--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ লাইফলাইন ভাৰতীয় ৰেলৱেই (Indian Railways) সমগ্ৰ বিশ্বৰ দৰবাৰত ভাৰতৰ মানদণ্ড উন্নীত কৰিছে। দেশৰ গৌৰৱস্বৰূপ এই অনুষ্ঠানটো অত্যাধুনিক ভাৰতীয় অভিযান্ত্ৰিকতাৰ উৎপাদন। ইংৰাজে আৰম্ভ কৰিছিল যদিও তাৰ পিছত ভাৰতীয়সকলে এই অনুষ্ঠানটোক আগুৱাই লৈ গৈছিল। ভাৰতীয় ৰে’লৱেই দেশৰ জনসাধাৰণৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ ক্ষেত্ৰত আগশাৰীৰ।

ভাৰতীয় ৰে’লৱেৰ উদাৰবাদী মানসিকতা দেখিবলৈ পোৱা যায় যেতিয়া কৰ’ণা পৰিস্থিতিত দেশৰ শ্ৰমিকসকলৰ কাষ চাপিবলৈ বিশেষ ৰে’ল চলোৱা হয়। ৰেলৱেৰ এনে এক আচৰিত তথ্য জানিলে সকলো অভিভূত হ'ব।

দেশত চলি আছে কিছুমান বিশেষ ৰে’ল, যিবোৰৰ বিষয়ে আপুনি হয়তো আগতে নাজানিছিল। আটাইতকৈ দীঘল মালবাহী ৰে’লখন চাৰিখন ৰে’লেই সংযোগ কৰি চলায়। লগতে এনাকণ্ডা নামৰ এখন ৰে’ল চলোৱা হৈছিল যিয়ে তিনিখন ৰে’ল একেলগে সংযোগ কৰে। বৰ্তমান ভাৰতৰ ভিতৰতে আটাইতকৈ দীঘল মালবাহী ৰে’ল হিচাপে অভিলেখ গঢ়িছে বাসুকি নামৰ এখন বিশেষ ৰেলে।

বাসুকি হৈছে ২৯৫ টা ডবা থকা এখন সামগ্ৰী কঢ়িওৱা  ৰেল। দৈৰ্ঘ্যত প্ৰায় ৩.৫ কিলোমিটাৰ! এই বৃহৎ মালবাহী ৰে’লখন চলাবলৈ ৫ খন ইঞ্জিন আছে। ৰায়পুৰ ৰেল সংমণ্ডলৰ ভিলাইৰ পৰা বিলাসপুৰ ৰেল সংমণ্ডলৰ কোৰবালৈ মালবাহী ৰেলখন চলি আছে। কিন্তু কেৱল ভাৰততে নহয়, বাসুকিক বিশ্বৰ আটাইতকৈ দীঘল মালবাহী ৰে’ল হিচাপে গণ্য কৰা হয়।

উল্লেখযোগ্য যে ৰেলৱেই এই সামগ্ৰী ৰেলখন চলাবলৈ সুকীয়া ৰেলপথ প্ৰস্তুত কৰিছে। দৰাচলতে ক্ষমতালৈ অহাৰ পাছত নৰেন্দ্ৰ মোদীয়ে উপলব্ধি কৰিছিল যে দেশত সামগ্ৰী পৰিবহণ উন্নত কৰিবলৈ হ’লে ইয়াৰ বাবে এটা সুকীয়া ৰে’লপথ সৃষ্টি কৰিব লাগিব৷ ইয়াৰ বাবে তেওঁ মালবাহী কৰিডৰ উদ্বোধন কৰে। আৰু এই বিশেষ ৰেলখন এই পথতে চলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ