--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভ্ৰমণৰ পৰিকল্পনা কৰাৰ সময়ত মানুহে প্ৰায়ে কম বাজেটত অধিক ভ্ৰমণ কৰিবলৈ চেষ্টা কৰে। অফ ছিজনত এইটো সম্ভৱ কাৰণ এই সময়ছোৱাত পৰ্যটনস্থলীলৈ কম মানুহ অহাৰ বাবে হোটেলসমূহে নিজৰ ৰেট হ্ৰাস কৰে। একে সময়তে অন-ছিজনত হোটেলৰ হাৰ অতি ব্যয়বহুল হৈ পৰে আৰু বিকল্পৰ অভাৱত মানুহে ব্যয়বহুল ঠাইত থাকিব লগা হয়।

গতিকে যদি আপুনিও বাজেট ভ্ৰমণ কৰিব বিচাৰে আৰু থকাৰ সময়ত বেছি ধন বিনিয়োগ কৰিব নিবিচাৰে, তেন্তে আমি আপোনাক এনে কিছুমান ঠাইৰ বিষয়ে ক’ম য’ত আপুনি বিনামূলীয়াকৈ থাকিব পাৰে আৰু আপোনাৰ সমগ্ৰ ভ্ৰমণ উপভোগ কৰিব পাৰে। ভাৰতত থকা ধৰ্মশালা, আশ্ৰমত থাকিবলৈ একেবাৰেই ধন দিব নালাগে। গতিকে আহকচোন জানো আমাৰ দেশৰ কোনবোৰ ঠাইত বিনামূলীয়াকৈ থাকিব পাৰে।

১)ঈশা ফাউণ্ডেশ্যন(তামিলনাডু)- কইম্বাটুৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ঈশা ফাউণ্ডেশ্যন। এয়া সদগুৰুৰ এটা ধৰ্মীয় কেন্দ্ৰ, য'ত আদিযোগী শিৱৰ এক অতি সুন্দৰ আৰু ডাঙৰ প্ৰতিমূৰ্তিও আছে। এই প্ৰতিমূৰ্তি ভাৰত বিখ্যাত। এই কেন্দ্ৰই যোগ, পৰিৱেশ আৰু সামাজিক কামৰ ক্ষেত্ৰত কাম কৰে। ইয়াত আপুনি বিনামূলীয়াকৈ থাকিব পাৰিব।

২)মণিকাৰণ চাহিব গুৰুদ্বাৰ(হিমাচল প্ৰদেশ)- যদি আপুনি হিমাচল প্ৰদেশ ভ্ৰমণ কৰিবলৈ গৈ আছে, তেন্তে আপুনি বিনামূলীয়াকৈ মণিকাৰণ চাহিব গুৰুদ্বাৰত থাকিব পাৰে। ইয়াত আপুনি বিনামূলীয়া পাৰ্কিং আৰু খাদ্যৰ সুবিধাও পাব। পাৰ্বতী নৈৰ কাষতে অৱস্থিত মণিকৰণ চাহিব গুৰুদ্বাৰ।

৩)আনন্দাশ্ৰম(কেৰেলা)- কেৰেলাৰ সুন্দৰ পাহাৰ আৰু সেউজীয়াৰ মাজত আনন্দাশ্ৰমত থকাটো এক বেলেগ ধৰণৰ অভিজ্ঞতা বুলি প্ৰমাণিত হ’ব পাৰে। বিনামূলীয়াকৈ থাকিব পাৰিব এই আশ্ৰমত। আশ্ৰমত আপোনাকো দিনটোত তিনিবাৰকৈ খাদ্য দিয়া হয়, যিটো অতি কম মছলাৰে প্ৰস্তুত কৰা হয়।

৪)গীতা ভৱন(ঋষিকেশ) – পবিত্ৰ গংগাৰ পাৰত অৱস্থিত গীতা ভৱনত যাত্ৰীসকলে বিনামূলীয়াকৈ থাকিব পাৰিব। ইয়াৰ লগতে ইয়াত খাদ্যও বিনামূলীয়াকৈ দিয়া হয়। এই আশ্ৰমত প্ৰায় ১০০০ টা কোঠা আছে য'ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি থাকে। আশ্ৰমৰ দ্বাৰা সৎসঙ্গ আৰু যোগৰ অধিবেশনো দিয়া হয়।

৫)গোবিন্দ ঘাট গুৰুদ্বাৰ (উত্তৰাখণ্ড)- উত্তৰাখণ্ডৰ চামোলী জিলাৰ অলকানন্দা নদীৰ কাষত অৱস্থিত এই গুৰুদ্বাৰ। ইয়ালৈ অহা পৰ্যটক, ট্ৰেকাৰ, আৰু ভক্তসকলে ইয়াত বিনামূলীয়াকৈ থাকিব পাৰে। গুৰুদ্বাৰৰ পৰা পাহাৰৰ মনোমোহা দৃশ্য দেখিবলৈ পোৱা যায়।

৬)ন্যিংগমাপা মনেষ্ট্ৰী (হিমাচল প্ৰদেশ)- এই মঠটো হিমাচলৰ চহৰ ৰেৱালছাৰত অৱস্থিত, ৰেৱালছাৰ হ্ৰদৰ ওচৰত অৱস্থিত। এই সুন্দৰ মঠটোত থাকিবলৈ এদিনৰ ভাড়া মাত্ৰ ২০০ৰ পৰা ৩০০ টকা। কেতিয়াবা ইয়াত বিনামূলীয়া ব্যৱস্থাও কৰা হয়। এই মঠটোৰ ওচৰতে এখন স্থানীয় বজাৰো আছে য’ৰ পৰা বজাৰ কৰিব পাৰি।

৭)তিব্বতী বৌদ্ধ মঠ সৰনাথ(উত্তৰ প্ৰদেশ)- উত্তৰ প্ৰদেশত অৱস্থিত এই ঐতিহাসিক মঠটোত এৰাতি থকাৰ ভাড়া মাত্ৰ ৫০ টকা। এই মঠটো ৰক্ষণাবেক্ষণ কৰে লাধন চোত্ৰুল মনালাম চেনামো ট্ৰাষ্টে। এই মঠত ভগৱান বুদ্ধৰ ৰূপ শাক্যমুনিৰ প্ৰতিমূৰ্তি আছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি