--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ ৫০ খন দেশত ত্ৰাসৰ সৃষ্টি কৰা মাংকি পক্স অৱশেষত ভাৰত আহি পালেহি৷কেৰালাত ধৰা পৰিছে মাংকি পক্সত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী৷ আক্ৰান্ত লোক জনে কিছুদিন পূৰ্বে সংযুক্ত আৰব গণৰাজ্যৰ পৰা উভতি আহিছিল৷মাংকি পক্সৰ লক্ষণে দেখা দিয়াত তেওঁৰ যাৱতীয় পৰীক্ষা কৰোৱা হৈছিল আৰু পৰীক্ষাত তেওঁ ৰোগ বিধত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত হয়৷ 

কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে এই কথা প্ৰকাশ কৰিছে। জানিব পৰা মতে আক্ৰান্ত লোক জনে  মঙলবাৰে তিৰুৱন্তপুৰম বিমানবন্দৰত অৱতৰণ কৰিছিল ৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত মাংকি পক্সৰ ঘটনা ধৰা পৰাৰ পিছতে  স্বাস্থ্য বিশেষজ্ঞৰ এটা দল প্ৰেৰণ কৰিছে৷ দলটোত  ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ (এনচিডিচি) বিশেষজ্ঞ আছে।

 চৰকাৰে ৰোগীজনৰ বিষয়ে  কোনো নিৰ্দিষ্ট তথ্য প্ৰকাশ কৰা নাই।  লোক জনক এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ তেজৰ নমুনা ৰাষ্ট্ৰীয় ভাইৰোলজী প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্যকোভিডৰ আতংকৰ মাজতে বিশ্বৰ কেইবাখনো দেশত মাংকি পক্সে নতুন আতংকৰ সৃষ্টি কৰিছে।কালি  দেশৰ প্ৰতি খন ৰাজ্যকে এই সোঁচৰা ৰোগ বিধৰ বিষয়ে সতৰ্ক কৰি দিছিল কেন্দ্ৰই।

কেন্দ্ৰই ৰাজ্যসমূহক  সকলো সন্দেহজনক ঘটনাৰ স্ক্ৰীণিং আৰু পৰীক্ষা নিশ্চিত কৰিবলৈ কৈছে।মাংকি পক্সৰ সংক্ৰমণ ঘটিলে প্ৰয়োজনীয় পৰিস্থিতিত  ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক চিকিৎসালয়সাজু কৰি ৰাখিবলৈ কোৱা হৈছে। 

একেদৰে প্ৰয়োজনীয়  মানৱ সম্পদ আৰু যন্ত্ৰ-পাতি আদিও সাজু কৰি ৰাখিবলৈ কোৱা হৈছে।এখন পত্ৰত কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে এইবুলি কৈছে যে বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ১ জানুৱাৰীৰ পৰা ২২ জুনলৈ, ৫০ খন দেশত পৰা মুঠ ৩,৪১৩ গৰাকী  মাঙ্কিপক্স ৰোগী চিনাক্ত হোৱাৰ লগতে এজন ৰোগীৰ  মৃত্যুৰ খবৰ পোৱা গৈছে। 

ইয়াৰে বেছিভাগ ঘটনা ইউৰোপীয় দেশত ধৰা পৰিছে। ইউৰোপৰ দেশত ৮৬ শতাংশ আৰু আমেৰিকাত ১১ শতাংশ মাংকি পক্সতআক্ৰান্ত ৰোগী ধৰা পৰিছে । এনে পৰিস্থিতিত ভাৰততো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ