--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ ৫০ খন দেশত ত্ৰাসৰ সৃষ্টি কৰা মাংকি পক্স অৱশেষত ভাৰত আহি পালেহি৷কেৰালাত ধৰা পৰিছে মাংকি পক্সত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী৷ আক্ৰান্ত লোক জনে কিছুদিন পূৰ্বে সংযুক্ত আৰব গণৰাজ্যৰ পৰা উভতি আহিছিল৷মাংকি পক্সৰ লক্ষণে দেখা দিয়াত তেওঁৰ যাৱতীয় পৰীক্ষা কৰোৱা হৈছিল আৰু পৰীক্ষাত তেওঁ ৰোগ বিধত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত হয়৷ 

কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে এই কথা প্ৰকাশ কৰিছে। জানিব পৰা মতে আক্ৰান্ত লোক জনে  মঙলবাৰে তিৰুৱন্তপুৰম বিমানবন্দৰত অৱতৰণ কৰিছিল ৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত মাংকি পক্সৰ ঘটনা ধৰা পৰাৰ পিছতে  স্বাস্থ্য বিশেষজ্ঞৰ এটা দল প্ৰেৰণ কৰিছে৷ দলটোত  ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ (এনচিডিচি) বিশেষজ্ঞ আছে।

 চৰকাৰে ৰোগীজনৰ বিষয়ে  কোনো নিৰ্দিষ্ট তথ্য প্ৰকাশ কৰা নাই।  লোক জনক এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ তেজৰ নমুনা ৰাষ্ট্ৰীয় ভাইৰোলজী প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্যকোভিডৰ আতংকৰ মাজতে বিশ্বৰ কেইবাখনো দেশত মাংকি পক্সে নতুন আতংকৰ সৃষ্টি কৰিছে।কালি  দেশৰ প্ৰতি খন ৰাজ্যকে এই সোঁচৰা ৰোগ বিধৰ বিষয়ে সতৰ্ক কৰি দিছিল কেন্দ্ৰই।

কেন্দ্ৰই ৰাজ্যসমূহক  সকলো সন্দেহজনক ঘটনাৰ স্ক্ৰীণিং আৰু পৰীক্ষা নিশ্চিত কৰিবলৈ কৈছে।মাংকি পক্সৰ সংক্ৰমণ ঘটিলে প্ৰয়োজনীয় পৰিস্থিতিত  ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক চিকিৎসালয়সাজু কৰি ৰাখিবলৈ কোৱা হৈছে। 

একেদৰে প্ৰয়োজনীয়  মানৱ সম্পদ আৰু যন্ত্ৰ-পাতি আদিও সাজু কৰি ৰাখিবলৈ কোৱা হৈছে।এখন পত্ৰত কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে এইবুলি কৈছে যে বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ১ জানুৱাৰীৰ পৰা ২২ জুনলৈ, ৫০ খন দেশত পৰা মুঠ ৩,৪১৩ গৰাকী  মাঙ্কিপক্স ৰোগী চিনাক্ত হোৱাৰ লগতে এজন ৰোগীৰ  মৃত্যুৰ খবৰ পোৱা গৈছে। 

ইয়াৰে বেছিভাগ ঘটনা ইউৰোপীয় দেশত ধৰা পৰিছে। ইউৰোপৰ দেশত ৮৬ শতাংশ আৰু আমেৰিকাত ১১ শতাংশ মাংকি পক্সতআক্ৰান্ত ৰোগী ধৰা পৰিছে । এনে পৰিস্থিতিত ভাৰততো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক