--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনৰ এখন চিৰিয়াখানা বিপাঙত পৰিছে। কিছু ভালুকক লৈ তেওঁ সমস্যাত পৰিছে। কাৰণ ভালুকসমূহে অস্বাভাৱিক আচৰণ কৰিছে। পূব চীনৰ ঝেজিয়াং প্ৰদেশৰ হাংঝৌ চিৰিয়াখানাৰ কিছু ভালুকক লৈ সন্দেহ প্ৰকাশ কৰিছে ছ’চিয়েল মিডিয়াৰ এটা অংশই।

তেওঁলোকে দাবী কৰে যে সেই চিৰিয়াখানাখনৰ সকলো ভালুক ছদ্মবেশত আছে। অৱশ্যে চিৰিয়াখানা কৰ্তৃপক্ষই এই অভিযোগ অস্বীকাৰ কৰে। সন্দেহজনক প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁলোকে অভিনৱ পন্থা গ্ৰহণ কৰিছে।

চিৰিয়াখানা কৰ্তৃপক্ষই ছ’চিয়েল মিডিয়াত এটা পোষ্ট দি ভালুকৰ মাত অনুকৰণ কৰি সকলো প্ৰশ্নৰ উত্তৰ দি দেখুৱাইছে যে sun bearৰ প্ৰজাতিটো ছদ্মবেশত থকা প্ৰাণী নহয়।

ছ’চিয়েল মিডিয়াত সেই পোষ্টটোত শুনা ভালুকটোৰ ভুৱা মাতটোৰ নাম এঞ্জেলা। তেওঁৰ মাতত হাংঝৌ চিৰিয়াখানাৰ ভালুকবিলাকে দাবী কৰিছে- "কিছুমান মানুহে ভাবে যে মই মানুহৰ দৰে থিয় দিছো বাবে ভালুক নহয়! কিন্তু তেওঁলোকে মোক ভালদৰে বুজি পোৱা যেন নালাগে।"

এঞ্জেলাৰ মাতটোৱে আৰু কয়, "ভালুকৰ কথা ভাবিলে প্ৰথমে মনলৈ আহে অসীম শক্তিৰ ডাঙৰ মুখ এখন... কিন্তু সকলো ভালুককে বিশাল দৈত্যৰ দৰে দেখা নাযায়।"

চীনৰ চিৰিয়াখানাত ভালুক দুটা ভৰিৰে থিয় হৈ থকা কিছুমান ভিডিঅ’ ভাইৰেল হোৱাৰ পিছৰে পৰা বহু লোকে সন্দেহৰ কাঁড় নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিছে।

তেনে এক ১৪ ছেকেণ্ডৰ ভিডিঅ’ত এটা ‘ভালুক’ চিৰিয়াখানাৰ দৰ্শনাৰ্থীৰ সন্মুখত দুখন ভৰিৰে দীঘল ডিঙি ওপৰলৈ তুলি থিয় হৈ থকা দেখা গৈছে। কিছু সময় দৰ্শনাৰ্থীৰ লগত চকুৰ সংস্পৰ্শ কৰি ই নিজৰ বাহত সোমাই যায়। যদিও প্ৰাগ নিউজ ডিজিটেলে সেই ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা নাছিল।

বহুতে কৈছে যে ভালুকবোৰ মানুহৰ দৰেই থিয় হৈ আছে। মানুহৰ ফালে হাত জোকাৰি। চৌপাশৰ পৰা পেলোৱা খাদ্য দুহাতেৰে ধৰিবলৈ চেষ্টা কৰিছে। সেয়ে আচলতে ভালুকৰ দৰে সাজ-পোছাক পিন্ধা মানুহহে নেকি সেইবোৰ?

চীনৰ চিৰিয়াখানা কৰ্তৃপক্ষই সোঁৱৰাই দিলে, “উত্তৰ আমেৰিকাৰ গ্ৰীজলি ভালুকৰ দৰে sun bear বিশাল নহয়। দেখাত সৰু। এই বিলুপ্তপ্ৰায় প্ৰজাতিৰ ভালুকবোৰ পৃথিৱীৰ আটাইতকৈ সৰু ভালুক।”

ইংলেণ্ডৰ চেষ্টাৰ চিৰিয়াখানাৰ এছলী মাৰ্শ্বলে চীন কৰ্তৃপক্ষৰ সৈতে একমত। সেই ভিডিঅ’বোৰ চোৱাৰ পিছত নিশ্চিতভাৱে প্ৰকৃত ভালুক বুলি তেওঁলোকে জনায়। লগতে কয় যে sun bearবোৰ প্ৰায়ে ছদ্মবেশত থকা ভালুকৰ দৰে দেখা যায়।

ছ’চিয়েল মিডিয়া পোষ্টটোত প্ৰকাশ পোৱা মতে, থিয় হৈ থাকিলেও sun bear প্ৰজাতিটোৰ উচ্চতা ৪ ফুট ৩ ইঞ্চি। দক্ষিণ-পূব এছিয়াৰ অৰণ্যৰ এই বাসিন্দাসকলৰ ওজন ২৫ৰ পৰা ৬৫ কিলোগ্ৰামকৈ।

সকলো অভিযোগ অস্বীকাৰ কৰি চিৰিয়াখানাৰ মুখপাত্ৰই কয় যে  ৪০ ডিগ্ৰী চেলছিয়াছৰ তীব্ৰ গৰমত সেই শীতকালীন কাপোৰ পিন্ধি কেইমিনিটতকৈও অধিক সময় সহ্য কৰাটো অসম্ভৱ।

চীনৰ আন চিৰিয়াখানাতো একে অভিযোগ উত্থাপন হৈছিল। অভিযোগ অনুসৰি, চিৰিয়াখানা কৰ্তৃপক্ষই এবাৰ কুকুৰ কেইটামানক ৰং কৰি আফ্ৰিকান মেকুৰী বুলি দেখুৱাইছিল।

২০১৯ চনত চাংঝু প্ৰদেশৰ ইয়াংচেং বন্যপ্ৰাণী বিশ্ব চিৰিয়াখানাৰ কৰ্মী দুজনে গৰিলাৰ বেশ ধৰিছিল। ইয়াংচেং ৱাইল্ড এনিমেল ৱৰ্ল্ডৰ বিৰুদ্ধে  অভিযোগ উঠাৰ পিছত চিৰিয়াখানা কৰ্তৃপক্ষই দাবী কৰে যে এপ্ৰিল ফুল দিৱসত কিছু মজা কৰিবলৈ এই কাণ্ড সংঘটিত কৰা হৈছে।

সংবাদ মাধ্যমে দাবী কৰে যে ইয়াৰ উদাহৰণ পৃথিৱীত বিৰল নহয়। কায়ৰোৰ এখন চিৰিয়াখানাত গাধক ৰং কৰি জেব্ৰাৰ দৰে সাজ-পোছাক পিন্ধাই দৰ্শনাৰ্থীক ছলনা কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা