--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • 'বন্দে মাতৰম' পৰিৱেশন কৰাৰ সময়ত সকলো ব্যক্তিয়ে থিয় হৈ সন্মান প্ৰদৰ্শন কৰিব লাগিব।

ডিজিটেল ডেস্ক : চৰকাৰী-বেচৰকাৰী অনুষ্ঠানত 'বন্দে মাতৰম' পৰিৱেশন বাধ্যতামূলক কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে বুধবাৰে জাৰি কৰে এক গুৰুত্বপূৰ্ণ নির্দেশনা। এই নতুন নির্দেশনা অনুসৰি, সকলো চৰকাৰী অনুষ্ঠান আৰু বিদ্যালয়ত ৰাষ্ট্ৰীয় সংগীত 'জন গণ মন'ৰ পূৰ্বে ৰাষ্ট্ৰীয় গান 'বন্দে মাতৰম' পৰিৱেশন কৰিব লাগিব।


আনহাতে, 'বন্দে মাতৰম' পৰিৱেশন কৰাৰ সময়ত সকলো ব্যক্তিয়ে থিয় হৈ সন্মান প্ৰদৰ্শন কৰিব লাগিব। তদুপৰি, 'পদ্ম' বঁটা প্ৰদানৰ দৰে অসামৰিক বঁটা প্ৰদান অনুষ্ঠান আৰু দেশৰ ৰাষ্ট্ৰপতিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানসমূহত, প্ৰৱেশ আৰু প্ৰস্থানৰ সময়ত 'বন্দে মাতৰম' পৰিৱেশন প্রট'কলভুক্ত কৰা হৈছে। 


তদুপৰি, চিনেমা হলৰ দৰে ৰাজহুৱা স্থানতো 'বন্দে মাতৰম' গাব লাগিব। অৱশ্যে, এই ক্ষেত্ৰত থিয় হৈ এই ৰাষ্ট্ৰীয় গান পৰিৱেশন কৰাটো বাধ্যতামূলক নহয়। সবাতোকৈ লক্ষণীয় বিষয়টো হ'ল ১৯৩৭ চনত কংগ্রেছে আঁতৰ কৰি দিয়া 'বন্দে মাতৰম'ৰ ছটা স্তৱকৰ চাৰিটা স্তৱকো সন্নিৱিষ্ট কৰি পৰিৱেশন নিৰ্দেশনাৰ জৰিয়তে বাধ্যতামূলক কৰা হৈছে। উল্লেখযোগ্য যে ১৮৭০ চনত বংকিম চন্দ্ৰ চেটার্জীয়ে ভাৰতৰ 'বন্দে মাতৰম'ৰচনা কৰিছিল আৰু ১৯৫০ চনত এই গীতটোক 'ৰাষ্ট্ৰীয় গান' হিচাপে গ্রহণ কৰা হয়। 


প্রণিধানযোগ্য যে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় সংগীত 'জন গণ মন'ৰ দৰে 'বন্দে মাতৰম'ক স্পষ্টভাৱে ৰাষ্ট্ৰীয় প্রট'কল হিচাপে আখ্যা দিয়া হোৱা নাছিল। গীতটোৰ ঐতিহাসিক গুৰুত্বৰ বিষয়ত সংসদত বিতৰ্ক হোৱাৰ পাছত ৰাষ্ট্ৰগানক জনপ্ৰিয় কৰাৰ বাবে আৰু ৰাষ্ট্ৰীয় সন্মান হিচাপে প্রতিফলিত কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে 'বন্দে মাতৰম'ৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে বছৰজোৰা স্মাৰক কাৰ্যসূচী মুকলি কৰিছিল। এই বিষয় লৈ সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত শাসকীয় চৰকাৰ আৰু কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীৰ মাজত বিবাদৰ বিষয় হৈ পৰিছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু