--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনৰ এখন চিৰিয়াখানা বিপাঙত পৰিছে। কিছু ভালুকক লৈ তেওঁ সমস্যাত পৰিছে। কাৰণ ভালুকসমূহে অস্বাভাৱিক আচৰণ কৰিছে। পূব চীনৰ ঝেজিয়াং প্ৰদেশৰ হাংঝৌ চিৰিয়াখানাৰ কিছু ভালুকক লৈ সন্দেহ প্ৰকাশ কৰিছে ছ’চিয়েল মিডিয়াৰ এটা অংশই।

তেওঁলোকে দাবী কৰে যে সেই চিৰিয়াখানাখনৰ সকলো ভালুক ছদ্মবেশত আছে। অৱশ্যে চিৰিয়াখানা কৰ্তৃপক্ষই এই অভিযোগ অস্বীকাৰ কৰে। সন্দেহজনক প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁলোকে অভিনৱ পন্থা গ্ৰহণ কৰিছে।

চিৰিয়াখানা কৰ্তৃপক্ষই ছ’চিয়েল মিডিয়াত এটা পোষ্ট দি ভালুকৰ মাত অনুকৰণ কৰি সকলো প্ৰশ্নৰ উত্তৰ দি দেখুৱাইছে যে sun bearৰ প্ৰজাতিটো ছদ্মবেশত থকা প্ৰাণী নহয়।

ছ’চিয়েল মিডিয়াত সেই পোষ্টটোত শুনা ভালুকটোৰ ভুৱা মাতটোৰ নাম এঞ্জেলা। তেওঁৰ মাতত হাংঝৌ চিৰিয়াখানাৰ ভালুকবিলাকে দাবী কৰিছে- "কিছুমান মানুহে ভাবে যে মই মানুহৰ দৰে থিয় দিছো বাবে ভালুক নহয়! কিন্তু তেওঁলোকে মোক ভালদৰে বুজি পোৱা যেন নালাগে।"

এঞ্জেলাৰ মাতটোৱে আৰু কয়, "ভালুকৰ কথা ভাবিলে প্ৰথমে মনলৈ আহে অসীম শক্তিৰ ডাঙৰ মুখ এখন... কিন্তু সকলো ভালুককে বিশাল দৈত্যৰ দৰে দেখা নাযায়।"

চীনৰ চিৰিয়াখানাত ভালুক দুটা ভৰিৰে থিয় হৈ থকা কিছুমান ভিডিঅ’ ভাইৰেল হোৱাৰ পিছৰে পৰা বহু লোকে সন্দেহৰ কাঁড় নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিছে।

তেনে এক ১৪ ছেকেণ্ডৰ ভিডিঅ’ত এটা ‘ভালুক’ চিৰিয়াখানাৰ দৰ্শনাৰ্থীৰ সন্মুখত দুখন ভৰিৰে দীঘল ডিঙি ওপৰলৈ তুলি থিয় হৈ থকা দেখা গৈছে। কিছু সময় দৰ্শনাৰ্থীৰ লগত চকুৰ সংস্পৰ্শ কৰি ই নিজৰ বাহত সোমাই যায়। যদিও প্ৰাগ নিউজ ডিজিটেলে সেই ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা নাছিল।

বহুতে কৈছে যে ভালুকবোৰ মানুহৰ দৰেই থিয় হৈ আছে। মানুহৰ ফালে হাত জোকাৰি। চৌপাশৰ পৰা পেলোৱা খাদ্য দুহাতেৰে ধৰিবলৈ চেষ্টা কৰিছে। সেয়ে আচলতে ভালুকৰ দৰে সাজ-পোছাক পিন্ধা মানুহহে নেকি সেইবোৰ?

চীনৰ চিৰিয়াখানা কৰ্তৃপক্ষই সোঁৱৰাই দিলে, “উত্তৰ আমেৰিকাৰ গ্ৰীজলি ভালুকৰ দৰে sun bear বিশাল নহয়। দেখাত সৰু। এই বিলুপ্তপ্ৰায় প্ৰজাতিৰ ভালুকবোৰ পৃথিৱীৰ আটাইতকৈ সৰু ভালুক।”

ইংলেণ্ডৰ চেষ্টাৰ চিৰিয়াখানাৰ এছলী মাৰ্শ্বলে চীন কৰ্তৃপক্ষৰ সৈতে একমত। সেই ভিডিঅ’বোৰ চোৱাৰ পিছত নিশ্চিতভাৱে প্ৰকৃত ভালুক বুলি তেওঁলোকে জনায়। লগতে কয় যে sun bearবোৰ প্ৰায়ে ছদ্মবেশত থকা ভালুকৰ দৰে দেখা যায়।

ছ’চিয়েল মিডিয়া পোষ্টটোত প্ৰকাশ পোৱা মতে, থিয় হৈ থাকিলেও sun bear প্ৰজাতিটোৰ উচ্চতা ৪ ফুট ৩ ইঞ্চি। দক্ষিণ-পূব এছিয়াৰ অৰণ্যৰ এই বাসিন্দাসকলৰ ওজন ২৫ৰ পৰা ৬৫ কিলোগ্ৰামকৈ।

সকলো অভিযোগ অস্বীকাৰ কৰি চিৰিয়াখানাৰ মুখপাত্ৰই কয় যে  ৪০ ডিগ্ৰী চেলছিয়াছৰ তীব্ৰ গৰমত সেই শীতকালীন কাপোৰ পিন্ধি কেইমিনিটতকৈও অধিক সময় সহ্য কৰাটো অসম্ভৱ।

চীনৰ আন চিৰিয়াখানাতো একে অভিযোগ উত্থাপন হৈছিল। অভিযোগ অনুসৰি, চিৰিয়াখানা কৰ্তৃপক্ষই এবাৰ কুকুৰ কেইটামানক ৰং কৰি আফ্ৰিকান মেকুৰী বুলি দেখুৱাইছিল।

২০১৯ চনত চাংঝু প্ৰদেশৰ ইয়াংচেং বন্যপ্ৰাণী বিশ্ব চিৰিয়াখানাৰ কৰ্মী দুজনে গৰিলাৰ বেশ ধৰিছিল। ইয়াংচেং ৱাইল্ড এনিমেল ৱৰ্ল্ডৰ বিৰুদ্ধে  অভিযোগ উঠাৰ পিছত চিৰিয়াখানা কৰ্তৃপক্ষই দাবী কৰে যে এপ্ৰিল ফুল দিৱসত কিছু মজা কৰিবলৈ এই কাণ্ড সংঘটিত কৰা হৈছে।

সংবাদ মাধ্যমে দাবী কৰে যে ইয়াৰ উদাহৰণ পৃথিৱীত বিৰল নহয়। কায়ৰোৰ এখন চিৰিয়াখানাত গাধক ৰং কৰি জেব্ৰাৰ দৰে সাজ-পোছাক পিন্ধাই দৰ্শনাৰ্থীক ছলনা কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস