--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংৰাজী নহয়, বিভিন্ন ৰাজ্যৰ মানুহে তেওঁলোকৰ মাজত কথোপকথনৰ সময়ত হিন্দী ভাষা ব্যৱহাৰ কৰা উচিত। হিন্দী ভাষাকে ইংৰাজী ভাষাৰ বিকল্প হিচাপে গ্ৰহণ কৰিব লাগিব। বৃহস্পতিবাৰে চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতিৰ এখন বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহে এই কথা সদৰী কৰিছে। তেওঁ কয়, ‘দেশৰ সংহতি সুৰক্ষিত কৰিবলৈ হ’লে হিন্দী ভাষাক গুৰুত্ব দিবই লাগিব।’

বৃহস্পতিবাৰে চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতিৰ বৈঠকত অমিত শ্বাহে কয়, ‘দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সঠিক সিদ্ধান্তই লৈছে। চৰকাৰী কাম কাজত চৰকাৰী ভাষাৰ ব্যৱহাৰ হোৱাটো উচিত। এই সিদ্ধান্তই নিশ্চিতভাৱে হিন্দী ভাষাৰ গুৰুত্ব বৃদ্ধিত সহায় কৰিব। দেশৰ সংহতি সুৰক্ষিত কৰিবলৈ চৰকাৰী ভাষা ব্যৱহাৰ কৰাৰ সময় আহি পৰিছে।’ অমিত শ্বাহে লগতে কয়, ‘যেতিয়া দুটা ভিন্ন ভাষাৰ চৰকাৰী কৰ্মচাৰীয়ে নিজৰ মাজত কথা কয়, তেতিয়া তেওঁলোকৰ ভাষা হ’ব লাগিব হিন্দী ,ইংৰাজী নহয়।’

সংবিধান অনুসৰি, ভাৰতত ২২ টা চৰকাৰী ভাষা আছে। ইয়াৰ ভিতৰত কেৱল হিন্দী আৰু ইংৰাজী হৈছে কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কাম কাজত ব্যৱহাৰ কৰা দুটা ভাষা। গৃহ মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, চৰকাৰী কামৰ কমেও ৭০ শতাংশ এতিয়া হিন্দীতে কৰা হয়। অনাগত সময়ত এই শতাংশ আৰু বৃদ্ধি কৰিব বিচাৰে গৃহমন্ত্ৰীয়ে । গৃহমন্ত্ৰীৰ স্পষ্টমত, ‘ইংৰাজীৰ বাবে হিন্দীয়েই  একমাত্ৰ বিকল্প ভাষা হ'ব পাৰে। আন কোনো স্থানীয় ভাষা নহয়।’

মন কৰিবলগীয়া যে, অমিত শ্বাহে দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ত হিন্দী ভাষাটোৰ গুৰুত্বৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয়, ‘ চৰকাৰী কৰ্মচাৰী আৰু দেশৰ যুৱ প্ৰজন্মৰ মাজত হিন্দীৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব লাগিব। কাৰণ কেৱল হিন্দী ভাষাইহে ভাৰতীয়সকলৰ সংস্কৃতি আৰু মূল্যবোধ অক্ষুণ্ণ ৰাখিব পাৰে।’  কেৱল সেয়াই নহয়, নৱম শ্ৰেণীলৈকে সকলো শিক্ষাৰ্থীক প্ৰাথমিক হিন্দী শিক্ষা দিয়াৰো পোষকতা গৃহমন্ত্ৰীগৰাকীৰ। বৃহস্পতিবাৰে সংসদীয় সমিতিৰ এখন বৈঠকত তেওঁ নৱম শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলৰ বাবে হিন্দী শিক্ষাৰ বাবে এক শক্তিশালী প্ৰচেষ্টাও গ্ৰহণ কৰিব বুলিও জনাইছে। অমিত শ্বাহৰ এনে মন্তব্যৰ পাছতে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে, অ-হিন্দীভাষী ৰাজ্যসমূহৰ ওপৰত পোনপটীয়াকৈ হিন্দী ভাষা জাপি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে নেকি কেন্দ্ৰৰ বিজেপি চৰকাৰে? বিষয়টোক লৈ এতিয়া সৰব হৈ পৰা দেখা গৈছে দেশৰ সচেতন নাগৰিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম