--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষত দেখা দিয়া প্ৰদূষণৰ সমস্যাক লৈ উদ্বিগ্ন সৰ্বোচ্চ ন্যায়ালয়৷মঙলবাৰে উচ্চতম ন্যায়ালয়ে কয় যে ফটকাত নিষিদ্ধ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰৰ বিৰুদ্ধে দিয়া নিৰ্দেশনা কেৱল দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত নহয়, সকলো ৰাজ্যতে প্ৰযোজ্য হ’ব।

উচ্চতম ন্যায়ালয়ৰ এই স্পষ্টীকৰণ ৰাজস্থানত কিছুমান ফটকা ব্যৱহাৰ নিষিদ্ধ কৰা আৰু বায়ু তথা শব্দ প্ৰদূষণ হ্ৰাস কৰা আদালতৰ নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিব বিচৰা আবেদনৰ শুনানিৰ সময়ত দিয়া হৈছে।

উচ্চতম ন্যায়ালয়ত আবেদনকাৰীয়ে কয় যে এই আদেশ কেৱল দিল্লী-এনচিআৰৰ ক্ষেত্ৰতহে প্ৰযোজ্য বুলি ধাৰণা কৰা যেন লাগে, যদিও ই সমগ্ৰ দেশতে প্ৰযোজ্য।বিশেষকৈ উৎসৱৰ বতৰত বায়ু প্ৰদূষণ কম কৰাৰ বাবে সকলো ৰাজ্যকে পদক্ষেপ ল’বলৈ নিৰ্দেশ দি আদালতে ৰাজস্থানৰ পূৰ্বৰ নিৰ্দেশৰ প্ৰতি লক্ষ্য ৰাখিবলৈ নিৰ্দেশ দিয়ে। 


ন্যায়াধীশ এম এম সুন্দ্ৰেশে আঙুলিয়াই দিয়ে যে পৰিবেশ সম্পৰ্কীয় বিষয়ত কেৱল আদালতৰ কৰ্তব্য আছে বুলি ভবাটো ভুল ধাৰণা। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী আৰু চুবুৰীয়া ৰাজ্যসমূহৰ বায়ুৰ গুণাগুণৰ সম্পৰ্কত বিতৰ্ক অব্যাহত থকাৰ সময়তে দিল্লীৰ বায়ু প্ৰদূষণৰ বিষয়টোক লৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ‘ব্লেম-গেম’ খেলা বুলিও শীৰ্ষ আদালতে তীব্ৰ সমালোচনা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ