--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ লাইফলাইন ভাৰতীয় ৰেলৱেই (Indian Railways) সমগ্ৰ বিশ্বৰ দৰবাৰত ভাৰতৰ মানদণ্ড উন্নীত কৰিছে। দেশৰ গৌৰৱস্বৰূপ এই অনুষ্ঠানটো অত্যাধুনিক ভাৰতীয় অভিযান্ত্ৰিকতাৰ উৎপাদন। ইংৰাজে আৰম্ভ কৰিছিল যদিও তাৰ পিছত ভাৰতীয়সকলে এই অনুষ্ঠানটোক আগুৱাই লৈ গৈছিল। ভাৰতীয় ৰে’লৱেই দেশৰ জনসাধাৰণৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ ক্ষেত্ৰত আগশাৰীৰ।

ভাৰতীয় ৰে’লৱেৰ উদাৰবাদী মানসিকতা দেখিবলৈ পোৱা যায় যেতিয়া কৰ’ণা পৰিস্থিতিত দেশৰ শ্ৰমিকসকলৰ কাষ চাপিবলৈ বিশেষ ৰে’ল চলোৱা হয়। ৰেলৱেৰ এনে এক আচৰিত তথ্য জানিলে সকলো অভিভূত হ'ব।

দেশত চলি আছে কিছুমান বিশেষ ৰে’ল, যিবোৰৰ বিষয়ে আপুনি হয়তো আগতে নাজানিছিল। আটাইতকৈ দীঘল মালবাহী ৰে’লখন চাৰিখন ৰে’লেই সংযোগ কৰি চলায়। লগতে এনাকণ্ডা নামৰ এখন ৰে’ল চলোৱা হৈছিল যিয়ে তিনিখন ৰে’ল একেলগে সংযোগ কৰে। বৰ্তমান ভাৰতৰ ভিতৰতে আটাইতকৈ দীঘল মালবাহী ৰে’ল হিচাপে অভিলেখ গঢ়িছে বাসুকি নামৰ এখন বিশেষ ৰেলে।

বাসুকি হৈছে ২৯৫ টা ডবা থকা এখন সামগ্ৰী কঢ়িওৱা  ৰেল। দৈৰ্ঘ্যত প্ৰায় ৩.৫ কিলোমিটাৰ! এই বৃহৎ মালবাহী ৰে’লখন চলাবলৈ ৫ খন ইঞ্জিন আছে। ৰায়পুৰ ৰেল সংমণ্ডলৰ ভিলাইৰ পৰা বিলাসপুৰ ৰেল সংমণ্ডলৰ কোৰবালৈ মালবাহী ৰেলখন চলি আছে। কিন্তু কেৱল ভাৰততে নহয়, বাসুকিক বিশ্বৰ আটাইতকৈ দীঘল মালবাহী ৰে’ল হিচাপে গণ্য কৰা হয়।

উল্লেখযোগ্য যে ৰেলৱেই এই সামগ্ৰী ৰেলখন চলাবলৈ সুকীয়া ৰেলপথ প্ৰস্তুত কৰিছে। দৰাচলতে ক্ষমতালৈ অহাৰ পাছত নৰেন্দ্ৰ মোদীয়ে উপলব্ধি কৰিছিল যে দেশত সামগ্ৰী পৰিবহণ উন্নত কৰিবলৈ হ’লে ইয়াৰ বাবে এটা সুকীয়া ৰে’লপথ সৃষ্টি কৰিব লাগিব৷ ইয়াৰ বাবে তেওঁ মালবাহী কৰিডৰ উদ্বোধন কৰে। আৰু এই বিশেষ ৰেলখন এই পথতে চলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু