--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আধুনিকতাৰ যুগত সামাজিক মাধ্যমত ইউটিউব চেনেলৰ ভূমিকা অপৰিসীম। কিন্তু শেহতীয়াকৈ ভাৰতৰ কেইটামান ইউটিউব চেনেলৰ ভয়ংকৰ কাৰ্য-কলাপ পোহৰলৈ আহিছে। ভাৰতৰ বিষয়ে ভুৱা বাতৰি প্ৰচাৰ কৰিছিল যে, বিপিন ৰাৱাটৰ মৃত্যুৰ বাবে ভাৰত চৰকাৰ দায়ী, বিপিন ৰাৱাটৰ জীয়েকে ইছলাম গ্ৰহণ কৰিছে। আইবি মন্ত্ৰণালয়ৰ সম্পাদক অপূৰ্ব চন্দ্ৰই কয় যে কেন্দ্ৰই ভুৱা বাতৰি প্ৰচাৰ কৰা পাকিস্তান সমৰ্থিত কিছুমান ছ’চিয়েল মিডিয়া চেনেলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে শুকুৰবাৰে কয় যে ইণ্টাৰনেটত ভাৰতবিৰোধী তথ্য প্ৰচাৰ কৰাৰ বাবে ৩৫ টা ইউটিউব চেনেল আঁতৰাই লৈছে। মন্ত্ৰালয়ে কয় যে ৩৫ টা ইউটিউব একাউণ্ট, দুটা টুইটাৰ একাউণ্ট, দুটা ইনষ্টাগ্ৰাম একাউণ্ট, দুটা ৱেবছাইট আৰু এটা ফেচবুক একাউণ্টৰ বিপৰীতে নতুনকৈ চোৰাংচোৱা তথ্য প্ৰাপ্ত হৈছে। এই সকলোবোৰে পাকিস্তানৰ পৰা কাম কৰি আহিছে আৰু ভাৰত বিৰোধী ভুৱা আৰু বিভাজনমূলক বাতৰি আৰু অন্যান্য সমল বিয়পাই আছে। লগতে মন্ত্ৰনালয়ে কয় যে ৩৫টা ইউটিউব চেনেলে সম্পূৰ্ণৰূপে ভুৱা আৰু বিভাজনমূলক বাতৰি, ভিডিঅ’ আদি প্ৰচাৰ কৰে। যেনেকৈ বিপিন ৰাৱাটৰ মৃত্যুৰ বাবে চৰকাৰ দায়ী, বিপিন ৰাৱাটৰ জীয়েকে ইছলাম গ্ৰহণ কৰিছে, উত্তৰ কোৰিয়াৰ সেনা কাশ্মীৰলৈ গৈ আছে। এইধৰণৰ ভুৱা বাতৰি প্ৰচাৰ কৰি একাংশই দেশদ্ৰোহী কাম কৰি আছে বুলি মন্তব্য কৰে আইবি'ৰ সম্পাদক অপূর্ব চন্দ্রই। আৰু এই ইউটিউব একাউণ্টবোৰৰ মুঠ গ্ৰাহকৰ সংখ্যা আছিল ১.২০ কোটিতকৈও অধিক। এই ভিডিঅ’বোৰত ১৩০ কোটি দৰ্শন আছিল, য’ত অধিকাংশ দৰ্শকে হৈছে ভাৰতৰ। শুকুৰবাৰে এক সংবাদমেলত সচিব অপূৰ্ব চন্দ্ৰই কয় যে ৩৫ টা একাউণ্ট চাৰিটা সমন্বিত অপপ্ৰচাৰ নেটৱৰ্কৰ অংশ বুলি চিনাক্ত কৰা হৈছে। যাৰ ভিতৰত আছে ১৪ টা ইউটিউব চেনেল পৰিচালনা কৰা ‘আপনি দুনীয়া নেটৱৰ্ক’ আৰু ১৩ টা ইউটিউব চেনেল পৰিচালনা কৰা ‘তালহা ফিল্মছ নেটৱৰ্ক’। মিছা তথ্য প্ৰচাৰ কৰা সামাজিক মাধ্যমৰ চেনেলসমূহত মন্ত্ৰালয়ৰ এইটো প্ৰথম ধৰ্মঘট নহয়। ২০২১ চনৰ ডিচেম্বৰত মন্ত্ৰালয়ে তথ্য প্ৰযুক্তি নিয়মৰ অধীনত ২০টা পাকিস্তান ভিত্তিক ইউটিউব চেনেল আৰু দুটা ৱেবছাইট অৱৰোধ কৰিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই
অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্রা, 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ উন্মোচন
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে
প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'