--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংৰাজী নহয়, বিভিন্ন ৰাজ্যৰ মানুহে তেওঁলোকৰ মাজত কথোপকথনৰ সময়ত হিন্দী ভাষা ব্যৱহাৰ কৰা উচিত। হিন্দী ভাষাকে ইংৰাজী ভাষাৰ বিকল্প হিচাপে গ্ৰহণ কৰিব লাগিব। বৃহস্পতিবাৰে চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতিৰ এখন বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহে এই কথা সদৰী কৰিছে। তেওঁ কয়, ‘দেশৰ সংহতি সুৰক্ষিত কৰিবলৈ হ’লে হিন্দী ভাষাক গুৰুত্ব দিবই লাগিব।’

বৃহস্পতিবাৰে চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতিৰ বৈঠকত অমিত শ্বাহে কয়, ‘দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সঠিক সিদ্ধান্তই লৈছে। চৰকাৰী কাম কাজত চৰকাৰী ভাষাৰ ব্যৱহাৰ হোৱাটো উচিত। এই সিদ্ধান্তই নিশ্চিতভাৱে হিন্দী ভাষাৰ গুৰুত্ব বৃদ্ধিত সহায় কৰিব। দেশৰ সংহতি সুৰক্ষিত কৰিবলৈ চৰকাৰী ভাষা ব্যৱহাৰ কৰাৰ সময় আহি পৰিছে।’ অমিত শ্বাহে লগতে কয়, ‘যেতিয়া দুটা ভিন্ন ভাষাৰ চৰকাৰী কৰ্মচাৰীয়ে নিজৰ মাজত কথা কয়, তেতিয়া তেওঁলোকৰ ভাষা হ’ব লাগিব হিন্দী ,ইংৰাজী নহয়।’

সংবিধান অনুসৰি, ভাৰতত ২২ টা চৰকাৰী ভাষা আছে। ইয়াৰ ভিতৰত কেৱল হিন্দী আৰু ইংৰাজী হৈছে কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কাম কাজত ব্যৱহাৰ কৰা দুটা ভাষা। গৃহ মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, চৰকাৰী কামৰ কমেও ৭০ শতাংশ এতিয়া হিন্দীতে কৰা হয়। অনাগত সময়ত এই শতাংশ আৰু বৃদ্ধি কৰিব বিচাৰে গৃহমন্ত্ৰীয়ে । গৃহমন্ত্ৰীৰ স্পষ্টমত, ‘ইংৰাজীৰ বাবে হিন্দীয়েই  একমাত্ৰ বিকল্প ভাষা হ'ব পাৰে। আন কোনো স্থানীয় ভাষা নহয়।’

মন কৰিবলগীয়া যে, অমিত শ্বাহে দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ত হিন্দী ভাষাটোৰ গুৰুত্বৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয়, ‘ চৰকাৰী কৰ্মচাৰী আৰু দেশৰ যুৱ প্ৰজন্মৰ মাজত হিন্দীৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব লাগিব। কাৰণ কেৱল হিন্দী ভাষাইহে ভাৰতীয়সকলৰ সংস্কৃতি আৰু মূল্যবোধ অক্ষুণ্ণ ৰাখিব পাৰে।’  কেৱল সেয়াই নহয়, নৱম শ্ৰেণীলৈকে সকলো শিক্ষাৰ্থীক প্ৰাথমিক হিন্দী শিক্ষা দিয়াৰো পোষকতা গৃহমন্ত্ৰীগৰাকীৰ। বৃহস্পতিবাৰে সংসদীয় সমিতিৰ এখন বৈঠকত তেওঁ নৱম শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলৰ বাবে হিন্দী শিক্ষাৰ বাবে এক শক্তিশালী প্ৰচেষ্টাও গ্ৰহণ কৰিব বুলিও জনাইছে। অমিত শ্বাহৰ এনে মন্তব্যৰ পাছতে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে, অ-হিন্দীভাষী ৰাজ্যসমূহৰ ওপৰত পোনপটীয়াকৈ হিন্দী ভাষা জাপি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে নেকি কেন্দ্ৰৰ বিজেপি চৰকাৰে? বিষয়টোক লৈ এতিয়া সৰব হৈ পৰা দেখা গৈছে দেশৰ সচেতন নাগৰিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ