--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজনী সপোন পিয়াসী ছোৱালী। পাছে কাল নিয়তিয়ে ছোৱালীজনীৰ সপোনবোৰ ফুলিবলৈ নিদিলে। কেন্সাৰ ৰোগৰ সৈতে যুঁজিও চলিত বৰ্ষত এছ এছ চি পৰীক্ষাত ৮১.৬০ শতাংশ নম্বৰ লাভ কৰি মেধাৰ পৰিচয় দিয়া দিব্যা পাভলে সোমবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰে। 

থানেৰ নৌপাদস্থিত সৰস্বতী মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী পাভালে প্ৰেক্টিকেল পৰীক্ষাৰ মাত্ৰ কেইদিনমান আগতে কেমোথেৰাপি লৈ আছিল। মাজিৱাদাৰ নিৱাসী দিব্যা পাভলে টি-চেল লিম্ফোমা নামৰ বিৰল কেন্সাৰ ৰোগত চিকিৎসাধীন হৈ আছিল।

চিকিৎসকে কয় যে “দিব্যা আছিল এগৰাকী সুখী ভাগ্যৱান ছোৱালী যিয়ে অসুস্থতাৰ মাজতো হাঁহিব জানিছিল।'' 

২০২১ চনৰ এপ্ৰিল মাহত তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল আৰু তেওঁক ১৪ টা ৰক্ত সঞ্চালন, ১৫ টা শ্বেত ৰক্ত কণিকা সঞ্চালন আৰু ৫ টা কেমোথেৰাপি চিকিৎসাৰ প্ৰয়োজন হৈছিল।

তেওঁ গোটেই শিক্ষাবৰ্ষটো স্কুললৈ যোৱা নাছিল আৰু জানুৱাৰী মাহৰ শেষলৈকে তেওঁৰ সকলো চিকিৎসা সম্পূৰ্ণ হৈছিল। “পৰীক্ষাৰ মাত্ৰ কেইদিনমান আগতে তেওঁ পঢ়া-শুনা আৰম্ভ কৰিছিল আৰু তেওঁৰ শিক্ষকসকলে তেওঁক বহুত সহায় কৰিছিল। নিজক লৈ দিব্যা আত্মবিশ্বাসী আছিল বুলি কয় দিব্যাৰ পিতৃ একনাথ পাভলেই। জীৱনৰ শেষ দিন পৰ্যন্ত দিব্যাই সাহসেৰে যুঁজ দি গ'ল বুলি কয় পিতৃয়ে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান