--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হলিউডৰ পৰা ওলাইছে এক অতি ডাঙৰ খবৰ। ছুপাৰ মডেল তথা অভিনেত্ৰী গিগি হাদিদক গ্ৰেপ্তাৰ কৰা হৈছে। কেমেনৰ ওৱেন ৰবাৰ্টছ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ভাং ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় তেওঁক। ইয়াৰ পিছত তেওঁক জামিনত মুকলি কৰি দিয়া হয়। ইয়াৰ পিছত অলপ সময়ৰ পাছতে তেওঁ ইনষ্টাগ্ৰামত পোষ্ট শ্বেয়াৰ কৰে।

খবৰ অনুসৰি, কেমেন দ্বীপপুঞ্জত ছুটীৰ পৰা উভতি আহি থকা অৱস্থাত শুল্ক বিভাগে তেওঁৰ লাগেজত ভাং উদ্ধাৰ কৰে। গিগি হাদিদ আৰু তেওঁৰ এগৰাকী বন্ধু ব্যক্তিগত বিমানেৰে কেমেন দ্বীপত উপস্থিত হৈছিল। পৰীক্ষা কৰাৰ সময়ত কাষ্টম বিষয়াজনে তেওঁলোকৰ লাগেজত ভাং আৰু আনুষংগিক সামগ্ৰী উদ্ধাৰ কৰে।

ভাং আমদানি কৰাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হয় গিগি হাদিদক। এই বিষয়টো ১০ জুলাইৰ যিটো এতিয়া চৰ্চালৈ আহিছে। ২০২৩ চনৰ ১২ জুলাইত গিগি আৰু তেওঁৰ বন্ধু মেককাৰ্থী আদালতত হাজিৰ হয় আৰু তেওঁলোকে অভিযোগ স্বীকাৰ কৰে। দুয়ো ১০০০ ডলাৰ জৰিমনা ভৰাৰ পাছত জামিনত মুকলি কৰি দিয়া হয়।

হাদিদৰ এগৰাকী মুখপাত্ৰই স্পষ্ট কৰি দিয়ে যে ছুপাৰমডেলগৰাকীয়ে চিকিৎসা অনুজ্ঞাপত্ৰ লৈ এন ৱাই চিত আইনীভাৱে ক্ৰয় কৰা ভাং লৈ যাত্ৰা কৰিছিল। ২০১৭ চনৰ পৰা গ্ৰেণ্ড কেমেনত চিকিৎসা ব্যৱহাৰৰ বাবেও ই বৈধ। 

মুক্তিৰ পিছত হাদিদে কেমেন দ্বীপপুঞ্জত ছুটীৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, “অল’ছ ৱেল থ্যাট এণ্ডছ ৱেল।” এই ভিডিঅ'টোত বিকিনি পিন্ধি সাগৰৰ পাৰত বন্ধুৰ সৈতে ৰ'দ উপভোগ কৰা দেখা গৈছে গিগিক।







FOLLOW US F
POPULAR
FEATURE
TRENDY
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে