--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাল মানুহৰ বেয়া কিয় হয়...এই প্ৰশ্ন নিশ্চয় আপুনি শুনিছে বা কেতিয়াবা নিশ্চয় এই কথা অনুভৱ কৰিছে। ভগৱান কৃষ্ণই ইয়াৰ উত্তৰ শ্ৰীমদ্ভৱগদগীতাত উল্লেখ কৰিছে।

শ্ৰীমদ্ভৱগদগীতা এনে এখন ধৰ্মীয় গ্ৰন্থ য’ত মানুহৰ মনত উদ্ভৱ হোৱা প্ৰতিটো প্ৰশ্নৰ সমাধান বিশদভাৱে ব্যাখ্যা কৰা হৈছে। শ্ৰীমদ্ভৱগদগীতাত বৰ্ণনা কৰা কাহিনী অনুসৰি অৰ্জুনৰ মনত যেতিয়াই কোনো দ্বিধাদ্বন্দ্বৰ সৃষ্টি হয় তেতিয়াই তাৰ সমাধানৰ বাবে তেওঁ শ্ৰীকৃষ্ণৰ কাষ চাপিছিল। এদিন অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ ওচৰলৈ আহি তেওঁক ক’লে, "হে বাসুদেৱ, মোক এটা প্ৰশ্নই আমনি কৰি আছে আৰু তাৰ উত্তৰ কেৱল আপুনিহে ক’ব পাৰিব।"

অৰ্জুনে সুধিলে, "হে নাৰায়ণ, ভাল মানুহৰ বেয়া কিয় হয়। অৰ্জুনৰ কথা শুনি শ্ৰীকৃষ্ণই ক’লে, হে পাৰ্থ, মানুহ এজনক যিদৰে দেখা যায় বা তেওঁ নিজকে যি বুলি  অনুভৱ কৰে তেনেকুৱা একো নহয়, বৰং অজ্ঞানতাৰ বাবে তেওঁ সত্য কি বুজিব নোৱাৰে।" 

শ্ৰীকৃষ্ণৰ কথা শুনি অৰ্জুন আচৰিত হৈ ক’লে, "হে নাৰায়ণ কি ক’ব খুজিছে, মই একো বুজি নাপালোঁ।" তেতিয়া কৃষ্ণই অৰ্জুনক ক'লে "ৰ'বা মই তোমাক এটা কাহিনী ক'ম, তেতিয়া বুজি পাবা যে মানুহে কৰ্ম অনুযায়ী ফল লাভ কৰে।  অৰ্থাৎ বেয়া কাম কৰাজনে বেয়া ফল পায় আৰু ভাল কাম কৰা সকলে ভাল ফল পায়। কাৰণ ভাল বেয়া কৰ্ম মানুহৰ ওপৰত নিৰ্ভৰশীল।"

শ্ৰীকৃষ্ণই অৰ্জুনক উদাহৰণসহ বুজাই দিলে। তেওঁ কয় যে ''আগতে দুজন মানুহ এখন চহৰত বাস কৰিছিল। তাত এজন বণিক আছিল যিয়ে ধৰ্মক অতি গুৰুত্ব দিছিল। তেওঁ উপাসনা আৰু ঈশ্বৰক বহুত বিশ্বাস কৰিছিল। একে সময়তে দ্বিতীয়জন মানুহ প্ৰথমজনৰ সম্পূৰ্ণ বিপৰীত আছিল। তেওঁ আগতে মন্দিৰলৈ গৈছিল, কিন্তু পূজা-পাতলৰ উদ্দেশ্যে নহয়, মন্দিৰৰ বাহিৰত জোতা-চপ্পল চুৰি কৰিবলৈহে গৈছিল। এনেকৈয়ে সময় পাৰ হৈ গ'ল। এদিন সেই চহৰত প্ৰচণ্ড বৰষুণ দি আছিল। সেইদিনা মন্দিৰত পণ্ডিতৰ বাহিৰে আন কোনো নাছিল। আনজন মানুহে এই বিষয়ে গম পালে, তেওঁ ভাবিলে যে এইয়াই মন্দিৰৰ টকা চুৰি কৰাৰ উপযুক্ত সময়।

তেওঁ মন্দিৰত উপস্থিত হৈ মন্দিৰত ৰখা সকলো টকা চুৰি কৰিলে। একে সময়তে ধৰ্ম-কৰ্মত বিশ্বাসী বণিকজনে মন্দিৰত উপস্থিত হৈ ঈশ্বৰৰ আশীৰ্বাদ লবলৈ আহিছিল। কিন্তু মন্দিৰৰ পুৰোহিতে সেই ভাল মানুহজনক চোৰ বুলি ভুল কৰি হুলস্থুল কৰিবলৈ ধৰিলে। ইয়াৰ মাজতে মন্দিৰত জনসমাগম হৈছিল আৰু মানুহে সেই বণিকজনকে চোৰ বুলি ভাবি ভুল কৰিছিল।

সেই মন্দিৰৰ পৰা বণিক পলায়ন কৰিলে, কিন্তু দুৰ্ভাগ্যই তেওঁক এৰি নগল। বাহিৰলৈ ওলাই আহোঁতে এখন বাহনে তেওঁক খুন্দা মৰাৰ ফলত আহত হয়। 

কিছু বছৰৰ পাছত দুয়োজন ব্যক্তিৰ মৃত্যু হয় আৰু দুয়ো যমৰাজৰ সভাত উপস্থিত হয়।ভাল মানুহজনে যমৰাজক সুধিলে যে মই আগতে কেৱল ভাল কামহে কৰিছিলোঁ, কিন্তু ইয়াৰ পিছতো গোটেই জীৱন অপমানিত হৈছিলোঁ। এই ওপৰত যমৰাজে ব্যৱসায়ীজনক ক'লে যে পুত্ৰ তুমি ভুল ভাবিছা।যিদিনা বাহনখনে তোমাক খুন্দিয়াইছিল সেয়াই আছিল তোমাৰ জীৱনৰ শেষ দিন।কিন্তু তোমাৰ ভাল কামৰ বাবে তোমাৰ দুৰ্ঘটনা এটা সৰু আঘাতলৈ পৰিণত হ'ল।''

অৰ্জুনক এই কাহিনী কোৱাৰ পিছত শ্ৰীকৃষ্ণই সেই পাৰ্থক ক'লে, ''তুমি নিশ্চয় তোমাৰ প্ৰশ্নৰ উত্তৰ পালা। কাৰোবাৰ ভাল কামবোৰক ভগৱানে আওকাণ কৰিছে বুলি ভবাটো একেবাৰে ভুল, ভগৱানে যিকোনো ৰূপত আমাৰ ভাল কামবোৰৰ প্ৰতিদান দিয়ে।  যদি মানুহে ভাল কাম কৰে তেন্তে ঈশ্বৰৰ আশীৰ্বাদ সদায় মানুহজনৰ লগত থাকে। ''

এই কাহিনীৰ পৰা জনা যায় যে আমি সদায় নিজৰ কৰ্ম ভালকৈ কৰা উচিত । কাৰণ এই জীৱনতে আমি আমাৰ কৰ্মৰ ফল পাওঁ, মাত্ৰ আমি সেই কথা গম নাপাও..।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ