--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত চৰকাৰী ভাষা সমিতিৰ এখন বৈঠকত উত্তৰ-পূৰ্বাঞ্চলত দশম শ্ৰেণীলৈ ইংৰাজীৰ বিকল্প হিচাপে হিন্দী শিক্ষাক বাধ্যতামূলক কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ লগতে, ভাৰতৰ ৰাজ্যসমূহৰ মাজত যোগাযোগৰ মাধ্যম আৰু চৰকাৰী ভাষা হিচাপে হিন্দী ভাষা প্ৰৱৰ্তন কৰা উচিত বুলি গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰিছিল৷

এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ মন্তব্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ চৰকাৰী ভাষা সমিতিৰ বৈঠকৰ সিদ্ধান্তৰ পাছতে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ 

তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডিএমকেৰ সভাপতি এম কে ষ্টেলিনে কয় যে, কেন্দ্ৰৰ বিজেপি চৰকাৰে ভাৰতৰ বহুত্ববাদী পৰিচয় ধ্বংস কৰাৰ দিশত নিৰন্তৰ কাম কৰি আছে, আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ ‘হিন্দী ৰাজ্যসমূহৰ মাজত যোগাযোগৰ ভাষা হ’ব লাগে’ বুলি কৰা মন্তব্য ভাৰতৰ ঐক্য ধ্বংস কৰাৰ এক প্ৰয়াস। ষ্টেলিনে ৱগতে কয়, অমিত শ্বাহে বিশ্বাস কৰে নেকি যে কেৱল হিন্দী ভাষী ৰাজ্যই যথেষ্ট আৰু ভাৰতীয় ৰাজ্যসমূহৰ প্ৰয়োজন নাই? একতাৰ বাবে এটা ভাষা ব্যৱহাৰ কৰা নহ’ব। একক পৰিচয়ে একতা সৃষ্টি নকৰিব৷’

হিন্দী ভাষা জাপি দিব খোজা কাৰ্যৰ বিৰোধিতা কৰি কেইটামান টুইটযোগে ষ্টেলিনে সতৰ্ক কৰি দি কয় যে, আপুনি বাৰে বাৰে একেটা ভুল কৰি আছে। কিন্তু আপুনি জিকিব নোৱাৰিব।

তামিলনাডু কংগ্ৰেছ কমিটিৰ সভাপতি কে.এছ. আলাগিৰিয়েও সতৰ্ক কৰি দিছিল যে যদি কেন্দ্ৰীয় চৰকাৰে অ-হিন্দী ভাষী ৰাজ্যসমূহৰ ওপৰত হিন্দী জাপি দিবলৈ চেষ্টা কৰে, তেন্তে তেওঁলোকে প্ৰতিবাদ আৰম্ভ কৰিব। তেওঁ কৈছিল যে শ্বাহৰ বক্তব্য সংবিধান আৰু চৰকাৰী ভাষা আইনবিৰুদ্ধ। আলাগিৰিয়ে এক বিবৃতিত কয় যে বিগত আঠ বছৰত বিজেপিয়ে নিৰ্বাচনী লাভালাভৰ বাবে ধৰ্মীয় ভিত্তিত মানুহৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰি আহিছে। এয়া ভাৰতৰ একতা আৰু ‘ফেডাৰেলিজম’ৰ বিৰুদ্ধ৷  এতিয়া, বিজেপি চৰকাৰে ভাষিক ভিত্তিত মানুহক বিভাজন কৰিবলৈ চেষ্টা কৰি আছে বুলি তেওঁ মন্তব্য কৰে৷

কংগ্ৰেছ নেতাজনে লগতে কয় যে, শ্বাহৰ এই মন্তব্যই অ-হিন্দী ভাষী ৰাজ্যসমূহৰ নাগৰিকসকলৰ মাজত যথেষ্ট ক্ষোভ আৰু উদ্বেগৰ সৃষ্টি কৰিছে। তেওঁ কয় যে, ১৯৬৭ চনত চৰকাৰী ভাষা আইনৰ সংশোধনীয়ে স্পষ্ট কৰি দিছিল যে অ-হিন্দী ভাষী ৰাজ্যসমূহৰ মাজত যোগাযোগৰ ভাষা ইংৰাজী হ’ব লাগিব, আৰু সেই কথাই নিশ্চিত কৰে যে কোনো ৰাজ্যৰ ওপৰত হিন্দী আৰোপ কৰিব পৰা নাযাব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন