ‘ব্ৰীজ’-এ৷

আৰু পঢ়িব পাৰিব :জ’ বাইডেনৰ বিজয়ত মাৰ্কিন কংগ্ৰেছৰ আনুষ্ঠানিক মোহৰ

দেশ-বিদেশৰ ১৫ খন ছবিৰ মাজত স্থানলাভ কৰি অসমৰ সাংস্কৃতিক ক্ষেত্ৰলৈ আশাৰ বতৰা কঢ়়িয়াই আনিছে ছবিখনে৷ সমগ্ৰ ভাৰত বৰ্ষৰ ভিতৰত স্থান পোৱা তিনিখন ছবিৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ছবি 'ব্ৰীজ'ৰ বাবে উৎফুল্লিত হৈছে ছবিখনৰ পৰিচালক৷

আৰু পঢ়িব পাৰিব :‘মোৰ বুকু ভাগি গৈছে, তাক একেবাৰে মাৰি পেলাওক…’ এগৰাকী মাতৃৰ বিননি

কৃপাল কলিতা পৰিচালিত ছবিখনৰ মূল পাঁচটা চৰিত্ৰৰ তিনিটা চৰিত্ৰতে অভিনয় কৰিছে লখিমপুৰৰ তিনিগৰাকী সন্তানে৷ ইয়াৰ পূৰ্বে অসমীয়া ভাষাৰ ‘ভিলেজ ৰকষ্টাৰ’ আৰু ‘অদাহ্য’ইহে এই বিৰল সন্মান লাভ কৰিছিল৷ অন্যহাতে অহা ১৬ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈকে গুৱাহাটীত অনুষ্ঠিত হ'বলগা আন্তজাতিক ছবি মহোৎসৱতো 'ব্ৰীজ' –এ স্থান পাবলৈ সক্ষম হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ