--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত চৰকাৰী ভাষা সমিতিৰ এখন বৈঠকত উত্তৰ-পূৰ্বাঞ্চলত দশম শ্ৰেণীলৈ ইংৰাজীৰ বিকল্প হিচাপে হিন্দী শিক্ষাক বাধ্যতামূলক কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ লগতে, ভাৰতৰ ৰাজ্যসমূহৰ মাজত যোগাযোগৰ মাধ্যম আৰু চৰকাৰী ভাষা হিচাপে হিন্দী ভাষা প্ৰৱৰ্তন কৰা উচিত বুলি গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰিছিল৷

এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ মন্তব্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ চৰকাৰী ভাষা সমিতিৰ বৈঠকৰ সিদ্ধান্তৰ পাছতে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ 

তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডিএমকেৰ সভাপতি এম কে ষ্টেলিনে কয় যে, কেন্দ্ৰৰ বিজেপি চৰকাৰে ভাৰতৰ বহুত্ববাদী পৰিচয় ধ্বংস কৰাৰ দিশত নিৰন্তৰ কাম কৰি আছে, আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ ‘হিন্দী ৰাজ্যসমূহৰ মাজত যোগাযোগৰ ভাষা হ’ব লাগে’ বুলি কৰা মন্তব্য ভাৰতৰ ঐক্য ধ্বংস কৰাৰ এক প্ৰয়াস। ষ্টেলিনে ৱগতে কয়, অমিত শ্বাহে বিশ্বাস কৰে নেকি যে কেৱল হিন্দী ভাষী ৰাজ্যই যথেষ্ট আৰু ভাৰতীয় ৰাজ্যসমূহৰ প্ৰয়োজন নাই? একতাৰ বাবে এটা ভাষা ব্যৱহাৰ কৰা নহ’ব। একক পৰিচয়ে একতা সৃষ্টি নকৰিব৷’

হিন্দী ভাষা জাপি দিব খোজা কাৰ্যৰ বিৰোধিতা কৰি কেইটামান টুইটযোগে ষ্টেলিনে সতৰ্ক কৰি দি কয় যে, আপুনি বাৰে বাৰে একেটা ভুল কৰি আছে। কিন্তু আপুনি জিকিব নোৱাৰিব।

তামিলনাডু কংগ্ৰেছ কমিটিৰ সভাপতি কে.এছ. আলাগিৰিয়েও সতৰ্ক কৰি দিছিল যে যদি কেন্দ্ৰীয় চৰকাৰে অ-হিন্দী ভাষী ৰাজ্যসমূহৰ ওপৰত হিন্দী জাপি দিবলৈ চেষ্টা কৰে, তেন্তে তেওঁলোকে প্ৰতিবাদ আৰম্ভ কৰিব। তেওঁ কৈছিল যে শ্বাহৰ বক্তব্য সংবিধান আৰু চৰকাৰী ভাষা আইনবিৰুদ্ধ। আলাগিৰিয়ে এক বিবৃতিত কয় যে বিগত আঠ বছৰত বিজেপিয়ে নিৰ্বাচনী লাভালাভৰ বাবে ধৰ্মীয় ভিত্তিত মানুহৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰি আহিছে। এয়া ভাৰতৰ একতা আৰু ‘ফেডাৰেলিজম’ৰ বিৰুদ্ধ৷  এতিয়া, বিজেপি চৰকাৰে ভাষিক ভিত্তিত মানুহক বিভাজন কৰিবলৈ চেষ্টা কৰি আছে বুলি তেওঁ মন্তব্য কৰে৷

কংগ্ৰেছ নেতাজনে লগতে কয় যে, শ্বাহৰ এই মন্তব্যই অ-হিন্দী ভাষী ৰাজ্যসমূহৰ নাগৰিকসকলৰ মাজত যথেষ্ট ক্ষোভ আৰু উদ্বেগৰ সৃষ্টি কৰিছে। তেওঁ কয় যে, ১৯৬৭ চনত চৰকাৰী ভাষা আইনৰ সংশোধনীয়ে স্পষ্ট কৰি দিছিল যে অ-হিন্দী ভাষী ৰাজ্যসমূহৰ মাজত যোগাযোগৰ ভাষা ইংৰাজী হ’ব লাগিব, আৰু সেই কথাই নিশ্চিত কৰে যে কোনো ৰাজ্যৰ ওপৰত হিন্দী আৰোপ কৰিব পৰা নাযাব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ