--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষত দেখা দিয়া প্ৰদূষণৰ সমস্যাক লৈ উদ্বিগ্ন সৰ্বোচ্চ ন্যায়ালয়৷মঙলবাৰে উচ্চতম ন্যায়ালয়ে কয় যে ফটকাত নিষিদ্ধ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰৰ বিৰুদ্ধে দিয়া নিৰ্দেশনা কেৱল দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত নহয়, সকলো ৰাজ্যতে প্ৰযোজ্য হ’ব।

উচ্চতম ন্যায়ালয়ৰ এই স্পষ্টীকৰণ ৰাজস্থানত কিছুমান ফটকা ব্যৱহাৰ নিষিদ্ধ কৰা আৰু বায়ু তথা শব্দ প্ৰদূষণ হ্ৰাস কৰা আদালতৰ নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিব বিচৰা আবেদনৰ শুনানিৰ সময়ত দিয়া হৈছে।

উচ্চতম ন্যায়ালয়ত আবেদনকাৰীয়ে কয় যে এই আদেশ কেৱল দিল্লী-এনচিআৰৰ ক্ষেত্ৰতহে প্ৰযোজ্য বুলি ধাৰণা কৰা যেন লাগে, যদিও ই সমগ্ৰ দেশতে প্ৰযোজ্য।বিশেষকৈ উৎসৱৰ বতৰত বায়ু প্ৰদূষণ কম কৰাৰ বাবে সকলো ৰাজ্যকে পদক্ষেপ ল’বলৈ নিৰ্দেশ দি আদালতে ৰাজস্থানৰ পূৰ্বৰ নিৰ্দেশৰ প্ৰতি লক্ষ্য ৰাখিবলৈ নিৰ্দেশ দিয়ে। 


ন্যায়াধীশ এম এম সুন্দ্ৰেশে আঙুলিয়াই দিয়ে যে পৰিবেশ সম্পৰ্কীয় বিষয়ত কেৱল আদালতৰ কৰ্তব্য আছে বুলি ভবাটো ভুল ধাৰণা। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী আৰু চুবুৰীয়া ৰাজ্যসমূহৰ বায়ুৰ গুণাগুণৰ সম্পৰ্কত বিতৰ্ক অব্যাহত থকাৰ সময়তে দিল্লীৰ বায়ু প্ৰদূষণৰ বিষয়টোক লৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ‘ব্লেম-গেম’ খেলা বুলিও শীৰ্ষ আদালতে তীব্ৰ সমালোচনা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু