--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হলিউডৰ পৰা ওলাইছে এক অতি ডাঙৰ খবৰ। ছুপাৰ মডেল তথা অভিনেত্ৰী গিগি হাদিদক গ্ৰেপ্তাৰ কৰা হৈছে। কেমেনৰ ওৱেন ৰবাৰ্টছ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ভাং ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় তেওঁক। ইয়াৰ পিছত তেওঁক জামিনত মুকলি কৰি দিয়া হয়। ইয়াৰ পিছত অলপ সময়ৰ পাছতে তেওঁ ইনষ্টাগ্ৰামত পোষ্ট শ্বেয়াৰ কৰে।

খবৰ অনুসৰি, কেমেন দ্বীপপুঞ্জত ছুটীৰ পৰা উভতি আহি থকা অৱস্থাত শুল্ক বিভাগে তেওঁৰ লাগেজত ভাং উদ্ধাৰ কৰে। গিগি হাদিদ আৰু তেওঁৰ এগৰাকী বন্ধু ব্যক্তিগত বিমানেৰে কেমেন দ্বীপত উপস্থিত হৈছিল। পৰীক্ষা কৰাৰ সময়ত কাষ্টম বিষয়াজনে তেওঁলোকৰ লাগেজত ভাং আৰু আনুষংগিক সামগ্ৰী উদ্ধাৰ কৰে।

ভাং আমদানি কৰাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হয় গিগি হাদিদক। এই বিষয়টো ১০ জুলাইৰ যিটো এতিয়া চৰ্চালৈ আহিছে। ২০২৩ চনৰ ১২ জুলাইত গিগি আৰু তেওঁৰ বন্ধু মেককাৰ্থী আদালতত হাজিৰ হয় আৰু তেওঁলোকে অভিযোগ স্বীকাৰ কৰে। দুয়ো ১০০০ ডলাৰ জৰিমনা ভৰাৰ পাছত জামিনত মুকলি কৰি দিয়া হয়।

হাদিদৰ এগৰাকী মুখপাত্ৰই স্পষ্ট কৰি দিয়ে যে ছুপাৰমডেলগৰাকীয়ে চিকিৎসা অনুজ্ঞাপত্ৰ লৈ এন ৱাই চিত আইনীভাৱে ক্ৰয় কৰা ভাং লৈ যাত্ৰা কৰিছিল। ২০১৭ চনৰ পৰা গ্ৰেণ্ড কেমেনত চিকিৎসা ব্যৱহাৰৰ বাবেও ই বৈধ। 

মুক্তিৰ পিছত হাদিদে কেমেন দ্বীপপুঞ্জত ছুটীৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, “অল’ছ ৱেল থ্যাট এণ্ডছ ৱেল।” এই ভিডিঅ'টোত বিকিনি পিন্ধি সাগৰৰ পাৰত বন্ধুৰ সৈতে ৰ'দ উপভোগ কৰা দেখা গৈছে গিগিক।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস