--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজনী সপোন পিয়াসী ছোৱালী। পাছে কাল নিয়তিয়ে ছোৱালীজনীৰ সপোনবোৰ ফুলিবলৈ নিদিলে। কেন্সাৰ ৰোগৰ সৈতে যুঁজিও চলিত বৰ্ষত এছ এছ চি পৰীক্ষাত ৮১.৬০ শতাংশ নম্বৰ লাভ কৰি মেধাৰ পৰিচয় দিয়া দিব্যা পাভলে সোমবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰে। 

থানেৰ নৌপাদস্থিত সৰস্বতী মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী পাভালে প্ৰেক্টিকেল পৰীক্ষাৰ মাত্ৰ কেইদিনমান আগতে কেমোথেৰাপি লৈ আছিল। মাজিৱাদাৰ নিৱাসী দিব্যা পাভলে টি-চেল লিম্ফোমা নামৰ বিৰল কেন্সাৰ ৰোগত চিকিৎসাধীন হৈ আছিল।

চিকিৎসকে কয় যে “দিব্যা আছিল এগৰাকী সুখী ভাগ্যৱান ছোৱালী যিয়ে অসুস্থতাৰ মাজতো হাঁহিব জানিছিল।'' 

২০২১ চনৰ এপ্ৰিল মাহত তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল আৰু তেওঁক ১৪ টা ৰক্ত সঞ্চালন, ১৫ টা শ্বেত ৰক্ত কণিকা সঞ্চালন আৰু ৫ টা কেমোথেৰাপি চিকিৎসাৰ প্ৰয়োজন হৈছিল।

তেওঁ গোটেই শিক্ষাবৰ্ষটো স্কুললৈ যোৱা নাছিল আৰু জানুৱাৰী মাহৰ শেষলৈকে তেওঁৰ সকলো চিকিৎসা সম্পূৰ্ণ হৈছিল। “পৰীক্ষাৰ মাত্ৰ কেইদিনমান আগতে তেওঁ পঢ়া-শুনা আৰম্ভ কৰিছিল আৰু তেওঁৰ শিক্ষকসকলে তেওঁক বহুত সহায় কৰিছিল। নিজক লৈ দিব্যা আত্মবিশ্বাসী আছিল বুলি কয় দিব্যাৰ পিতৃ একনাথ পাভলেই। জীৱনৰ শেষ দিন পৰ্যন্ত দিব্যাই সাহসেৰে যুঁজ দি গ'ল বুলি কয় পিতৃয়ে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ